মণিপুৰত বিষাক্ত সুৰাপান কৰি ১১ জনৰ মৃ*ত্যু, ১৮০ জনতকৈও অধিক চিকিৎসালয়ত ভৰ্তি

বৃহস্পতিবাৰ আৰু শুকুৰবাৰে মণিপুৰৰ চান্দেল জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত ১১ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও অসুস্থ হৈ পৰা ১৮০ জনতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।, মৃত্যু হোৱা লোকসকল ৩২ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ পুৰুষ আছিল। চান্দেলৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰে জানিবলৈ দিয়া মতে, এই সুৰাখিনি চুবুৰীয়া কাকচিং জিলাৰ চুগনুৰ পৰা ক্ৰয় কৰা হৈছিল।

চান্দেলৰ এই মৃত্যুৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কাকচিং জিলা প্ৰশাসনে ৰাইজক স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা বা সন্দেহজনক উৎসৰ পৰা অহা যিকোনো নিচাজাতীয় পানীয় সেৱন কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। সুৰাপান কৰাৰ পিছত বমি, পেটৰ বিষ, মূৰ ঘূৰোৱা আৰু দৃষ্টিশক্তি ধূসৰ হোৱাৰ দৰে লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ প্ৰশাসনে আহ্বান জনাইছে।

ইফালে, মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিঙে শুকুৰবাৰে এই ঘটনাৰ সৈতে জড়িত দোষীসকলক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে আৰু ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী সিঙে ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ দুখন চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *