Paromita

1016 Posts
১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, কথমপি প্ৰাণৰক্ষা ১০৪ যাত্ৰীৰ

১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, কথমপি প্ৰাণৰক্ষা ১০৪ যাত্ৰীৰ

১৭ হাজাৰ ফুট উচ্চতাত উৰি থকা অৱস্থাত নামি অহা প্ৰকৃতিৰ তাণ্ডৱৰ ফলত কথমপি প্ৰাণৰক্ষা পৰিল শতাধিক বিমান যাত্ৰী। পাটনাৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰা ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত মাজ আকাশতে প্ৰচণ্ড বজ্ৰপাত পৰাত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় বিমানখনৰ সন্মুখভাগ। পাইলটৰ তাৎক্ষণিক বুদ্ধিমত্তাৰ বাবে লক্ষ্ণৌ বিমানবন্দৰত বিমানখনৰ নিৰাপদ জৰুৰী অৱতৰণ সম্ভৱ হৈ উঠে আৰু কথমপি নিশ্চিত মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে বিমানখনত থকা ১০৪ গৰাকী যাত্ৰী। সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে বিয়লি ৩:১০ বজাত পাটনা বিমানবন্দৰৰ পৰা ১০৪ গৰাকী যাত্ৰী লৈ ইণ্ডিগ’ৰ ‘৬ই৯২৫’ নম্বৰৰ বিমানখনে লক্ষ্ণৌ অভিমুখে উৰা মাৰিছিল। নিৰ্ধাৰিত সময় অনুসৰি বিয়লি ৪:২০ বজাত বিমানখন লক্ষ্ণৌত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু গন্তব্যস্থান পোৱাৰ…
Read More
দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ

দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ

মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হৈ পৰিল এটা চাৰিমহলীয়া আৱাসিক ভৱন! ধ্বংসস্তূপৰ মাজৰ পৰা ভাহি অহা আৰ্তনাদে কঁপাই তুলিলে সমগ্ৰ অঞ্চল। উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী অন্তসত্ত্বা মহিলা আৰু এটি শিশুকে ধৰি তিনিজন লোকৰ কৰুণ মৃত্যু ঘটে। ইফালে, এটি তিনি বছৰীয়া শিশুকে ধৰি কমেও আঠজন লোক গুৰুতৰভাৱে আহত হয়। ধ্বংসস্তূপ আঁতৰোৱাৰ সময়ত ডেৰ বছৰীয়া এটা নিষ্পাপ শিশুৰ ছিন্নমস্তক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই উপস্থিত প্ৰতিজন লোককে শোকস্তব্ধ কৰি তোলে। বুধবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। স্থানীয় সূত্ৰৰ মতে, ইদ্গাহ মাছ বজাৰৰ সমীপত থকা প্ৰায় ২০-২৫ বছৰ পুৰণি আৱাসিক অট্টালিকাটো হঠাতে খহি পৰে। ঘটনাৰ ফলত…
Read More
ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা

ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা

চৰকাৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো চুক্তিভিত্তিক ধন মুকলি কৰাৰ নামত ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লোকনিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা। মঙলবাৰে ডিব্ৰুগড়স্থিত লোকনিৰ্মাণ বিভাগৰ (গৃহ শাখা) অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অতৰ্কিত অভিযান চলাই উৎকোচ গ্ৰহণৰ মুহূৰ্ততে গ্ৰেপ্তাৰ কৰে অভিযন্তা মৃদুল বাগলাৰীক। জানিব পৰা মতে, লাহোৱালৰ মাদৰখাট চাহ বাগিচাত প্ৰায় ১ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষ জগন্নাথ কমিউনিটি হল আৰু এটা দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণৰ তিনিটাকৈ প্ৰকল্পৰ কাম লাভ কৰিছিল ৰাজ শেখৰ হাজৰিকা নামৰ এজন ঠিকাদাৰৰ প্ৰতিষ্ঠানে। নিৰ্ধাৰিত সময়ৰ ভিতৰতে কামসমূহ সম্পূৰ্ণ কৰা হৈছিল যদিও প্ৰকল্পৰ বাকী থকা ধন মুকলিৰ নথিপত্ৰত স্বাক্ষৰ কৰাৰ বাবদ…
Read More
বিৰোধীৰ উত্তাল প্ৰতিবাদ আৰু ইমপিচমেণ্টৰ চৰ্চাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ছত্তীশগড় ভ্ৰমণ বাতিল

বিৰোধীৰ উত্তাল প্ৰতিবাদ আৰু ইমপিচমেণ্টৰ চৰ্চাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ছত্তীশগড় ভ্ৰমণ বাতিল

তীব্ৰ বিতৰ্ক আৰু ৰাজধানীত সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদৰ পিছতে নিজৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ'ল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৭ আৰু ৮ অক্টোবৰত নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰাৰ কথা আছিল যদিও ‘অপৰিহাৰ্য কাৰণ’ দেখুৱাই এই ভ্ৰমণ বাতিল কৰা বুলি ছত্তীশগড়ৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিশ্চিত কৰিছে। ভোটদাতা তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া আৰু প্ৰ-পত্ৰ ৬-ৰ সালসলনিক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধী দলসমূহে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আহিছে। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত আবেদন বিচাৰাধীন হৈ থকাৰ লগতে সংসদত মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে ইমপিচমেণ্ট প্ৰস্তাৱ অনাৰো চৰ্চা চলিছে। ইয়াৰ মাজতে মঙলবাৰে ৰাজধানী দিল্লীত বিৰোধী…
Read More
আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশৰ অভিযোগ; ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰ্মচাৰীৰ

আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশৰ অভিযোগ; ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰ্মচাৰীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে বিৰোধী সাংসদসকলৰ বিৰুদ্ধে আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলি দিল্লী আৰক্ষীক এখন আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে। নিৰ্বাচন আয়োগৰ কাৰ্যালয় অভিমুখে যাত্ৰা কৰাৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘাতৰ পিছতে সংসদ মাৰ্গত অৱস্থিত আকাশবাণীৰ চৌহদত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ সূত্ৰপাত হৈছিল মঙলবাৰে দিনৰ ভাগত। ভোট চুৰিৰ অভিযোগ তুলি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সাংসদসকলে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে ‘ভোট চোৰ, গাদ্দী ছোড়’ ধ্বনি দি আগবাঢ়ি যোৱাৰ সময়তে নিৰ্বাচন আয়োগ আৰু সংসদ ভৱনৰ মধ্যৱৰ্তী নীতি আয়োগৰ কাৰ্যালয়ৰ সমীপত আৰক্ষীয়ে বৃহৎ বেৰিকেড দি সাংসদসকলক বাধা…
Read More
নিৰ্বাচন আয়োগক সমালোচনা কৰি প্ৰাক্তন ন্যায়াধীশসকলৰ ৰোষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

নিৰ্বাচন আয়োগক সমালোচনা কৰি প্ৰাক্তন ন্যায়াধীশসকলৰ ৰোষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

নিৰ্বাচন আয়োগক মুকলিকৈ সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰে প্ৰাক্তন ন্যায়াধীশৰ ৰোষত পৰিল ন্যায়াধীশ উজ্জ্বল ভূঞা। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে সোমবাৰে ন্যায়াধীশ ভূঞাই কৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বিষয় এটাক লৈ এজন কাৰ্যৰত ন্যায়াধীশে ৰাজহুৱা মন্তব্য আগবঢ়োৱাটো ন্যায়িক শিষ্টাচাৰৰ পৰিপন্থী। ভোটদাতা তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ সৰ্বোচ্চ আদালতত শুনানি চলি থকাৰ মাজতে ন্যায়াধীশ ভূঞাই ৰাজহুৱা মঞ্চত প্ৰকাশ কৰা অভিমতক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সংবাদ সংস্থা পিটিআইৰ আগত প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইয়ে কয়, "আদালতত বিবেচনাধীন হৈ থকা কোনো বিষয়ত এনেদৰে মন্তব্য কৰাৰ অনুমতি ন্যায়িক মৰ্যাদাই নিদিয়ে।" একেদৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন…
Read More
ব্ৰিটেইনৰ কেম্ব্ৰিজত উজ্বলিল অসমৰ জীয়াৰী; আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত একমাত্ৰ ভাৰতীয় হিচাপে স্বৰ্ণপদক অৰ্জন কৃতি ধানুকাৰ

ব্ৰিটেইনৰ কেম্ব্ৰিজত উজ্বলিল অসমৰ জীয়াৰী; আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত একমাত্ৰ ভাৰতীয় হিচাপে স্বৰ্ণপদক অৰ্জন কৃতি ধানুকাৰ

ব্ৰিটেইনৰ কেম্ব্ৰিজত অনুষ্ঠিত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত অসাধাৰণ সফলতা অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ কৃতি ধানুকাই। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত চেলৱিন কলেজত অনুষ্ঠিত হৈছিল কেম্ব্ৰিজ ইক’নমিক্স এণ্ড ফাইনেন্স কম্পিটিশ্বনৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড প্ৰতিযোগিতাখন। তাত সোণৰ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিৰল কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয় কৃতি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা এই উচ্চ পৰ্যায়ৰ শৈক্ষিক প্ৰতিযোগিতাখনত ভাৰতৰ পৰা মুঠ ১৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল কৃতি ধানুকা। বিশ্বৰ ৬৬ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ মাজত মাত্ৰ সাতগৰাকী…
Read More
ৰিং এৰি ৰাজপথত অলিম্পিয়ান লাভলীনা বৰগোঁহাই; মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত দিল্লী আৰক্ষীৰ সৈতে দিলে সান্ধ্য টহল

ৰিং এৰি ৰাজপথত অলিম্পিয়ান লাভলীনা বৰগোঁহাই; মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত দিল্লী আৰক্ষীৰ সৈতে দিলে সান্ধ্য টহল

বক্সিঙৰ ৰিঙত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ পিছত এইবাৰ মহিলাৰ সুৰক্ষা আৰু সজাগতাৰ হকে ৰাজপথলৈ ওলাই আহিল অসম কন্যা লাভলীনা বৰগোঁহাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজৌৰী গাৰ্ডেন অঞ্চলত মহিলা আৰক্ষী কৰ্মীসকলৰ সৈতে এক বিশেষ সান্ধ্যকালীন পদযাত্ৰা তথা টহলত অংশ লয় অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে। মহিলাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা আৰু জনসাধাৰণক মহিলা নিৰাপত্তাৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্যেই দিল্লী আৰক্ষীয়ে হাতত লৈছিল এই অভিনৱ পদক্ষেপ। টহলৰ সময়ছোৱাত লাভলীনাই মহিলা আৰক্ষীৰ দলটোৰ সৈতে মিলি বজাৰ এলেকাৰ ব্যৱসায়ী, স্থানীয় বাসিন্দা তথা সাধাৰণ মহিলাসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে। ৰাজহুৱা স্থানসমূহত মহিলাৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰক্ষীৰ এনে প্ৰচেষ্টাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি লাভলীনাই সকলোকে…
Read More
ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

দক্ষিণ এছিয়াৰ শক্তি খণ্ডক অধিক স্বাৱলম্বী কৰাৰ দিশত অগ্ৰসৰ হৈ ভূটানৰ মাটিত আন এক মেগা প্ৰকল্পত হাত দিলে ভাৰতৰ আদানী পাৱাৰে। ভূটান চৰকাৰৰ অধীনস্থ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্পোৰেচন চমুকৈ ডিজিপিচিৰ সৈতে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰি দেশখনত ৭৭০ মেগাৱাট সম্পন্ন চামখাৰছু-১ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে প্ৰতিষ্ঠানটোৱে। ২০২৭ চনৰ প্ৰথম ভাগৰ পৰাই আৰম্ভ হ’বলগীয়া এই প্ৰকল্পৰ কাম ভূমি পূজনৰ ছয় বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ভূটানৰ ঝেমগাং জিলাৰ চামখাৰছু নদীৰ বুকুত গঢ় লৈ উঠিবলগীয়া এই মেগা প্ৰকল্পটো আদানী পাৱাৰ আৰু ডিজিপিচিৰ মাজত ৪৯:৫১ অংশীদাৰিত্বৰে গঢ়ি তোলা হ’ব। নিৰ্মাণ, মালিকীস্বত্ব, পৰিচালনা আৰু হস্তান্তৰ চমুকৈ বুট আৰ্হিত নিৰ্মাণ…
Read More
অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। জ্ঞাণেশ কুমাৰৰ স্বৈৰাচাৰিত্বৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিশেষ বিচাৰপীঠে উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত এসপ্তাহৰ ভিতৰত উত্তৰ দাখিলৰ নিৰ্দেশ দিয়ে। শুনানিকালত বিচাৰপীঠে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি কয় যে নিৰ্বাচন আয়োগৰ উত্তৰ পৰীক্ষাৰ অন্তত যদিহে প্ৰমাণ ওলায়…
Read More