চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

জাপানৰ মাটিত ভাৰতীয় ক্ৰীড়া ইতিহাসত সংযোজিত হ’ল আন এক সোণালী অধ্যায়। আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত পৰাক্ৰমী চীনক একমাত্ৰ গ’লৰ ব্যৱধানত ধৰাশায়ী কৰি সোণৰ পদক আঁজুৰি আনিলে ভাৰতীয় কন্যাই। দেশক এই ঐতিহাসিক গৌৰৱ উপহাৰ দিয়া দলটোৰ মূল স্তম্ভ হিচাপে জিলিকি উঠিল মিজোৰামৰ দুই প্ৰতিভাশালী খেলুৱৈ লালমেছিয়ামী আৰু লালথান্টলুৱাংগি।

ৰাজ্যখনৰ এই দুই ক্ৰীড়া তাৰকাৰ অবিস্মৰণীয় সফলতাত উৎফুল্লিত হৈ প্ৰতিগৰাকীলৈ ২৫ লাখ টকাকৈ নগদ পুৰস্কাৰেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে মিজোৰাম চৰকাৰে।

প্ৰথম অৱস্থাত নিজ ৰাজ্যতেই হকী ষ্টিকেৰে সপোন দেখা আৰম্ভ কৰা এই দুগৰাকী খেলুৱৈয়ে পৰৱৰ্তী পৰ্যায়ত থেনজল হকী একাডেমীত কঠোৰ অনুশীলনেৰে নিজকে আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈ হিচাপে গঢ়ি তুলিছিল। তেওঁলোকৰ এই অদম্য যাত্ৰাক সন্মান জনাই ৰাজ্যিক ক্ৰীড়া প্ৰৰোচনা আঁচনিৰ অধীনত এই পুৰস্কাৰ আগবঢ়োৱা হৈছে বুলি প্ৰকাশ কৰে ক্ৰীড়ামন্ত্ৰী পু লালংনিংলোভা হমাৰে।

তেওঁ উল্লেখ কৰে যে বিশ্বমঞ্চত নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশ তথা মিজোৰামক গৌৰৱান্বিত কৰা এই দুগৰাকী খেলুৱৈৰ কৃতিত্বত ৰাজ্য চৰকাৰ অত্যন্ত আনন্দিত।

ইফালে স্বৰ্ণজয়ী এই দুয়োগৰাকী ক্ৰীড়াবিদক গৃহভূমিত আদৰিবলৈ আইজলত এতিয়া সৃষ্টি হৈছে ব্যাপক উছাহ-উদ্দীপনাৰ। আজি বিয়লি ১ বাজি ৩০ মিনিটত তেওঁলোকে লেংপুই বিমানবন্দৰত ভৰি থোৱাৰ পিছতেই প্ৰশাসন আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে জনাব বিশাল ৰাজহুৱা সম্বৰ্ধনা। ইয়াৰ ঠিক পাছতেই বিয়লি তিনি বজাত মুয়ালপুই চেলেম ভেঙৰ আৰ ডেংথুয়ামা প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত মুখ্যমন্ত্ৰী পু লালদুহোমাই উপস্থিত থাকি ৰাজ্যবাসীৰ হৈ এই দুই স্বৰ্ণ কন্যাক আনুষ্ঠানিকভাৱে সন্মান জনাব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *