প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী অনুৰাগীসকলৰ বাবে সুখবৰ। আজিৰে পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে দেশী-বিদেশী পৰ্যটকৰ বাবে দ্বাৰ মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত আয়োজিত এক বিশেষ অনুষ্ঠানত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই নতুন পৰ্যটন বৰ্ষৰ শুভাৰম্ভ কৰে। এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো বনমন্ত্ৰীগৰাকীৰ সৈতে অংশগ্ৰহণ কৰি পৰ্যটকসকলক উষ্ম আদৰণি জনায়।
আজিৰে পৰা উদ্যানখনত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰম্ভ কৰা হৈছে। আনহাতে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতেই অহা ১০ৰ পৰা ২০ দিনৰ ভিতৰত হাতী ছাফাৰীও নিয়মীয়াকৈ মুকলি কৰা হ’ব বুলি বন বিভাগে স্পষ্ট কৰিছে। কাজিৰঙাত পৰ্যটক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে সকলো অংশীদাৰ আৰু স্থানীয় ৰাইজক ধন্যবাদ জনাই বনমন্ত্ৰীয়ে বিগত বৰ্ষতকৈ এইবাৰ অভিলেখসংখ্যক পৰ্যটকৰ সমাগম ঘটিব বুলি আশা প্ৰকাশ কৰে। উৎসাহজনক আগতীয়া বুকিং ব্যৱস্থাই এই সম্ভাৱনাক অধিক প্ৰকট কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে প্ৰতিবছৰে বৃদ্ধি পোৱা পৰ্যটকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগ আৰু পৰ্যটন বিভাগে আন্তঃগাঁথনি উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। পৰ্যটনৰ এই বিকাশ যাতে স্থানীয় লোকসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ মাধ্যম হৈ পৰে, তাৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। স্থানীয় ৰাইজে যাতে পৰ্যটনকেন্দ্ৰিক কাৰ্যকলাপত ভাগ লৈ জীৱনধাৰণৰ মান উন্নত কৰিব পাৰে, চৰকাৰে সেই দিশতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰ উপৰিও কাজিৰঙাক কাষৰীয়া পৰ্যটনস্থলীসমূহৰ সৈতে সংযোগ কৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ পৰিকল্পনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। যাৰ জৰিয়তে পৰ্যটকসকলে দুদিনৰ পৰা চাৰিদিনলৈ সমগ্ৰ অঞ্চলটো উপভোগ কৰাৰ সুবিধা পাব। অসম চৰকাৰৰ কঠোৰ পদক্ষেপৰ বাবেই কাজিৰঙাত গড় চিকাৰ সম্পূৰ্ণৰূপে হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বন্যপ্ৰাণী সুৰক্ষাৰ লগতে উদ্যানখনৰ জৈৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য অক্ষুণ্ণ ৰাখিয়েই পৰ্যটনৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব।
