পেকেটযুক্ত খাদ্য সামগ্ৰীসমূহত অধিক চৰ্বি, চেনি বা নিমখৰ উপস্থিতিৰ বিষয়ে গ্ৰাহকক সজাগ কৰিবলৈ স্পষ্ট চিত্ৰসহ সতৰ্কবাণী লেবেল প্ৰদৰ্শন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণক (FSSAI) নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাত কয় যে খাদ্য সামগ্ৰীৰ পেকেটৰ সন্মুখভাগত পুষ্টিজনিত সতৰ্কবাণী লেবেল কাৰ্যকৰী কৰিব লাগিব। আদালতৰ নিৰ্দেশ অনুসৰি, প্ৰতিটো ষড়ভুজ আকৃতিৰ সতৰ্কবাণী লেবেলত মানক চিত্ৰৰ লগতে স্পষ্টকৈ “অধিক চৰ্বি”, “অধিক চেনি”বা “অধিক নিমখ” বুলি লিখা থাকিব লাগিব। আদালতে স্পষ্ট কৰি দিছে যে এটা সংযুক্ত ষড়ভুজৰ পৰিৱৰ্তে প্ৰতিটো উদ্বেগজনক পুষ্টিকৰ উপাদানৰ বাবে পৃথক পৃথক ষড়ভুজ আকৃতিৰ সতৰ্কবাণী লেবেল থাকিব লাগিব। আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি পেকেটৰ মূল প্ৰদৰ্শন অংশৰ ৪-৫ শতাংশ এলেকা আৱৰি থকাকৈ এই লেবেলসমূহ যথেষ্ট স্পষ্ট আৰু পঢ়িব পৰা হ’ব লাগিব।
উচ্চতম ন্যায়ালয়ে কয় যে প্ৰতিটো পুষ্টিকৰ উপাদানৰ সীমা বৈজ্ঞানিকভাৱে নিৰ্ধাৰণ কৰিব লাগিব আৰু ইয়াক অতি বেছি বা অতি কমকৈ নিৰ্ধাৰণ কৰা উচিত নহয়। চেনি আৰু চৰ্বিৰ ক্ষেত্ৰত অতিৰিক্তভাৱে যোগ কৰা পৰিমাণৰ পৰিৱৰ্তে মুঠ পৰিমাণৰ ওপৰত ভিত্তি কৰি এই সীমা গণনা কৰিব লাগিব। লেবেলিং সম্পৰ্কীয় এই নিয়মসমূহ চূড়ান্ত কৰিবলৈ আদালতে FSSAI-ক চাৰি মাহৰ সময়সীমা বান্ধি দিছে। ইয়াৰ উপৰি, আদালতে কেন্দ্ৰীয় চৰকাৰক বৰ্তমানৰ খাদ্য সুৰক্ষা আৰু মানক (লেবেলিং আৰু প্ৰদৰ্শন) নিয়মাৱলী, ২০২০ কঠোৰভাৱে বলবৎ কৰিবলৈ আহ্বান জনায়। লগতে শিশুসকলৰ মাজত পুষ্টিজনিত সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰম উন্নীত কৰিবলৈ আৰু কৰ্মশালা তথা বিভিন্ন কাৰ্যসূচীৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ‘থ্ৰী-এছ এণ্ড আৱাৰ হেল্থ ছ’চাইটি’ নামৰ সংস্থাটোৱে পেকেটযুক্ত খাদ্য সামগ্ৰীত সতৰ্কবাণী লেবেল প্ৰদৰ্শনৰ দাবী জনাই দাখিল কৰা এক জনস্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশনা জাৰি কৰে।
যোৱা ২৮ ছেপ্টেম্বৰত আদালতে এই গোচৰৰ ৰায়দান সংৰক্ষিত ৰাখিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে অধিক চৰ্বি, চেনি আৰু নিমখযুক্ত খাদ্যৰ সতৰ্কবাণী লেবেলৰ ক্ষেত্ৰত FSSAI-ৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। মেদবহুলতাই এক জনস্বাস্থ্য সংকটৰ ৰূপ লোৱাৰ সময়তো আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰণ নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ বিৰোধিতা কৰি আদালতে কৈছিল যে ভাৰতে এই ক্ষেত্ৰত পিছপৰি থাকিব নেকি? আদালতৰ হস্তক্ষেপৰ পিছত FSSAI-এ প্ৰথমে দুটা বা ততোধিক নিৰ্দিষ্ট পুষ্টিকৰ উপাদান অধিক থকা সামগ্ৰী আৰু পৰৱৰ্তী সময়ত যিকোনো এটা উপাদান অধিক থকা সামগ্ৰীৰ বাবে দুটা পৰ্যায়ত সতৰ্কবাণী ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছিল।
