Paromita

1016 Posts
অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। জ্ঞাণেশ কুমাৰৰ স্বৈৰাচাৰিত্বৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিশেষ বিচাৰপীঠে উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত এসপ্তাহৰ ভিতৰত উত্তৰ দাখিলৰ নিৰ্দেশ দিয়ে। শুনানিকালত বিচাৰপীঠে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি কয় যে নিৰ্বাচন আয়োগৰ উত্তৰ পৰীক্ষাৰ অন্তত যদিহে প্ৰমাণ ওলায়…
Read More
আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

মধ্য আকাশত যাত্ৰীবাহী বিমানত সংঘটিত ভয়ংকৰ আক্ৰমণৰ মাজতো অসীম সাহসিকতাৰে ১৭৪ গৰাকী লোকৰ জীৱন ৰক্ষা কৰা ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰক লৈ এতিয়া বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখে যাত্ৰা কৰা ফ্লাইডুবাইৰ এফজেড১০৭৩ নম্বৰৰ বিমানখনত ৩০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা। সহ-পাইলটৰ আকস্মিক আক্ৰমণ আৰু প্ৰাণঘাতী পৰিস্থিতিৰ সন্মুখীন হৈয়ো অলপো বিচলিত নহৈ বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰাই বিশ্ববাসীৰ দৃষ্টিত প্ৰকৃত নায়ক হিচাপে পৰিগণিত হয় এইগৰাকী ভাৰতীয় বৈমানিক। কেপ্টেইন মাচ্চাৰৰ এই অসাধাৰণ বীৰত্ব আৰু সংকটকালীন নেতৃত্বক ভূয়সী প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বলোৱা এই…
Read More
চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

জাপানৰ মাটিত ভাৰতীয় ক্ৰীড়া ইতিহাসত সংযোজিত হ’ল আন এক সোণালী অধ্যায়। আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত পৰাক্ৰমী চীনক একমাত্ৰ গ’লৰ ব্যৱধানত ধৰাশায়ী কৰি সোণৰ পদক আঁজুৰি আনিলে ভাৰতীয় কন্যাই। দেশক এই ঐতিহাসিক গৌৰৱ উপহাৰ দিয়া দলটোৰ মূল স্তম্ভ হিচাপে জিলিকি উঠিল মিজোৰামৰ দুই প্ৰতিভাশালী খেলুৱৈ লালমেছিয়ামী আৰু লালথান্টলুৱাংগি। ৰাজ্যখনৰ এই দুই ক্ৰীড়া তাৰকাৰ অবিস্মৰণীয় সফলতাত উৎফুল্লিত হৈ প্ৰতিগৰাকীলৈ ২৫ লাখ টকাকৈ নগদ পুৰস্কাৰেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে মিজোৰাম চৰকাৰে। প্ৰথম অৱস্থাত নিজ ৰাজ্যতেই হকী ষ্টিকেৰে সপোন দেখা আৰম্ভ কৰা এই দুগৰাকী খেলুৱৈয়ে পৰৱৰ্তী পৰ্যায়ত থেনজল হকী একাডেমীত কঠোৰ অনুশীলনেৰে নিজকে আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈ হিচাপে গঢ়ি তুলিছিল। তেওঁলোকৰ…
Read More
দিল্লীত কৰ্তব্যৰত তিনি মহিলা সাংবাদিকক যৌন নিগ্ৰহৰ গুৰুতৰ অভিযোগ; এচিপিৰ বিৰুদ্ধে থানা ঘেৰাও কৰি প্ৰতিবাদ

দিল্লীত কৰ্তব্যৰত তিনি মহিলা সাংবাদিকক যৌন নিগ্ৰহৰ গুৰুতৰ অভিযোগ; এচিপিৰ বিৰুদ্ধে থানা ঘেৰাও কৰি প্ৰতিবাদ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। বিগত তিনি দিন ধৰি ৰাজধানীত অব্যাহত আছে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ সময়তে পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে দিল্লী আৰক্ষী। প্ৰতিবাদত অংশ লোৱা মহিলা প্ৰতিবাদী আৰু প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকৰ সৈতে অশালীন আচৰণৰ অভিযোগত দিল্লী আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে ছাত্ৰ মহল আৰু সচেতন সমাজ। এই ঘটনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ নিৰাপত্তা ব্যৱস্থা আৰু আৰক্ষীৰ ভূমিকাৰ ওপৰতো গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, যন্তৰ-মন্তৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীয়ে যৌন নিগ্ৰহ চলোৱাৰ অভিযোগ উত্থাপন হয়। এগৰাকী ভুক্তভোগী…
Read More
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকত বহিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ; বাতিল হ’ল প্ৰস্তাৱিত আলোচনা

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকত বহিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ; বাতিল হ’ল প্ৰস্তাৱিত আলোচনা

সংবিধানৰ সম্ভাব্য ন্যায়িক পৰ্যালোচনাৰ যুক্তি দাঙি ধৰি উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে 'এক দেশ, এক নিৰ্বাচন' বিষয়ক সংসদীয় যৌথ সমিতিৰ সৈতে হ'বলগীয়া এক প্ৰস্তাৱিত বৈঠক। অহা ৬ অক্টোবৰত ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে অনুষ্ঠিত হ’বলগীয়া আছিল এই বিশেষ আলোচনা। কিন্তু উচ্চতম ন্যায়ালয় প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে আইনখন আদালতৰ বিবেচনাধীন হোৱাৰ সম্ভাৱনা থকা বাবে এনে আলোচনাত মিলিত হোৱাটো সমীচীন নহ'ব। ন্যায়ালয়ৰ মহাসচিবৰ কাৰ্যালয়ে সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা আনুষ্ঠানিক বাৰ্তাত উল্লেখ কৰা হৈছে যে জ্যেষ্ঠ ন্যায়াধীশসকলে প্ৰস্তাৱটো আলোচনা কৰিছে। বাৰ্তাটোত কোৱা হৈছে, "যিহেতু প্ৰস্তাৱিত সংশোধনী বিধেয়কখন ভৱিষ্যতে উচ্চতম ন্যায়ালয়ৰ ন্যায়িক পৰ্যালোচনাৰ আওতালৈ অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, সেয়েহে…
Read More
পিএমঅ’ৰ ভুৱা বিষয়াৰূপে নবান্নত মন্ত্ৰীৰ সৈতে বৈঠক; দিল্লীৰ পৰা মহিলাক গ্ৰেপ্তাৰ হাওৰা আৰক্ষীৰ

পিএমঅ’ৰ ভুৱা বিষয়াৰূপে নবান্নত মন্ত্ৰীৰ সৈতে বৈঠক; দিল্লীৰ পৰা মহিলাক গ্ৰেপ্তাৰ হাওৰা আৰক্ষীৰ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াৰ ভুৱা পৰিচয় দি পশ্চিম বংগৰ ৰাজ্যিক সচিবালয় ‘নবান্ন’ত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যৰ এজন মন্ত্ৰীক সাক্ষাৎ কৰা এক ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এই কাণ্ডৰ মূল অভিযুক্ত ড০ আকাংক্ষা বিদ্যাৰ্থী নামৰ এগৰাকী মহিলাক হাওৰা আৰক্ষীয়ে নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে। তথ্য অনুসৰি, অভিযুক্ত মহিলাগৰাকীয়ে লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী অজয় পোদ্দাৰক সাক্ষাৎ কৰাৰ বাবে বিভাগটোলৈ এক ই-মেইল প্ৰেৰণ কৰিছিল। উক্ত ই-মেইলত তেওঁ নিজকে কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ ঘনিষ্ঠ সহযোগী তথা পিএমঅ’ৰ শীৰ্ষ বিষয়া হিচাপে পৰিচয় দাঙি ধৰিছিল। এই পৰিচয়ৰ ভিত্তিত তেওঁ এই সপ্তাহৰ আৰম্ভণিতে নবান্নত মন্ত্ৰী অজয় পোদ্দাৰৰ সৈতে…
Read More
দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; আজিৰ পৰা আৰম্ভ জীপ ছাফাৰী

দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; আজিৰ পৰা আৰম্ভ জীপ ছাফাৰী

প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী অনুৰাগীসকলৰ বাবে সুখবৰ। আজিৰে পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে দেশী-বিদেশী পৰ্যটকৰ বাবে দ্বাৰ মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত আয়োজিত এক বিশেষ অনুষ্ঠানত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই নতুন পৰ্যটন বৰ্ষৰ শুভাৰম্ভ কৰে। এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো বনমন্ত্ৰীগৰাকীৰ সৈতে অংশগ্ৰহণ কৰি পৰ্যটকসকলক উষ্ম আদৰণি জনায়। আজিৰে পৰা উদ্যানখনত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰম্ভ কৰা হৈছে। আনহাতে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতেই অহা ১০ৰ পৰা ২০ দিনৰ ভিতৰত হাতী ছাফাৰীও নিয়মীয়াকৈ মুকলি কৰা হ’ব বুলি বন বিভাগে স্পষ্ট কৰিছে। কাজিৰঙাত পৰ্যটক অনুকূল পৰিৱেশ সৃষ্টি…
Read More
মুখ্যমন্ত্ৰীৰ চকু কাঢ়ি লোৱাৰ ভাবুকি বদৰুদ্দিন আজমলৰ; কংগ্ৰেছৰ নিৰ্বাচনী সভাত ক’লা পতাকা প্ৰদৰ্শন, উত্তাল ৰূপহীহাট

মুখ্যমন্ত্ৰীৰ চকু কাঢ়ি লোৱাৰ ভাবুকি বদৰুদ্দিন আজমলৰ; কংগ্ৰেছৰ নিৰ্বাচনী সভাত ক’লা পতাকা প্ৰদৰ্শন, উত্তাল ৰূপহীহাট

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে নগাঁৱৰ ৰাজনৈতিক বতাহ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু উত্তপ্ত পৰিস্থিতি। লাহৰীঘাটৰ বৰবৰীত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক লক্ষ্য কৰি একাধিক বিতৰ্কিত আৰু বিস্ফোৰক মন্তব্য কৰে। আনফালে, ৰূপহীহাটত কংগ্ৰেছৰ নিৰ্বাচনী সমদলক ক’লা পতাকা প্ৰদৰ্শন কৰি একাংশ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। লাহৰীঘাটৰ সভাত ভাষণ দি এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক চৰম সকীয়নি দি কয়, "হিমন্ত বিশ্ব শৰ্মাৰ চকু…
Read More
কৰ্ণাটকত খৰাং পৰিস্থিতিৰ ভয়াৱহ ৰূপ; প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি তাৎক্ষণিক সাহায্যৰ দাবী মল্লিকাৰ্জুন খাৰ্গেৰ

কৰ্ণাটকত খৰাং পৰিস্থিতিৰ ভয়াৱহ ৰূপ; প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি তাৎক্ষণিক সাহায্যৰ দাবী মল্লিকাৰ্জুন খাৰ্গেৰ

কৰ্ণাটকৰ ভয়াৱহ খৰাং পৰিস্থিতি আৰু কৃষকৰ চৰম দুৰ্দশাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ তৎকালীন হস্তক্ষেপৰ দাবী জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। শুকুৰবাৰে সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে এই কথা সদৰী কৰি তেওঁ প্ৰকাশ কৰে যে ৰাজ্যখনলৈ শীঘ্ৰে আৰ্থিক সাহায্য আৰু সকাহ প্ৰদানৰ অনুৰোধ জনাই তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন বিতং পত্ৰ প্ৰেৰণ কৰিছে। সমান্তৰালকৈ একে বিষয় লৈ তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈকো সুকীয়া পত্ৰ প্ৰেৰণ কৰিছে। কংগ্ৰেছ সভাপতিগৰাকীয়ে উল্লেখ কৰা অনুসৰি, এই ভয়ংকৰ খৰাঙৰ ফলত ৰাজ্যখনত ব্যাপক হাৰত শস্য নষ্ট হৈছে আৰু ৩১ লাখতকৈও অধিক কৃষক পৰিয়াল চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। এনে সংকটকালত ক্ষতিগ্ৰস্ত কৃষকসকলক পুনৰুজ্জীৱিত কৰিবলৈ কৰ্ণাটক চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি…
Read More
হেপাটাইটিছত আক্ৰান্ত হৈ মাত্ৰ ১০ দিনৰ ব্যৱধানত মাতৃ-কন্যাৰ কৰুণ মৃত্যু; জীৱন-মৃত্যুৰে যুঁজিছে পুত্ৰই

হেপাটাইটিছত আক্ৰান্ত হৈ মাত্ৰ ১০ দিনৰ ব্যৱধানত মাতৃ-কন্যাৰ কৰুণ মৃত্যু; জীৱন-মৃত্যুৰে যুঁজিছে পুত্ৰই

হাঁহি-ধেমালিৰে ভৰি থকা এটা পৰিয়াললৈ নামি আহিল চৰম অন্ধকাৰ! মাৰাত্মক হেপাটাইটিছ ৰোগত আক্ৰান্ত হৈ মাত্ৰ দহ দিনৰ ভিতৰতে মৃত্যুক সাৱটি ল’লে একেটা পৰিয়ালৰে মাতৃ আৰু কন্যাই। গোলাঘাট জিলাৰ চিনাতলীৰ অন্তৰ্গত চিনাতলী হাবিচোৱা গাঁৱত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। একেটা ৰোগতে আক্ৰান্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে পৰিয়ালটোৰ ১১ বছৰীয়া পুত্ৰ তন্ময় শইকীয়াই। প্ৰাপ্ত তথ্য অনুসৰি, চিনাতলী হাবিচোৱাৰ বাসিন্দা দিলীপ শইকীয়াৰ পত্নী হিমাদ্ৰী শইকীয়া শেহতীয়াকৈ হেপাটাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। পত্নীৰ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই আৰু তেওঁৰ পিণ্ডদান তথা সকামৰ প্ৰস্তুতি চলি থকাৰ মাজতে এসপ্তাহৰ ভিতৰতে আকৌ হেপাটাইটিছত আক্ৰান্ত হৈ ৯…
Read More