Paromita

893 Posts
ৰক্ষা বন্ধনত ভাতৃক বিশেষ উপহাৰ ভগ্নীৰ; বৃক্ক দান কৰি ভাতৃক দিলে পুনৰ্জীৱন

ৰক্ষা বন্ধনত ভাতৃক বিশেষ উপহাৰ ভগ্নীৰ; বৃক্ক দান কৰি ভাতৃক দিলে পুনৰ্জীৱন

পবিত্ৰ ৰাখীবন্ধনৰ প্ৰাকক্ষণত দেখা গ’ল ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এক অনন্য তথা হৃদয়স্পৰ্শী নিদৰ্শন। ডায়েলাইচিছৰ যন্ত্ৰণাত ছটফটাই থকা ভাতৃৰ কষ্ট সহ্য কৰিব নোৱাৰি নিজৰ এটা বৃক্ক দান কৰি ভাতৃক দিলে এক নতুন জীৱন। গুৰুতৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৪০ বছৰীয়া জিতেন্দ্ৰ সিং নামৰ যুৱকজন। তেনে সময়তে তেওঁৰ ৪৫ বছৰীয়া ভগ্নী বীণা কুমাৰী গাংৱাৰে নিজৰ সোঁফালৰ বৃক্কটো দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শাৰদাকেয়াৰ-হেল্থচিটী হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে সম্পন্ন কৰে এই জটিল অস্ত্ৰোপচাৰ। চিকিৎসালয়খনৰ কিডনী ট্ৰান্সপ্লাণ্ট আৰু ইউৰ’লজী বিভাগৰ সঞ্চালক ডাঃ অনিল শৰ্মাৰ নেতৃত্বত এই এবিঅ’-কম্পেটিবল বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন হয়। বিগত দুবছৰ ধৰি সপ্তাহত তিনিবাৰকৈ ডায়েলাইচিছৰ ওপৰত নিৰ্ভৰশীল হৈ…
Read More
কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পেনেলত ড০ বৰ্ণালী ডেকা; অসমৰ প্ৰথমগৰাকী মহিলা আইএএছ হিচাপে নতুন অভিলেখ

কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পেনেলত ড০ বৰ্ণালী ডেকা; অসমৰ প্ৰথমগৰাকী মহিলা আইএএছ হিচাপে নতুন অভিলেখ

প্ৰশাসনীয় সেৱাৰ ইতিহাসত অসমৰ বাবে সংযোজন হ’ল আন এক গৌৰৱোজ্জ্বল অধ্যায়। কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আইএএছ বিষয়া হিচাপে পৰিগণিত হৈছে ড০ বৰ্ণালী ডেকা। বিগত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰীয় ডেপুটেশ্যনলৈ যোৱাৰ পূৰ্বে তেওঁ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত তথা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অসম প্ৰশাসনীয় ব্যৱস্থাত সুদীৰ্ঘ দিন ধৰি সেৱা আগবঢ়াই অহা ড০ ডেকাই বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী- এই পাঁচখনকৈ জিলাত জিলা উপায়ুক্ত হিচাপে সফলভাৱে দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষা তথা মুখ্য কাৰ্যবাহী বিষয়া, অসম দক্ষতা বিকাশ অভিযান, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক আৰু…
Read More
‘অপাৰেচন সেন্দূৰ’ক লৈ প্ৰাক্তন চিডিএছ অনিল চৌহানৰ বিস্ফোৰক তথ্য; কিৰাণা হিলছ আৰু চাৰগোধা আক্ৰমণৰ আঁৰৰ কাহিনী ফাদিল

‘অপাৰেচন সেন্দূৰ’ক লৈ প্ৰাক্তন চিডিএছ অনিল চৌহানৰ বিস্ফোৰক তথ্য; কিৰাণা হিলছ আৰু চাৰগোধা আক্ৰমণৰ আঁৰৰ কাহিনী ফাদিল

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত চলোৱা ‘অপাৰেচন সেন্দূৰ’ সম্পৰ্কে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথা অজ্ঞাত তথ্য পোহৰলৈ আনিছে ভাৰতৰ প্ৰাক্তন চিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল অনিল চৌহানে। নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ সদৰী কৰে যে চাৰগোধাত ভাৰতীয় বায়ুসেনাই আক্ৰমণৰ চূড়ান্ত প্ৰস্তুতি চলাই থকাৰ সময়তে পাকিস্তানে পুৱা প্ৰায় ১০ বজাত ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছিল। কিন্তু বায়ুসেনা প্ৰধানে আক্ৰমণ চলাই যোৱা সম্পৰ্কে সোধাত তেওঁ কোনো দ্বিধাবোধ নকৰি ‘আক্ৰমণ চলাই যোৱা’ৰ নিৰ্দেশ দিছিল। প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি স্কাৰ্দুক বিকল্প লক্ষ্য হিচাপে লোৱা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰিকল্পনা সলনি কৰি ভোলৰীক লক্ষ্য কৰা হয়। আটাইতকৈ চাঞ্চল্যকৰ বিষয় আছিল পাকিস্তানৰ…
Read More
নেপালৰ মহাপ্ৰলয়! মান সৰোবৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মুম্বাইৰ চিকিৎসক দম্পতী

নেপালৰ মহাপ্ৰলয়! মান সৰোবৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মুম্বাইৰ চিকিৎসক দম্পতী

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ আৰু বিধ্বংসী বানে ধাহিমূহি লৈ গৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বহু পাহাৰীয়া চহৰ তথা জনপদ। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বান আৰু ভূমিস্খলনৰ বাবে দেশখনত এতিয়ালৈকে ৪৬৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছে চাৰি হাজাৰৰো অধিক লোক। তেনে সংকটজনক পৰিস্থিতিৰ মাজতে কৈলাস মানসৰোবৰ যাত্ৰালৈ যোৱা ভাৰতৰ বহুসংখ্যক তীৰ্থযাত্ৰী আৱদ্ধ হৈ থকাৰ খবৰ পোহৰলৈ আহিছে। এই দুৰ্যোগত সন্ধানহীন হৈ পৰা তীৰ্থযাত্ৰীসকলৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ মুম্বাইৰ এগৰাকী প্ৰখ্যাত চিকিৎসক দম্পতীও। মুম্বাইৰ অন্ধেৰী ইষ্ট অঞ্চলৰ বাসিন্দা ডাঃ মিলিন্দ চিটলে আৰু তেওঁৰ পত্নী জাহ্নৱী চিটলে যোৱা ২৩ আগষ্টত ৬১ জনীয়া এটা দলৰ সৈতে কৈলাস মানসৰোবৰ যাত্ৰা আৰম্ভ কৰিছিল। অন্ধেৰী…
Read More
দিনদুপৰতে জিমৰ সন্মুখত গুলীয়াই হত্যা হৰিয়ানী কণ্ঠশিল্পীক! ১৮ জাঁই গুলীৰে আক্ৰমণ

দিনদুপৰতে জিমৰ সন্মুখত গুলীয়াই হত্যা হৰিয়ানী কণ্ঠশিল্পীক! ১৮ জাঁই গুলীৰে আক্ৰমণ

প্ৰাণৰ নিৰাপত্তাহীনতাই পুনৰ সৃষ্টি কৰিছে চৰম আতংক। দিনদুপৰতে এজন জনপ্ৰিয় হৰিয়ানী কণ্ঠশিল্পীক গুলীয়াই নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ চামোলী জিলাৰ আৰ্যপুৰী-নলপত্ৰী এলেকাৰ এটা জিমৰ বাহিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ বাহনৰ ভিতৰত বহি থকা অৱস্থাত কণ্ঠশিল্পীগৰাকীক লক্ষ্য কৰি মটৰচাইকেলত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ চলায়। প্ৰায় ১৮ জাঁইৰো অধিক গুলী বৰ্ষণ কৰি আক্ৰমণকাৰীৰ দলটো ঘটনাস্থলীৰ পৰা পলয়ন কৰে। শেহতীয়াকৈ পোহৰলৈ অহা চিচিটিভি কেমেৰাৰ ফুটেজত দুৰ্বৃত্তই ধাৰাসাৰ গুলীচালনা কৰি পলায়ন কৰাৰ সমগ্ৰ দৃশ্য স্পষ্টকৈ বন্দী হৈছে, যিয়ে অভিযুক্তসকলক চিনাক্তকৰণত আৰক্ষীক সহায় কৰিছে। অভিযুক্ত হত্যাকাৰীসকলক কৰায়ত্ত কৰিবলৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভিন্ন বিভাগৰ…
Read More
আৰএছএছৰ পদযাত্ৰাত অংশ লৈ নিলম্বিত কৰ্ণাটকৰ দুজন চৰকাৰী শিক্ষক

আৰএছএছৰ পদযাত্ৰাত অংশ লৈ নিলম্বিত কৰ্ণাটকৰ দুজন চৰকাৰী শিক্ষক

চৰকাৰী কৰ্মচাৰীৰ আচৰণ বিধি উলংঘা কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যসূচীত অংশ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে কৰ্ণাটকৰ দুজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকক। নিলম্বিত শিক্ষক দুজনক কুপ্পিৰ চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আন্না চাহেব দেশমুখ আৰু হুনচাগিৰ চৰকাৰী বালিকা উচ্চ বিদ্যালয়ৰ গুৰুৰাজ যোশী বুলি চিনাক্ত কৰা হৈছে। যোৱা বৰ্ষৰ অক্টোবৰ মাহত হুনচাগি আৰু বিজয়াপুৰা জিলাৰ তালিকোটত অনুষ্ঠিত আৰএছএছৰ পথ সঞ্চালনত শিক্ষক দুজনে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে আম্বেদকাৰ স্বাভিমানী সেনা নামৰ সংগঠনটোৰ জিলা সভাপতি জুম্মান্না গুড়িমণিৰ এক অভিযোগৰ ভিত্তিত শিক্ষা বিভাগে দুয়োজন শিক্ষকৰ বিৰুদ্ধে তদন্ত চলায়। তাৰ পিছতে যাদগিৰ জিলাৰ শিক্ষা উপ-সঞ্চালকালয়ে কৰ্ণাটক অসামৰিক সেৱা বিধি উলংঘাৰ অভিযোগত দুয়োগৰাকী শিক্ষকৰ বিৰুদ্ধে নিলম্বনৰ এই…
Read More
মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ! সৰৱ ছাত্ৰ সন্থা

মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ! সৰৱ ছাত্ৰ সন্থা

নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যতে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন-ধাৰণ অতিশয় জটিল কৰি তুলিছে। খাদ্যবস্তুকে ধৰি প্ৰতিবিধ প্ৰয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত দামবৃদ্ধিক লৈ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাজ্যৰ বজাৰসমূহত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে অপাৰগ হৈ পৰা বুলি তেওঁ পোনপটীয়াকৈ অভিযোগ তোলে। গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, “বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই। দামবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন-ধাৰণ দুৰ্বিষহ কৰি তুলিছে। সকলো স্তৰতে দাম বৃদ্ধি হৈছে আৰু দাম বৃদ্ধি ৰোধ কৰাত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। খাদ্যবস্তুকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুইছাই…
Read More
বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত চামিল হোৱাৰ চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ বিশেষ নেটৱৰ্ক আৰু প্ৰচাৰ তন্ত্ৰৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এনে উৰাবাতৰি বিয়পাইছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছ দলৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ বুলি উল্লেখ কৰি শইকীয়াই কয় যে বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। বিজেপিয়ে নিজৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পথ সলনি নকৰালৈকে তেনে কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি তেওঁ মহাত্মা…
Read More
আকৌ বিমান দুৰ্ঘটনা! প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত মৃত্যু ২ পাইলটৰ

আকৌ বিমান দুৰ্ঘটনা! প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত মৃত্যু ২ পাইলটৰ

আকৌ আকাশত মৃত্যুৰ কিৰিলি! এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন অভিজ্ঞ বৈমানে। বৃহস্পতিবাৰে পুৱা প্ৰায় ১১:৫০ বজাত গোৱালটোলি থানাৰ অন্তৰ্গত নাথাপুৰৱা গাঁৱৰ সমীপত গংগা নদীৰ পাৰৰ এখন পথাৰত আচাৰ খাই পৰে চাৰিখন আসনযুক্ত ‘টেকনাম’ নামৰ দুই ইঞ্জিনবিশিষ্ট প্ৰশিক্ষণ বিমানখন। গাৰ্গ এভিয়েচন ট্ৰেইনিং চেণ্টাৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে নিয়ন্ত্ৰণ হেৰুৱাই বিমানখন দুৰ্ঘটনাত পতিত হয়। নিহত পাইলট দুজনৰ এজন গুজৰাটৰ বাসিন্দা শচীন আৰু আনজন কৰ্ণাটকৰ অভিষেক পূজাৰী বুলি চিনাক্ত কৰা হৈছে। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে দুয়োগৰাকী পাইলটৰ মৃত্যু নিশ্চিত কৰিছে। পাইলট শচীনৰ ৩,০০০ ঘণ্টাতকৈ অধিক সময় বিমান চলোৱাৰ অভিজ্ঞতা আছিল বুলি আৰক্ষীয়ে প্ৰকাশ…
Read More
নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানত সন্ধানহীন ইশা ফাউণ্ডেচনৰ ৮০ জনীয়া দল! সদগুৰুৰ উদ্বেগ প্ৰকাশ

নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানত সন্ধানহীন ইশা ফাউণ্ডেচনৰ ৮০ জনীয়া দল! সদগুৰুৰ উদ্বেগ প্ৰকাশ

নেপাল আৰু তিব্বত সীমান্তত সৃষ্টি হোৱা প্ৰলয়ংকৰী আকস্মিক বানৰ পিছতে সন্ধানহীন হৈ আছে ইশা ফাউণ্ডেচনৰ এটা ৮০ জনীয়া দল। আধ্যাত্মিক গুৰু তথা ইশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰু জগ্গী বাসুদেৱে সমগ্ৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তিব্বতৰ ছাগাত উপস্থিত থকা সদগুৰুৱে ব্যক্ত কৰা অনুসৰি, সীমান্ত অঞ্চলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ লগতে পথ বন্ধ হৈ পৰাত দুৰ্যোগস্থলীৰ সৈতে কোনো ধৰণৰ আনুষ্ঠানিক সংযোগ স্থাপন সম্ভৱ হোৱা নাই। আৱদ্ধ হৈ পৰা দলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২২ জন, কানাডাৰ ১২ জন, অষ্ট্ৰেলিয়াৰ ১১ জন, যুক্তৰাজ্যৰ ৯ জন, জাৰ্মানীৰ ৪ জন, ফ্ৰান্সৰ ৩ জন, নেপালৰ ৩ জনকৈ সদস্য আছে। ইয়াৰ উপৰি নেদাৰলেণ্ড, নিউজিলেণ্ড, ছিংগাপুৰ আৰু…
Read More