আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন চমুকৈ ফিফাই আনুষ্ঠানিকভাৱে ২০৩১ আৰু ২০৩৫ চনৰ মহিলা বিশ্বকাপ ফুটবলৰ আয়োজক দেশসমূহৰ নাম ঘোষণা কৰে। সোমবাৰে অনুষ্ঠিত ফিফাৰ এক বিশেষ অধিৱেশনত ২০৩১ চনৰ বিশ্বকাপৰ বাবে চাৰিখন দেশৰ ঐতিহাসিক যুটীয়া প্ৰস্তাৱত অনুমোদন জনোৱাৰ লগতে ২০৩৫ চনৰ বিশ্বকাপ আয়োজনৰ দায়িত্ব ইউনাইটেড কিংডমক অৰ্পণ কৰা হয়। মহিলা ফুটবলৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই সিদ্ধান্তক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, কোষ্টা ৰিকা আৰু জামাইকাই যুটীয়াভাৱে ২০৩১ চনৰ মহিলা বিশ্বকাপ আয়োজন কৰিব। চাৰিখন দেশে একেলগে মহিলা বিশ্বকাপ আয়োজন কৰা এয়াই প্ৰথম ঘটনা হ’ব। ইফালে, ইংলেণ্ড, উত্তৰ আয়াৰলেণ্ড, স্কটলেণ্ড আৰু ৱেলছক ২০৩৫ চনৰ মহিলা বিশ্বকাপৰ আয়োজক হিচাপে নিশ্চিত কৰা হৈছে। ইউনাইটেড কিংডমত অনুষ্ঠিত হ’বলগীয়া এয়াই প্ৰথমখন মহিলা বিশ্বকাপ হ’ব।
২০৩১ চনৰ সংস্কৰণত প্ৰথমবাৰৰ বাবে ৩২ টাৰ পৰিৱৰ্তে মুঠ ৪৮ টা দলে অংশগ্ৰহণ কৰিব। সোমবাৰে ফিফাৰ বিশেষ অধিৱেশনত দুয়োটা প্ৰস্তাৱেই বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু সৰ্বসন্মতিক্ৰমে গৃহীত হয়। উল্লেখযোগ্য যে ফিফাই ২০৩১ চনৰ প্ৰতিযোগিতাখন আয়োজনৰ যোগ্যতা কেৱল আফ্ৰিকা আৰু কনকাকাফ অঞ্চলৰ সদস্য দেশসমূহৰ মাজত সীমাবদ্ধ ৰাখিছিল। আনহাতে, ২০৩৫ চনৰ বাবে আফ্ৰিকা আৰু ইউৰোপৰ দেশসমূহকহে প্ৰস্তাৱ আগবঢ়োৱাৰ সুযোগ দিয়া হৈছিল। ১৯৯৯ আৰু ২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ২০১৫ চনত কানাডাই আয়োজন কৰাৰ পাছত উত্তৰ আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া এইখন তৃতীয়খন মহিলা বিশ্বকাপ হ’ব। এই সন্দৰ্ভত আমেৰিকা ছকাৰৰ সভানেত্ৰী চিণ্ডী পাৰ্লো কোনে কয় যে, ফিফাৰ সৈতে মিলি আমি এখন বিশ্বমানৰ প্ৰতিযোগিতা উপহাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু সমগ্ৰ বিশ্বতে মহিলা ফুটবলৰ বিকাশ ত্বৰান্বিত কৰিবলৈ এই ঐতিহাসিক সুযোগ ব্যৱহাৰ কৰিম।
ইংলিছ ফুটবল এছ’চিয়েচনৰ অধ্যক্ষ ডেবি হিউইটে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমি আমাৰ প্ৰস্তাৱত কোৱাৰ দৰেই এইখন সকলোৰে বিশ্বকাপ হোৱাটো বিচাৰোঁ। আমি একেলগে মহিলা ফুটবলৰ শক্তিক উদযাপন কৰিম, নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিম আৰু বিশ্বৰ প্ৰতিটো কোণৰ অনুৰাগীক একত্ৰিত কৰিম। ২০৩১ চনৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ৪৮ টা দলে অংশ ল’ব আৰু ২০৩৫ চনৰ সংস্কৰণতো একেটা ফৰ্মেট বাহাল থাকিব। এই ফৰ্মেট অনুসৰি দলসমূহক চাৰিটাকৈ মুঠ ১২ টা গ্ৰুপত ভাগ কৰা হ’ব আৰু ইয়াৰ পাছত অন্তিম ৩২ ৰ পৰা নকআউট পৰ্যায়ৰ খেলসমূহ আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে অহা বছৰ অৰ্থাৎ ২০২৭ চনৰ ২৪ জুনৰ পৰা ২৫ জুলাইলৈ ব্ৰাজিলত ১০ সংখ্যক মহিলা বিশ্বকাপ অনুষ্ঠিত হ’ব, যি দক্ষিণ আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মহিলা বিশ্বকাপ হ’ব।
