ব্ৰিটেইনৰ কেম্ব্ৰিজত উজ্বলিল অসমৰ জীয়াৰী; আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত একমাত্ৰ ভাৰতীয় হিচাপে স্বৰ্ণপদক অৰ্জন কৃতি ধানুকাৰ

ব্ৰিটেইনৰ কেম্ব্ৰিজত অনুষ্ঠিত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত অসাধাৰণ সফলতা অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ কৃতি ধানুকাই। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত চেলৱিন কলেজত অনুষ্ঠিত হৈছিল কেম্ব্ৰিজ ইক’নমিক্স এণ্ড ফাইনেন্স কম্পিটিশ্বনৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড প্ৰতিযোগিতাখন। তাত সোণৰ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিৰল কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয় কৃতি।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা এই উচ্চ পৰ্যায়ৰ শৈক্ষিক প্ৰতিযোগিতাখনত ভাৰতৰ পৰা মুঠ ১৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল কৃতি ধানুকা। বিশ্বৰ ৬৬ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ মাজত মাত্ৰ সাতগৰাকী প্ৰতিযোগীয়েহে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ ভিতৰত কৃতিয়ে নিজৰ উৎকৃষ্ট শৈক্ষিক দক্ষতাৰে শীৰ্ষ স্থান দখল কৰে।

কৃতি ধানুকা বৰ্তমান ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। তেওঁ গুৱাহাটীৰ বিশিষ্ট সমাজসেৱী ড° অশোক কুমাৰ ধানুকা আৰু কুসুম ধানুকাৰ নাতিনী তথা ড° ঘনশ্যাম দাস ধানুকা আৰু স্বাতী ধানুকাৰ কন্যা। অৰ্থনীতি আৰু বিত্তীয় বিষয়ৰ গভীৰ জ্ঞান, বিশ্লেষণাত্মক দক্ষতা আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰদৰ্শন দাঙি ধৰি ব্ৰিটেইনৰ মাটিত কৃতিয়ে অৰ্জন কৰা এই অভূতপূৰ্ব সফলতাই বিশ্বমঞ্চত পুনৰবাৰ অসমৰ মেধাৰ জয়যাত্ৰা সাব্যস্ত কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *