Paromita

893 Posts
বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বিশ্বজুৰি অব্যাহত থকা যুদ্ধ আৰু অৰ্থনৈতিক সংকটৰ মাজতো দেশৰ উন্নয়নৰ ধাৰা অব্যাহত আছে। এই দাবী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এছচিঅ’ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কিৰ্গিজস্তানৰ ৰাজধানী বিশকেকত উপস্থিত থকা প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক নাম নোলোৱাকৈ তীব্ৰ কটাক্ষ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চলতি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত (এপ্ৰিল-জুন) দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি বিকাশৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। এই ফলাফল আশা কৰা ৭.১ শতাংশতকৈ যথেষ্ট অধিক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্ব সংকট আৰু যোগান শৃংখলৰ অচলাৱস্থাত থকাৰ সময়তো ভাৰতে অতি দ্ৰুত গতিৰে বিকাশৰ দিশত…
Read More
বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

পৰিবহণ খণ্ডৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ স্তব্ধ কৰি ৰাজপথলৈ ওলাই আহিল শতাধিক অনলাইন বাহনৰ চালক। ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীত অনিৰ্দিষ্টকালৰ বাবে অনলাইন কেব সেৱা বন্ধ ঘোষণা কৰে চালক সন্থাসমূহে। অ’লা, উবেৰ, ৰেপিড’ চালক সমাজ আৰু ই-ভি অটো চালক সংস্থাই যৌথভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত কোনো সৰ্বসন্মত সমাধানসূত্ৰ নোলোৱাৰ পাছতেই পুৱা ৫ বজাৰ পৰা এই সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। চালক সংস্থাসমূহে মহানগৰীৰ প্ৰতিটো পথৰ বাবে সমহাৰত ভাড়া নিৰ্ধাৰণ কৰা আৰু ব্যক্তিগত বাহনৰ অবৈধ বাণিজ্যিক ব্যৱহাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ উপৰিও গুৱাহাটীত এপ-ভিত্তিক কোম্পানীসমূহৰ স্থায়ী কাৰ্যালয় স্থাপন কৰাৰ…
Read More
নেপালৰ মহাপ্ৰলয়ৰ মাজতো সুখৰ বতৰা! এগৰাকী প্ৰধান শিক্ষকৰ বাবেই ৰক্ষা পৰিল ১,৬৪৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰাণ

নেপালৰ মহাপ্ৰলয়ৰ মাজতো সুখৰ বতৰা! এগৰাকী প্ৰধান শিক্ষকৰ বাবেই ৰক্ষা পৰিল ১,৬৪৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰাণ

উত্তাল জলৰাশিৰ প্ৰলয়ংকৰী তাণ্ডৱে চাৰিওফাল ছাৰখাৰ কৰাৰ আগমুহূৰ্ততে এজন ব্যক্তিৰ ক্ষিপ্ৰ সিদ্ধান্তই জীৱন দান কৰিলে সহস্ৰাধিক কিশোৰ-কিশোৰীক। চুবুৰীয়া দেশ নেপালৰ নুৱাকোট জিলাৰ ত্ৰিশূলী উপত্যকাত সংঘটিত হোৱা আকস্মিক বানৰ ভয়াৱহতাৰ মাজতে ত্ৰিভুৱন ত্ৰিশূলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ইংৰাজী বিষয়ৰ শিক্ষক ৪৭ বছৰীয়া ৰাজেন্দ্ৰ দাৱাদীৰ সময়োপযোগী পদক্ষেপে সুৰক্ষা প্ৰদান কৰিলে ১,৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক। ঘটনাৰ বিৱৰণ মতে, বুধবাৰে পুৱা প্ৰায় ৯:২০ বজাত এজন বন্ধুৰ পৰা ওচৰৰে এখন গাঁও নদীৰ বাঢ়নী পানীত উটি যোৱাৰ খবৰ পায় প্ৰধান শিক্ষকজনে। নদীৰ পৰা প্ৰায় ৬০ মিটাৰ উচ্চতাত থকা তিনিমহলীয়া পকী বিদ্যালয় গৃহটো প্ৰথমতে সুৰক্ষিত বুলি ভাবিছিল যদিও এগৰাকী অভিভাৱকে পানী তীব্ৰ গতিত বাঢ়ি অহাৰ কথা…
Read More
ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ ট্ৰাকত খুন্দা যাত্ৰীবাহী বাহনৰ! ক্ষেত্ৰীত নিহত ৬

ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ ট্ৰাকত খুন্দা যাত্ৰীবাহী বাহনৰ! ক্ষেত্ৰীত নিহত ৬

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হ’ল এখন যাত্ৰীবাহী বাহন। কামৰূপ (মহানগৰ) জিলাৰ খেত্ৰী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নলগ্ৰেদা অঞ্চলত দেওবাৰে নিশা সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পাইছে। গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূব মণ্ডলৰ ডিচিপিয়ে দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হোৱাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰে। আৰক্ষীৰ তথ্য অনুসৰি, নগাঁৱৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা যাত্ৰীবাহী বাহনখনে চালকৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ লেনত সোমাই পৰে আৰু তীব্ৰবেগী ট্ৰাকখনৰ সৈতে প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাৰ পিছতে স্থানীয় উদ্ধাৰকাৰী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত…
Read More
আৰক্ষীৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সশস্ত্ৰ অপৰাধী; গোৱালপাৰাৰ ব্যৱসায়ী হত্যাকাণ্ডৰে সম্পৰ্ক থকাৰ সন্দেহ

আৰক্ষীৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সশস্ত্ৰ অপৰাধী; গোৱালপাৰাৰ ব্যৱসায়ী হত্যাকাণ্ডৰে সম্পৰ্ক থকাৰ সন্দেহ

পুৱতি নিশাৰ বিশেষ অভিযানত নিঃশেষ হ’ল এটা সশস্ত্ৰ অপৰাধী চক্ৰৰ চাৰিজনকৈ সদস্য। মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ সংছাক অঞ্চলৰ সমীপত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্য্যকৰ এনকাউণ্টাৰ। অসম-মেঘালয় সীমান্তত সক্ৰিয় হৈ কূটাঘাতমূলক অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ থকা দলটোৰ গতিবিধিৰ নিৰ্দিষ্ট তথ্য লাভ কৰি পুৱা প্ৰায় ৪ বজাত এই অভিযান চলায় মেঘালয় আৰক্ষীয়ে। নিহত অপৰাধীসকলৰ সৈতে অসমৰ গোৱালপাৰা জিলাৰ দামৰা বজাৰত শেহতীয়াকৈ সংঘটিত এগৰাকী ব্যৱসায়ীৰ হত্যাকাণ্ডৰ সম্পৰ্ক থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উক্ত ঘটনাৰ সৈতে এই চক্ৰটোৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ ভূমিকা আছে নেকি, সেই দিশটো নিশ্চিত কৰিবলৈ তদন্তকাৰী বিষয়াসকলে অনুসন্ধান অব্যাহত ৰাখিছে। ঘটনাস্থলীত ইতিমধ্যে ফৰেনছিক দল উপস্থিত…
Read More
মুছলমান ছাত্ৰীসকলৰ স্নাতক মহলাৰ সম্পূৰ্ণ মাচুল ৰেহাইৰ ঐতিহাসিক সিদ্ধান্ত; বাজেটত ২০ কোটি টকা আৱণ্টন বিজয় চৰকাৰৰ

মুছলমান ছাত্ৰীসকলৰ স্নাতক মহলাৰ সম্পূৰ্ণ মাচুল ৰেহাইৰ ঐতিহাসিক সিদ্ধান্ত; বাজেটত ২০ কোটি টকা আৱণ্টন বিজয় চৰকাৰৰ

সংখ্যালঘু সম্প্ৰদায়ৰ নাৰী শিক্ষাৰ বিকাশ আৰু সৱলীকৰণৰ লক্ষ্যৰে এক যুগান্তকাৰী কল্যাণমূলক আঁচনিৰ কথা ঘোষণা কৰিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰে। চৰকাৰী কোটাৰ অধীনত নামভৰ্তি কৰা মুছলমান ছাত্ৰীসকলৰ বাবে স্নাতক পৰ্যায়ৰ সম্পূৰ্ণ শিক্ষণ মাচুল ৰেহাই প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই আঁচনিখন চৰকাৰী, চৰকাৰী সাহাৰ্যপ্ৰাপ্ত আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত কলা, বিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসা, কৃষি তথা আইন পাঠ্যক্ৰমৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব। এই বিশেষ পদক্ষেপৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ২০ কোটি টকাৰ পুঁজি আৱণ্টন দিয়া হৈছে। কেৱল উচ্চশিক্ষাই নহয়, বিদ্যালয় পৰ্যায়ৰ ছাত্ৰীসকলৰ বাবেও বৃত্তিসমূহ অধিক সম্প্ৰসাৰণ কৰাৰ কথা প্ৰকাশ কৰে চৰকাৰে। ইয়াৰ উপৰিও চেন্নাইত এখন নতুন মহিলা মহাবিদ্যালয় স্থাপন, সংখ্যালঘু সম্প্ৰদায়ৰ সামূহিক সম্পত্তি…
Read More
মৰ্গত স্থানৰ অভাৱ! নেপালৰ বানত নিহত শ শ অচিনাক্ত মৃতদেহ সংৰক্ষণৰ বাবে জংঘলত বিজ্ঞানসন্মত সৎকাৰ প্ৰক্ৰিয়া আৰম্ভ

মৰ্গত স্থানৰ অভাৱ! নেপালৰ বানত নিহত শ শ অচিনাক্ত মৃতদেহ সংৰক্ষণৰ বাবে জংঘলত বিজ্ঞানসন্মত সৎকাৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰতিদিনেই বৃদ্ধি পাইছে মৃতকৰ সংখ্যা, যাৰ ফলত শ শ মৃতদেহেৰে এতিয়া ভৰি পৰিছে চিকিৎসালয়ৰ মৰ্গ। এনে সময়ত মৰ্গত ঠাইৰ চৰম অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া জংঘলৰ মাজত পুতি থ’বলগীয়া হৈছে শ শ অচিনাক্ত মৃতদেহ। পাহাৰীয়া দেশ নেপালত শেহতীয়া আকস্মিক বানে সৃষ্টি কৰা প্ৰলয়ংকৰী দুৰ্যোগৰ পিছত ত্ৰিশূলী আৰু নাৰায়ণী নদীৰ পাৰৰ পৰা উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহসমূহ চিতৱানৰ এখন সংৰক্ষিত বনাঞ্চলত বিশেষ পদ্ধতিৰে পুতি থোৱাৰ ব্যৱস্থা আৰম্ভ কৰিছে প্ৰশাসনে। ভৱিষ্যতে পৰিয়ালে যাতে নিজৰ আত্মীয়ৰ মৃতদেহ চিনাক্ত কৰি উদ্ধাৰ কৰিব পাৰে, তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ প্ৰট’কল মানি প্ৰতিটো দেহৰ ডিএনএ নমুনা সংগ্ৰহৰ লগতে একোটাকৈ নিৰ্দিষ্ট ক’ড নম্বৰ ব্যৱহাৰ কৰিছে উদ্ধাৰকাৰী দলে। ঘটনাস্থলীত উপস্থিত থকা…
Read More
নেতাজীৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা অনুমোদন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ; শান্তি বিঘ্নিত কৰা শক্তিক কঠোৰ সকীয়নি

নেতাজীৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা অনুমোদন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ; শান্তি বিঘ্নিত কৰা শক্তিক কঠোৰ সকীয়নি

১৯ আগষ্টৰ হিংসাত্মক পৰিস্থিতিৰ সময়ত ক্ষতিসাধন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা অনুমোদন জনালে মেঘালয় চৰকাৰে। ৰাজধানী শ্বিলঙৰ ৰিনজাহ স্থিত আৰ আৰ কলনীত শেহতীয়াকৈ খাছি ষ্টুডেন্টছ ইউনিয়নে উলিওৱা ক’লা পতাকা সমদলৰ সময়ত একাংশ প্ৰতিবাদকাৰীয়ে মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিমূৰ্তিটো ক্ষতিসাধন কৰিছিল। এই ঘটনাক লৈ সৃষ্টি হোৱা অসন্তোষৰ মাজতে শনিবাৰে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী কনৰাড চাংমা। স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিমূৰ্তিটো পূৰ্বৰ মৰ্যাদাৰে পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আৰ্থিক সাহায্য ঘোষণা কৰে। সামাজিক মাধ্যমযোগে নিজৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰী চাংমাই কয়, “ৰাজ্যখনৰ শান্তি, সম্প্ৰীতি আৰু ঐক্যত আঘাত সনা কোনো শক্তিৰ সৈতে চৰকাৰে আপোচ নকৰে।…
Read More
নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীন অসমৰ যুৱক! শোকাচ্ছন্ন পৰিয়ালৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ কাতৰ আহ্বান

নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীন অসমৰ যুৱক! শোকাচ্ছন্ন পৰিয়ালৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ কাতৰ আহ্বান

পিতৃশোকৰ চকুলো শুকাবলৈ নৌপাওঁতেই পৰিয়ালটোলৈ নামি আহিল আন এক চৰম দুৰ্বিপাক। সংসাৰৰ দায়িত্ব কান্ধত লৈ ঘৰৰ পৰা কৰ্মক্ষেত্ৰলৈ উভতি যোৱা সন্তানটিৰ কোনো শুংসূত্ৰ নোপোৱাত হাহাকাৰ লাগিছে এটি পৰিয়ালত। চুবুৰীয়া নেপালত ভয়ংকৰ বান পৰিস্থিতিৰ মাজত সন্ধানহীন হৈ পৰিছে ৰাহুল দৈমাৰী নামৰ এগৰাকী অসম সন্তান। মেৰাপানীৰ জয়পুখুৰী গাঁৱৰ এই যুৱকজন মধ্য নেপালৰ নুৱাকোট জিলাৰ ত্ৰিশূলী খোলা অঞ্চলত বিধ্বংসী বানে উটুৱাই নিয়াৰ আশংকা কৰা হৈছে। কৰ্মসূত্ৰে এণ্ড্ৰেক্স নামৰ এটা পাইপলাইন প্ৰতিষ্ঠানত নিয়োজিত হৈ আছিল ৰাহুল। ইয়াৰ পূৰ্বে ভূটানত কৰ্মৰত যুৱকজনক শেহতীয়াকৈ স্থানান্তৰ কৰা হৈছিল নেপাললৈ। দুৰ্ভাগ্যজনকভাৱে, কিছুদিন পূৰ্বে পিতৃৰ বিয়োগ ঘটিছিল আৰু সকলো ৰীতি-নীতি সম্পূৰ্ণ কৰি যোৱা ১৪ আগষ্টতহে তেওঁ কৰ্মথলীলৈ ৰাওনা হৈছিল।…
Read More
নেপালৰ প্ৰলয়ংকাৰী বানত ৬১৬ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা! সন্ধানহীন প্ৰায় দুই সহস্ৰাধিক লোক

নেপালৰ প্ৰলয়ংকাৰী বানত ৬১৬ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা! সন্ধানহীন প্ৰায় দুই সহস্ৰাধিক লোক

প্ৰকৃতিৰ সংহাৰী ৰূপে স্তব্ধ কৰি পেলাইছে পাহাৰীয়া ৰাষ্ট্ৰ নেপালৰ স্বাভাৱিক জীৱন-যাত্ৰা। দেশখনৰ ৰচুৱাকে ধৰি মধ্যভাগত বুধবাৰে সংঘটিত আকস্মিক বানত প্ৰাণহানিৰ সংখ্যা শনিবাৰে ৬১৬ জনলৈ বৃদ্ধি পায়। দেশখনৰ আৰক্ষীৰ তথ্য অনুসৰি এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ১,৯২৪ গৰাকী লোক। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আঠখন জিলাৰ পৰা উদ্ধাৰ কৰে এই মৃতদেহসমূহ। চিতৱান জিলাতেই সৰ্বাধিক ২৩৩টা মৃতদেহ পোৱাৰ বিপৰীতে নাৱালপৰাসী ইষ্টৰ পৰা ১৫৮টা, নুৱাকোটৰ পৰা ৫১টা, গোৰ্খাৰ পৰা ৪৮টা, নাৱালপৰাসী ৱেষ্টৰ পৰা ৪৭টা, ধাডিঙৰ পৰা ৪৫টা, তানাহুৰ পৰা ৩১টা আৰু ৰচুৱাৰ পৰা ১৩টা মৃতদেহ উদ্ধাৰ হয়। বিধ্বংসী এই দুৰ্যোগৰ ফলত বাসস্থান, পথ, দলং তথা জলবিদ্যুৎ প্ৰকল্পৰ বিস্তৰ ক্ষতিসাধন হৈছে। ইফালে, এই পৰিস্থিতিৰ মাজত…
Read More