Paromita

1016 Posts
ইভিএম আৰু ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ; দেশজুৰি ৰাজপথৰ আন্দোলনৰ আহ্বান ৰাহুল গান্ধীৰ

ইভিএম আৰু ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ; দেশজুৰি ৰাজপথৰ আন্দোলনৰ আহ্বান ৰাহুল গান্ধীৰ

নিৰ্বাচনত ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ৰাজপথৰ আন্দোলন গঢ়ি তোলাৰ বাবে মঙলবাৰে এক জোৰদাৰ আহ্বান জনালে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি) এক গুৰুত্বপূৰ্ণ বৈঠকত বক্তব্য ৰাখি তেওঁ অভিযোগ তোলে যে বিজেপি চৰকাৰে ইভিএম আৰু ভোটাৰ তালিকাত সালসলনি ঘটাই নিৰ্বাচনত ‘মেচ ফিক্সিং’ চলাই আহিছে। বৈঠকত বক্তব্য ৰাখি ৰাহুল গান্ধীয়ে কয়, "বিগত দুটা বছৰে মই এই বিষয়টো উত্থাপন কৰি আহিছো, কিন্তু প্ৰথম অৱস্থাত বহু লোকেই মোৰ কথাত বিশ্বাস কৰা নাছিল। অৱশ্যে যোৱা দুবছৰত পৰিস্থিতি সলনি হৈছে, কাৰণ তথ্য-প্ৰমাণৰ ভিত্তিত এই বিষয়সমূহ এতিয়া তুলি ধৰা হৈছে।" ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এনডিএ চৰকাৰৰ বিজয়ক লৈ…
Read More
তৃণমূলৰ নাম আৰু নিৰ্বাচনী প্ৰতীকৰ বিবাদ চাৰি মাহৰ ভিতৰত নিষ্পত্তিৰ নিৰ্দেশ; বিধায়কৰ অপসাৰণক লৈ অধ্যক্ষক সময়সীমা নিৰ্ধাৰণত উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

তৃণমূলৰ নাম আৰু নিৰ্বাচনী প্ৰতীকৰ বিবাদ চাৰি মাহৰ ভিতৰত নিষ্পত্তিৰ নিৰ্দেশ; বিধায়কৰ অপসাৰণক লৈ অধ্যক্ষক সময়সীমা নিৰ্ধাৰণত উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ দলীয় নাম আৰু প্ৰতীকক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ অন্তৰ্দ্বন্দ্বৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দলটোৰ মূল নাম আৰু নিৰ্বাচনী প্ৰতীকৰ বিবাদ অহা চাৰি মাহৰ ভিতৰত নিস্পত্তি কৰিবলৈ সোমবাৰে নিৰ্বাচন আয়োগক স্পষ্ট নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে। অৱশ্যে, দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ১০ জন বিদ্ৰোহী বিধায়কক পদৰ পৰা অপসাৰণ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ পশ্চিমবংগ বিধানসভাৰ অধ্যক্ষক কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়াৰ পৰা বিৰত থাকে আদালত। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিচাৰপীঠে এই প্ৰসংগত কয় যে আদালতে নিজৰ পূৰ্বৰ এটা ৰায়ত এনে বিষয় তিনি মাহৰ…
Read More
যেন চিনেমাৰ দৃশ্য! চলন্ত এছইউভিৰ চালত উঠি ৪০ কিঃমিঃ খেদি গুটখা সৰবৰাহকাৰীক আটক এজন আৰক্ষীৰ

যেন চিনেমাৰ দৃশ্য! চলন্ত এছইউভিৰ চালত উঠি ৪০ কিঃমিঃ খেদি গুটখা সৰবৰাহকাৰীক আটক এজন আৰক্ষীৰ

যেন কোনো চিনেমাৰ দৃশ্যহে! নিষিদ্ধ গুটখা সৰবৰাহ কৰা বাহন ৰখাবলৈ চলন্ত বাহনৰ ৰুফৰ ওপৰত উঠি ৪০ কিলোমিটাৰ যাত্ৰা কৰিলে এগৰাকী আৰক্ষীয়ে। দেওবাৰে পুৱতি নিশা তামিলনাডুৰ কইম্বাটুৰৰ পৰা ত্ৰিপুৰ সংযোগী ব্যস্ত ঘাইপথত সংঘটিত হ’ল এই শ্বাসৰুদ্ধকৰ ঘটনা। ৰাজপথত প্ৰাণৰ বাজি লগাই চলোৱা এই দুঃসাহসিক অভিযানৰ অন্তত তিনিজন আন্তঃৰাজ্যিক গুটখা সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। বাংগালুৰুৰ পৰা কইম্বাটুৰ অভিমুখে নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰী কঢ়িয়াই অনাৰ এক গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে। পুৱা প্ৰায় ৫:৪৫ বজাত কইকলাপালায়ম অঞ্চলত কৰ্ণাটক পঞ্জীয়ন নম্বৰযুক্ত এখন বগা ৰঙৰ এছইউভি ৰখাবলৈ সংকেত দিয়ে উপ-পৰিদৰ্শক ভি বিগ্নেশ আৰু হেড কনিষ্টবল এম ভেলমুৰুগানে। বাহনখন ৰখোৱাৰ…
Read More
এয়াই যদি প্ৰেম, তেন্তে ঘৃণা কি? যোৰহাটত কঁকালৰ বেল্টেৰে প্ৰেমিকে চিৰাচিৰ কৰিলে প্ৰেয়সীৰ পিঠি

এয়াই যদি প্ৰেম, তেন্তে ঘৃণা কি? যোৰহাটত কঁকালৰ বেল্টেৰে প্ৰেমিকে চিৰাচিৰ কৰিলে প্ৰেয়সীৰ পিঠি

যদি এয়াই প্ৰেম হয়, তেন্তে ঘৃণাৰ পৰিণাম আৰু কিমান ভয়ংকৰ হ’ব পাৰে? প্ৰেম-ভালপোৱাৰ নামত ৰাজ্যত সংঘটিত ইটোৰ পিছত সিটো ঘটনাৰ মাজতে এইবাৰ পুনৰ প্ৰেমৰ সম্পৰ্কক কলংকিত কৰি এগৰাকী যুৱতীক পশুতুল্য নিৰ্যাতন চলোৱাৰ এক শিহৰণকাৰী ঘটনাই জোকাৰি গ’ল যোৰহাট চহৰক। ককিলামুখৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা শান্তি আশ্ৰমৰ সমীপৰ এটা নিৰ্জন পথত এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত বাক-বিতণ্ডা হোৱাৰ পিছতেই নিজৰ পেণ্টৰ বেল্ট খুলি উপৰ্যুপৰি প্ৰহাৰ কৰি প্ৰেমিকাৰ পিঠিৰ ছাল চিৰাচিৰ কৰিলে এজন উন্মত্ত যুৱকে। স্থানীয় একাংশ সজাগ যুৱকৰ সময়োপযোগী হস্তক্ষেপৰ বাবেই যুৱতীগৰাকী নিশ্চিত মৃত্যুৰ মুখৰ পৰা কথমপি ৰক্ষা পৰে। জানিব পৰা মতে, কলবাৰী চাৰিঘৰীয়াৰ বাসিন্দা ২৭ বছৰীয়া যুৱকজনৰ সৈতে কাৰেং চাপৰিৰ যুৱতীগৰাকীৰ বিগত…
Read More
জেহাদী নেটৱৰ্কৰ বিৰুদ্ধে বৰপেটাৰোডত এনআইএৰ ধাৰাবাহিক অভিযান; দুজন সন্দেহযুক্ত আটক, মোবাইল ফোন জব্দ

জেহাদী নেটৱৰ্কৰ বিৰুদ্ধে বৰপেটাৰোডত এনআইএৰ ধাৰাবাহিক অভিযান; দুজন সন্দেহযুক্ত আটক, মোবাইল ফোন জব্দ

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শিপা উভালি পেলোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এনআইএয়ে অসমত পুনৰ আৰম্ভ কৰিছে এক ব্যাপক অভিযান। জেহাদী নেটৱৰ্কৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ সন্দেহত বৰপেটাৰোডৰ আজাদ নগৰ অঞ্চলত থকা মুস্তাফিজুৰ ৰহমান নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত এনআইএৰ এটা বিশেষ দলে অভিযান চলাই সন্দেহজনক ব্যক্তিজনক আটক কৰে। জানিব পৰা মতে, বৰপেটাৰোড চহৰৰ জামে মছজিদৰ সন্মুখত এখন কাপোৰৰ দোকান চলাই অহা মুস্তাফিজুৰ ৰহমানক বিগত ১৪ মাৰ্চত জেহাদী কাৰ্যকলাপৰ অপৰাধত অসম আৰক্ষীৰ এছটিএফে গ্ৰেপ্তাৰ কৰিছিল। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মাত্ৰ দুমাহ পূৰ্বে জামিনত মুকলি হৈ অহাৰ পিছতো তেওঁ পুনৰ এনে দেশবিৰোধী চক্ৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ অভিযোগ উঠিছে। তালাচীৰ সময়ত এনআইএৰ দলটোৱে…
Read More
এছিয়ান গেমছৰ বক্সিঙত লাভলীনা বৰগোঁহাইৰ পদক নিশ্চিত; দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত অসম কন্যা

এছিয়ান গেমছৰ বক্সিঙত লাভলীনা বৰগোঁহাইৰ পদক নিশ্চিত; দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত অসম কন্যা

এচিয়ান গেমছৰ ৰিঙত পুনৰ উজ্বলি উঠিল অসম কন্যা তথা অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই। জাপানী চহৰ নিচিঅ’ত চলি থকা এছিয়ান গেমছৰ মহিলা বক্সিং প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ ছিয়ং চুয়নক একপক্ষীয়ভাৱে পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে পদক নিশ্চিত কৰে লাভলীনাই। সোমবাৰে অনুষ্ঠিত ৭৫ কেজি ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত ভাৰতীয় তাৰকাগৰাকীয়ে ৫-০ ব্যৱধানত সহজ বিজয় সাব্যস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। প্ৰতিযোগিতাখনৰ প্ৰথমখন ৰাউণ্ডতে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি খেলিছিল অসমৰ এই অভিজ্ঞ বক্সাৰগৰাকীয়ে। কোৱাৰ্টাৰ ফাইনেলত দেখুওৱা এই আক্ৰমণাত্মক প্ৰদৰ্শনৰ জৰিয়তে তেওঁ কমেও এটা ব্ৰঞ্জৰ পদক নিজৰ নামত সুনিশ্চিত কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ সংস্কৰণতো ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই…
Read More
চাকৰিৰ আশাত সময় নষ্ট নকৰি ই-ৰিক্সা চলাবলৈ যুৱপ্ৰজন্মক আহ্বান; উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

চাকৰিৰ আশাত সময় নষ্ট নকৰি ই-ৰিক্সা চলাবলৈ যুৱপ্ৰজন্মক আহ্বান; উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

চাকৰিৰ আশাত সময় নষ্ট নকৰিব, তাতকৈ ই-ৰিক্সা চলাওক। - যুৱ প্ৰজন্মলৈ এই আহ্বান উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ। যোৱা ২৩ ছেপ্টেম্বৰত লক্ষ্ণৌত ‘ভাৰত টেক্সি’ সেৱাৰ শুভ উদ্বোধন কৰি এই বিচিত্ৰ মন্তব্য কৰিলে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ পৰম্পৰাগত চাকৰিৰ পিছত দৌৰি সময় অপচয় নকৰি নিজাকৈ টেক্সি বা ই-ৰিক্সা ক্ৰয় কৰি আত্মনিৰ্ভৰশীল হ'বলৈ যুৱক-যুৱতীসকলক পৰামৰ্শ আগবঢ়ায়। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিনটোত মাত্ৰ চাৰি ঘণ্টা সময় টেক্সি চলাই এজন ব্যক্তিয়ে নিজৰ পৰিয়ালক পৰ্যাপ্ত সময় দিয়াৰ লগতে সন্মানজনক উপাৰ্জনো কৰিব পাৰে। চৰকাৰী বা বেচৰকাৰী চাকৰিত আৱদ্ধ হৈ থকাতকৈ এনে স্ব-নিয়োজনৰ জৰিয়তে স্বাধীনতা লাভ কৰিব পাৰি বুলি তেওঁ যুক্তি দৰ্শায়। যুৱসমাজক উদ্দেশ্যি উপ-মুখ্যমন্ত্ৰী পাঠকে…
Read More
পিঠিত ওলমি থকা গীটাৰকে মানুহ ভাবিলে এআই কেমেৰাই! হেলমেট নিপিন্ধাৰ অপৰাধত ৫০০ টকাৰ চালান ভৰিবলগীয়া হ’ল চালকে

পিঠিত ওলমি থকা গীটাৰকে মানুহ ভাবিলে এআই কেমেৰাই! হেলমেট নিপিন্ধাৰ অপৰাধত ৫০০ টকাৰ চালান ভৰিবলগীয়া হ’ল চালকে

কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ এক অদ্ভুত কাণ্ডই চকু কপালত তুলিছে বাংগালুৰুৰ এজন সাধাৰণ নাগৰিকৰ। দুচকীয়া বাহনত পিঠিত এটা গীটাৰ ওলমাই যাত্ৰা কৰা এজন যুৱকৰ বিৰুদ্ধে হঠাৎ জাৰি হ’ল ৫০০ টকাৰ যান-বাহন জৰিমনাৰ জাননী। পথৰ স্বয়ংক্ৰিয় এআই কেমেৰাই যুৱকজনৰ পিঠিত থকা গীটাৰটোক হেলমেট পৰিধান নকৰা এগৰাকী আৰোহী বুলি ধাৰণা কৰাৰ ফলতেই এই বিচিত্ৰ পৰিস্থিতিৰ উদ্ভৱ হয়। ভুক্তভোগী সৌভিক দত্ত নামৰ ব্যক্তিজনে যোৱা ১৫ ছেপ্টেম্বৰত পত্নীৰ দুচকীয়া বাহন চলাই মহানগৰীখনৰ মাজেৰে অকলেই গৈ আছিল। সেই সময়ত তেওঁ নিয়ম অনুসৰি সঠিকভাৱে হেলমেট পৰিধান কৰিছিল আৰু পিঠিত ওলোমাই লৈছিল এখন গীটাৰ। কিন্তু পথৰ নিৰীক্ষণ কেমেৰাত সেই দৃশ্য বন্দী হোৱাৰ পিছতেই তেওঁৰ পত্নীৰ নামত…
Read More
বিয়াৰ দিনাই ভয়ংকৰ সিদ্ধান্ত নৱবিবাহিত দৰাৰ! কাছাৰাৰ বৰখলাত তীব্ৰ চাঞ্চল্য

বিয়াৰ দিনাই ভয়ংকৰ সিদ্ধান্ত নৱবিবাহিত দৰাৰ! কাছাৰাৰ বৰখলাত তীব্ৰ চাঞ্চল্য

বিয়াৰ আনন্দ-উল্লাসৰ মাজতেই এটা পৰিয়াললৈ নামি আহিল চৰম অন্ধকাৰ। বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ ঠিক পিছতেই নৱবিবাহিত দৰাই আত্মঘাতী হোৱাৰ এক মৰ্মান্তিক ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ কাছাৰ জিলাক। জিলাখনৰ বৰখলা সমষ্টিৰ অন্তৰ্গত চান্দপুৰ বেলাকোনা গাঁৱত দেওবাৰে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। মৃত যুৱকজনক চান্দপুৰ বেলাকোনাৰ বাসিন্দা ৰুহুল আলম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। কন্যাৰ গৃহত বৈবাহিক ৰীতি-নীতি সুকলমে সমাপ্ত হোৱাৰ পিছত ঘৰলৈ উভতি আহি তেওঁ নিজৰ শোৱনিকোঠাত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি লয়। বহু সময় কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোকে সন্দেহবশতঃ দুৱাৰ ভাঙি যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে। ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি…
Read More
মৰ্মান্তিক! মেঘালয়ত চেপ্তিক টেংক চাফা কৰিবলৈ নামি প্ৰাণ গ’ল অসমৰ ৪ শ্ৰমিকৰ, উদ্ধাৰৰ বাবে গৈ অচেতন দুই অগ্নিবীৰ

মৰ্মান্তিক! মেঘালয়ত চেপ্তিক টেংক চাফা কৰিবলৈ নামি প্ৰাণ গ’ল অসমৰ ৪ শ্ৰমিকৰ, উদ্ধাৰৰ বাবে গৈ অচেতন দুই অগ্নিবীৰ

চেপ্তিক টেংক চাফা কৰিবলৈ নামি বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ'ল অসমৰ চাৰিজনকৈ শ্ৰমিকে। মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ অন্তৰ্গত বাঘমাৰাৰ ৰাংডকৰাম অঞ্চলত দেওবাৰে বিয়লি সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। এটা ভূগৰ্ভস্থ চেপ্তিক টেংকৰ ঢাকনি খুলিবলৈ চেষ্টা কৰাৰ সময়তেই টেংকটোৰ পৰা নিৰ্গত হোৱা মাৰাত্মক গেছৰ প্ৰভাৱত এই শ্ৰমিককেইজনৰ থিতাতে প্ৰাণনাশ ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথমতে দুজন শ্ৰমিকে টেংকৰ ঢাকনিখন খুলিবলৈ চেষ্টা কৰোঁতেই গেছৰ বিষক্ৰিয়াত হঠাৎ টেংকৰ ভিতৰতে ঢলি পৰে। তেওঁলোকক ততাতৈয়াকৈ উদ্ধাৰ কৰাৰ স্বাৰ্থত আন দুজন শ্ৰমিকো আগবাঢ়ি যায় যদিও বিষাক্ত বাষ্পৰ ফলত তেওঁলোকো অচেতন হৈ সেই স্থানতে আৱদ্ধ হৈ পৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী…
Read More