ভাৰতৰ পৰৱৰ্তী শ্বেত বিপ্লৱক আগুৱাই নিবলৈ পুষ্টিনিৰ্ভৰ বিকাশৰ পোষকতা গডৰেজ এগ্ৰ’ভেটৰ

ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে গড্ৰেজ এগ্ৰ’ভেটে সদৰি কৰিছে যে ভাৰতৰ দুগ্ধ খণ্ডই কেৱল গাখীৰ উৎপাদন বৃদ্ধিৰ পৰিৱৰ্তে বৈজ্ঞানিক পুষ্টি, উন্নত পশুখাদ্যৰ উপলব্ধতা আৰু পশুৰ উন্নত স্বাস্থ্যৰ জৰিয়তে প্ৰতিটো পশুৰ উৎপাদনশীলতা বৃদ্ধি কৰাত গুৰুত্ব দিব লাগিব।

বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী দেশ ভাৰতত ২০২৪–২৫ বৰ্ষত ২৪৭.৮৭ নিযুত টন দুগ্ধ উৎপাদন কৰিবলৈ সক্ষম হৈছিল। গড্ৰেজ এগ্ৰ’ভেটৰ পশু পুষ্টি ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া কেপ্তেইন ড০ এ. ৱাই. ৰাজেন্দ্ৰই কয় যে, জিনীয় বৈশিষ্ট্যই এটা পশুৰ গাখীৰ উৎপাদনৰ সামৰ্থ্য নিৰ্ধাৰণ কৰে যদিও সেই ক্ষমতা সম্পূৰ্ণৰূপে বিকশিত কৰিবলৈ সঠিক পুষ্টি অপৰিহাৰ্য। ৰাজেন্দ্ৰই বহনক্ষম দুগ্ধপালনৰ বাবে জীৱনচক্ৰভিত্তিক খাদ্য যোগান আৰু স্থানীয়ভাৱে উপযোগী প্ৰজাতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাজেন্দ্ৰই দামুৰি বা পোৱালিৰ জীৱনৰ প্ৰথম ৫–১৪ মাহৰ ভিতৰত পুষ্টিৰ গুৰুত্বৰ কথা উল্লেখ কৰে আৰু কয় যে পৰ্যাপ্ত খাদ্যই ২৪–২৬ মাহৰ ভিতৰত প্ৰজনন আৰু প্ৰথম পোৱালি জন্ম দিয়াত সহায় কৰিব পাৰে। ৰাজেন্দ্ৰই লগতে গাখীৰ নিদিয়া সময়ছোৱা(ড্ৰাই পিৰিয়ড)ত পশুৰ পুষ্টিৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে, বিশেষকৈ যিহেতু গৰ্ভধাৰণৰ অন্তিম তিনিমাহত ভ্ৰূণৰ প্ৰায় ৭০% বৃদ্ধি ঘটে।

কোম্পানীটোৱে উল্লেখ কৰিছে যে প্ৰতি ৪জন গো-পালকৰ ভিতৰত প্ৰায় ৩জনেই খাদ্য আৰু ঘাঁহ-পশুখাদ্যৰ তীব্ৰ সমস্যাৰ সন্মুখীন হয়, আনহাতে দুগ্ধজাত পশু পালনৰ মুঠ ব্যয়ৰ ৬০–৭০% কেৱল খাদ্যৰ নামতেই খৰচ হয়। জলবায়ু পৰিৱৰ্তন আৰু পানীৰ উপলব্ধতাই পশুধন ব্যৱস্থাপনাক অধিক জটিল কৰি তুলিছে।

অসমত উন্নত পশু পুষ্টি আৰু বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা পশুখাদ্যই দুগ্ধপালকসকলক উৎপাদনশীলতা বৃদ্ধি কৰা, বৰ্ধিত উৎপাদন ব্যয় নিয়ন্ত্ৰণ কৰা আৰু দুগ্ধপামৰ লাভজনকতা শক্তিশালী কৰাত সহায় কৰিব পাৰে। অঞ্চলটোৰ বৰ্ধিত দুগ্ধ পৰিৱেশ তন্ত্ৰক সহায় কৰাৰ বাবে উন্নত মানদণ্ডৰ পশুখাদ্যৰ সহজলভ্যতা আৰু কৃষকৰ সজাগতা অতি গুৰুত্বপূৰ্ণ হ’ব।

গড্ৰেজ এগ্ৰ’ভেটে ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত বিশেষভাৱে ক্ষুদ্ৰ দুগ্ধপালকসকলৰ বাবে সুষম পুষ্টি, উন্নত মানদণ্ডৰ পশুখাদ্য আৰু বৈজ্ঞানিক খাদ্য পদ্ধতিৰ অধিক প্ৰসাৰৰ আহ্বান জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *