বিমানবন্দৰৰ সন্মুখৰ পথত বেৰিকেড, ক্ষুব্ধ আজাৰা-বৰঝাৰবাসী

অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগে নিৰ্মাণ কৰা এটা ছয়লেনযুক্ত পথৰ দুটাকৈ লেন বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্ৰুপে যোৱা জুলাই মাহৰ শেষৰ ফালে চৰকাৰৰ অস্তিত্বক ভেঙুচালি কৰি অবৈধভাৱে বেৰিকেড বহুৱাই বন্ধ কৰি দিছিল।

তাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ আজাৰা শাখা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই শীঘ্ৰেই ৰাজহুৱা পথ মুকলি কৰি নিদিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুমকি দিয়াত যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ পাছতে আদানী গ্ৰুপে বন্ধ কৰি ৰখা পথ মুকলি কৰি দিবলৈ বাধ্য হৈছিল।

কিন্তু ৰাইজে পাহৰা বুলি ভাবি শেহতীয়াকৈ আদানী গ্ৰুপে পুনৰ সেই পথত বেৰিকেড বহুৱাই বন্ধ কৰি দিয়া ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ প্ৰায় তিনি মাহৰ পাছত আদানী গ্ৰুপে পুনৰ এছ অ’ এছ শিশুগ্ৰামৰ সন্মুখৰ পৰা লোৱাৰ মিৰ্জাপুৰলৈকে দুটাকৈ লেন বন্ধ কৰাৰ সমান্তৰালকৈ সেই অংশখিনিত পথৰ মাজত থকা কেবাটাও বিভাজক তথা ডিভাইডাৰো বেৰিকেড দি বন্ধ কৰি দিছে। ফলত স্থানীয় লোকসকলৰ লগতে আন সাধাৰণ লোকসকলো পথৰ ইপাৰৰ পৰা সিপাৰলৈ যান-বাহন লৈ অহা-যোৱাৰ ক্ষেত্ৰত অযথা কেবা কিলোমিটাৰ অংশ ঘূৰি অহা-যোৱা কৰিবলগীয়া হৈছে।

অঞ্চলটোৰ একাংশ সচেতন লোকে অভিযোগ কৰা মতে, অসম চৰকাৰে ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা পথ বেৰিকেড বহুৱাই বন্ধ কৰি স্বয়ং মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীকহে যেন প্ৰত্যাহ্বান জনোৱাৰ দৰে হৈছে।

শেহতীয়াভাৱে আন এক বু-বু-বা চলিছে যে অহা কিছুদিনৰ ভিতৰত গড়লৰ পৰা ভি আই পি চ’কলৈকে ছয় লেনযুক্ত পথছোৱাৰ প্ৰায় ৬ কিলোমিটাৰ অংশ সম্পূৰ্ণ আদানী গ্ৰুপে নিজৰ অধীনলৈ নিব। তাৰ প্ৰথম পৰ্যায় হিচাপে নতুন টাৰ্মিনেল ভৱনৰ সন্মুখত এটা ৰাজহুৱা পথৰ প্ৰায় দুই কিলোমিটাৰ অংশ ডিভাইডাৰসহ দুটা লেন বন্ধ কৰি দিছে।

ইফালে আদানী গ্ৰুপে এৰোচিটী নিৰ্মাণৰ নামত বিমানবন্দৰৰ দাঁতি-কাষৰীয়া অঞ্চলত কেবা হাজাৰ বিঘা মাটি তেওঁলোকক লাগে বুলি অসম চৰকাৰক কৌশলেৰে হেঁচা প্ৰয়োগ কৰি আহিছে বুলিও অভিযোগ উঠিছে।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *