কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত ম’হ সৰবৰাহকাৰীক খেদি যাওঁতেই বৰাক নদীত নিখোজ বি এছ এফ জোৱান

চোৰাং সৰবৰাহকাৰীৰ কবলৰ পৰা পশুধন উদ্ধাৰ কৰিবলৈ গৈ নদীৰ বুকুত সন্ধানহীন হৈ পৰিল কৰ্তব্যৰত এজন সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱান। কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিশা পহৰা দি থকা অৱস্থাত সন্দেহজনক ম’হ সৰবৰাহকাৰীক বাধা দিবলৈ চেষ্টা চলাওঁতেই বৰাক নদীত বাগৰি পৰি নিখোজ হয় অন্ধ্ৰপ্ৰদেশৰ নিবাসী কে বেণু নামৰ জোৱানজন।

প্ৰাথমিক তথ্য অনুসৰি, কাটিগড়া অঞ্চলৰ হৰিনগৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিশা সতীৰ্থসকলৰ সৈতে কে বেণুৱে পহৰা দি আছিল। তেনে সময়তে এটা চোৰাং সৰবৰাহকাৰী চক্ৰই নদী পথেৰে বাংলাদেশলৈ ম’হ সৰবৰাহৰ চেষ্টা চলোৱাটো জোৱানসকলৰ দৃষ্টিগোচৰ হয়। সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰাৰ লগে লগে বেণুৱে সৰবৰাহকাৰীৰ দলটোক খেদি যায় যদিও দুৰ্ভাগ্যবশতঃ ভৰি পিছলি বৰাক নদীৰ পানীত পৰি নিখোজ হৈ পৰে।

ঘটনাৰ পিছতে নিখোজ জোৱানজনৰ সন্ধানত বৰাক নদীত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ)। বি এছ এফৰ শীৰ্ষ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী দলৰ সৈতে সমন্বয় স্থাপন কৰি তীব্ৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত জোৱানজনৰ কোনো শুংসসূত্ৰ ওলোৱা নাই।

উল্লেখ্য যে চোৰাং সৰবৰাহকে ধৰি আন্তঃসীমান্তীয় অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ কাছাৰ জিলাৰ এই স্পৰ্শকাতৰ সীমান্ত অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *