ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

দক্ষিণ এছিয়াৰ শক্তি খণ্ডক অধিক স্বাৱলম্বী কৰাৰ দিশত অগ্ৰসৰ হৈ ভূটানৰ মাটিত আন এক মেগা প্ৰকল্পত হাত দিলে ভাৰতৰ আদানী পাৱাৰে। ভূটান চৰকাৰৰ অধীনস্থ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্পোৰেচন চমুকৈ ডিজিপিচিৰ সৈতে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰি দেশখনত ৭৭০ মেগাৱাট সম্পন্ন চামখাৰছু-১ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে প্ৰতিষ্ঠানটোৱে। ২০২৭ চনৰ প্ৰথম ভাগৰ পৰাই আৰম্ভ হ’বলগীয়া এই প্ৰকল্পৰ কাম ভূমি পূজনৰ ছয় বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ভূটানৰ ঝেমগাং জিলাৰ চামখাৰছু নদীৰ বুকুত গঢ় লৈ উঠিবলগীয়া এই মেগা প্ৰকল্পটো আদানী পাৱাৰ আৰু ডিজিপিচিৰ মাজত ৪৯:৫১ অংশীদাৰিত্বৰে গঢ়ি তোলা হ’ব। নিৰ্মাণ, মালিকীস্বত্ব, পৰিচালনা আৰু হস্তান্তৰ চমুকৈ বুট আৰ্হিত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটোৱে বাণিজ্যিকভাৱে শক্তি উৎপাদন আৰম্ভ কৰাৰ পিছত ৩০ বছৰৰ বাবে কাৰ্যক্ষম হৈ থাকিব। এই প্ৰকল্পই কেৱল ভূটানৰ বিদ্যুৎ উৎপাদন ক্ষমতাই বৃদ্ধি নকৰে, একে সময়তে সমগ্ৰ অঞ্চলটোত আন্তঃৰাষ্ট্ৰীয় শক্তি সহযোগিতাক এক নতুন গতি প্ৰদান কৰিব।

আদানী পাৱাৰৰ পৰিচালন সঞ্চালক অনিল সৰদানাই এই সন্দৰ্ভত ব্যক্ত কৰে যে শীতকালত ভূটানত বৃদ্ধি পোৱা বিদ্যুতৰ নাটনি দূৰ কৰাত এই প্ৰকল্পই মুখ্য ভূমিকা ল’ব আৰু গ্ৰীষ্মকালত দেশখনত উৎপাদিত অতিৰিক্ত বিদ্যুৎ ভাৰতলৈ ৰপ্তানি কৰাৰ এক সুবৰ্ণ সুযোগ সৃষ্টি হ’ব। দক্ষিণ এছিয়াৰ সেউজ শক্তি উত্তৰণৰ ক্ষেত্ৰত এনে পদক্ষেপে কাৰ্বন নিৰ্গমন হ্ৰাস আৰু শক্তি নিৰাপত্তা নিশ্চিত কৰাত সহায় কৰিব বুলিও তেওঁ মন্তব্য কৰে।

ইফালে ডিজিপিচিৰ পৰিচালন সঞ্চালক ডাশ্বো চেৱাং ৰিনজিনে কয়, “৭৭০ মেগাৱাটৰ চামখাৰছু-১ জলবিদ্যুৎ প্ৰকল্পই ভূটানৰ শক্তি সুৰক্ষা নিশ্চিত কৰিব, বিশেষকৈ শীতকালৰ মাহসমূহত। ইয়াৰ সমান্তৰালকৈ গ্ৰীষ্মকালৰ অতিৰিক্ত সেউজ শক্তি ভাৰতলৈ যোগান ধৰি অৰ্থনৈতিকভাৱেও দুয়োখন দেশ লাভান্বিত হ’ব।”

উল্লেখ্য যে, যোৱা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত দুয়োটা প্ৰতিষ্ঠানৰ মাজত স্বাক্ষৰিত হোৱা ৫৭০ মেগাৱাটৰ ৱাংছু জলবিদ্যুৎ প্ৰকল্পৰ পাছত চামখাৰছু-১ হৈছে আদানী আৰু ডিজিপিচিৰ যৌথ উদ্যোগৰ দ্বিতীয়টো বৃহৎ প্ৰকল্প। ২০২৫ চনৰ মে’ মাহত আদানী গোষ্ঠী আৰু ভূটানৰ ৰাজকীয় চৰকাৰৰ মাজত সম্পন্ন হোৱা ৫ হাজাৰ মেগাৱাট সেউজ শক্তি অংশীদাৰিত্বৰ চুক্তিৰেই এক অবিচ্ছেদ্য অংশ হিচাপে এই মেগা প্ৰকল্পই এতিয়া চৰ্চা লাভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *