ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টে নিজৰ কেৰিয়াৰত আন এক নতুন মাইলৰ খুঁটি সংযোজন কৰিছে। বিদেশৰ মাটিত অনুষ্ঠিত হোৱা টেষ্ট মেচত এজন নিৰ্ধাৰিত উইকেটকীপাৰ-বেটাৰ হিচাপে সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ বিশ্ব অভিলেখ গঢ়িছে পণ্টে। ৱেলিংটনত নিউজিলেণ্ড আৰু ভাৰতৰ মাজত চলি থকা প্ৰথমখন টেষ্ট মেচত তেওঁ অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ এডাম গিলক্ৰিষ্টৰ অভিলেখ ভংগ কৰে। গিলক্ৰিষ্টৰ এই অভিলেখ অতিক্ৰম কৰিবলৈ পণ্টক মাত্ৰ ২৪ ৰানৰ প্ৰয়োজন আছিল। বেছিন ৰিজাৰ্ভত অনুষ্ঠিত মেচখনৰ তৃতীয় দিনৰ খেলৰ অন্তত তেওঁ ৬২টা বলত অপৰাজিত ৫৫ ৰান সংগ্ৰহ কৰি ক্ৰীজত বৰ্তি আছে। ২০০০ চনৰ পৰা ২০০৬ চনৰ ভিতৰত ৩৮খন বিদেশী টেষ্টত নিৰ্ধাৰিত উইকেটকীপাৰ-বেটাৰ হিচাপে খেলা এডাম গিলক্ৰিষ্টে ৫৮টা ইনিংছত মুঠ ২,৫১২ ৰান সংগ্ৰহ কৰিছিল।
আনহাতে, ঋষভ পণ্টে মাত্ৰ ৩৬খন মেচৰ ৬৩টা ইনিংছতে ২,৫৪৪ তকৈও অধিক ৰান সংগ্ৰহ কৰি গিলক্ৰিষ্টক চেৰ পেলাইছে। ৱেলিংটন টেষ্টৰ পূৰ্বে পণ্ট এই তালিকাত মহেন্দ্ৰ সিং ধোনী আৰু গিলক্ৰিষ্টৰ পাছতেই তৃতীয় স্থানত আছিল। ইনিংছটোৰ আৰম্ভণিতে পণ্টে প্ৰথমে ধোনীৰ (৪৮খন মেচৰ ৮৩টা ইনিংছত ২,৪৯৬ ৰান) অভিলেখ ভংগ কৰে। উল্লেখযোগ্য যে বিদেশৰ মাটিত নিৰ্ধাৰিত উইকেটকীপাৰ-বেটাৰ হিচাপে সৰ্বাধিক শতক (১০টা) অৰ্জন কৰাৰ অভিলেখ এতিয়াও গিলক্ৰিষ্টৰ নামতেই আছে।
আনহাতে, পণ্ট আৰু জিম্বাব’ৱেৰ এণ্ডি ফ্লাৱাৰ ৬টাকৈ শতকেৰে যুটীয়াভাৱে দ্বিতীয় স্থানত আছে।ৱেলিংটন টেষ্টৰ তৃতীয় দিনা পণ্টে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপতো ৩,০০০ ৰানৰ সীমা অতিক্ৰম কৰে। শুভমন গিলৰ পাছত এই কৃতিত্ব অৰ্জন কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় বেটাৰ। তদুপৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৩,০০০ ৰান সংগ্ৰহ কৰা পণ্ট বিশ্বৰ প্ৰথমগৰাকী উইকেটকীপাৰ-বেটাৰ। এই তালিকাত পাকিস্তানৰ মহম্মদ ৰিজৱান আৰু অষ্ট্ৰেলিয়াৰ এলেক্স কেৰী ২,৫০০ তকৈ অধিক ৰানেৰে পণ্টৰ পাছতেই আছে।
