01
Oct
দেশৰ গণতান্ত্ৰিক ৰাজনীতিত বিৰোধী নেতাক এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰি সামাজিক মাধ্যমত সৃষ্টি কৰা হৈছে এক চৰম বিতৰ্কৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুম্বাই ২৬/১১ আক্ৰমণৰ ফাঁচী প্ৰাপ্ত পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা কৰি ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত ফ্লাইট লেফটেনেণ্টে বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছে। অভিযুক্ত প্ৰাক্তন বিষয়া অনুপ বাৰ্মাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত ইতিমধ্যে চাইবাৰ আৰক্ষীৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ সেৱা দলৰ আইনী কোষ। অনুপ বাৰ্মাই সামাজিক মাধ্যম ‘এক্স’ত ৰাহুল গান্ধী আৰু সন্ত্ৰাসবাদী আজমল কাছাবৰ এখন ফটো ক’লাজ শ্বেয়াৰ কৰিছিল। দুয়োজনে কান্ধত বেগ লৈ থকা ফটোখনৰ কেপশ্বনত প্ৰাক্তন বিষয়াজনে লিখিছিল- "সম্পূৰ্ণ আত্মবিশ্বাসেৰে মই…
