Paromita

1016 Posts
মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ এনডিএত মতভেদ; স্বচ্ছতাৰ দাবীত সৰৱ চিৰাগ পাছোৱান, টিডিপি আৰু আৰএলএম

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ এনডিএত মতভেদ; স্বচ্ছতাৰ দাবীত সৰৱ চিৰাগ পাছোৱান, টিডিপি আৰু আৰএলএম

নিৰ্বাচন আয়োগৰ ভিতৰচ'ৰাত সংঘটিত সংঘাতক লৈ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াই এতিয়া জোকাৰি গৈছে এনডিএ মিত্ৰজোঁটক। কেৱল বিৰোধীয়েই নহয়, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালীক লৈ এইবাৰ পোনপটীয়াকৈ প্ৰশ্ন তুলিলে বিজেপিৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ সহযোগী দলে। কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ মুৰব্বী চিৰাগ পাছোৱানে আয়োগৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ স্পষ্টীকৰণ দাবী কৰাৰ পিছতেই তেলুগু দেশম পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাইও একে সুৰতে আয়োগৰ পৰা উত্তৰ বিচাৰিছে। কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে সতৰ্কবাৰ্তা দি কয় যে নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত দেশৰ সাধাৰণ জনতাৰ আস্থা এতিয়া সংকটৰ মুখত পৰিছে। তেওঁ কোনো ৰাজনৈতিক পক্ষ নোলোৱাকৈ বিষয়টো স্পষ্ট কৰি কয়, "যদিহে নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত মানুহৰ বিশ্বাস…
Read More
মুখ্য নিৰ্বাচনী আয়ুক্তৰ বাবে ‘কালাপানী’ৰ শাস্তিহে উপযুক্তঃ কিয় ক’লে কংগ্ৰেছ সাংসদ সুখদেৱ ভগতে?

মুখ্য নিৰ্বাচনী আয়ুক্তৰ বাবে ‘কালাপানী’ৰ শাস্তিহে উপযুক্তঃ কিয় ক’লে কংগ্ৰেছ সাংসদ সুখদেৱ ভগতে?

ভোটাৰ তালিকাৰ বিশেষ গভীৰ নিৰীক্ষণ চমুকৈ এছআইআৰ প্ৰক্ৰিয়াক লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাময় পৰিস্থিতি চলি থকাৰ মাজতেই মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে নজিৰবিহীনভাৱে সৰৱ হৈ উঠিল কংগ্ৰেছ। শনিবাৰে সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ সাংসদ সুখদেৱ ভগতে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে সংবিধান উলংঘা কৰি এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ হৈ কাম কৰাৰ গুৰুতৰ অভিযোগ তোলে। আয়ুক্তগৰাকীৰ পদমৰ্যাদা আৰু তেওঁ কৰা ভুলৰ গভীৰতালৈ চাই তেওঁক ব্ৰিটিছ যুগৰ কুখ্যাত ‘কালাপানী’ৰ দৰে চৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাটোৱেই সৰ্বাধিক উচিত পদক্ষেপ হ’ব বুলি বিস্ফোৰক মন্তব্য কৰে সাংসদগৰাকীয়ে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক প্ৰশ্নৰ কাঠগড়াত তুলি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰা…
Read More
১২ ঘণ্টাৰ পেৰ’ল লৈ জেলৰ পৰা ওলাই কম্বোডিয়াৰ প্ৰেয়সীৰে বিবাহপাশত আৱদ্ধ কুখ্যাত গেংষ্টাৰ মেনপাল বাদলী

১২ ঘণ্টাৰ পেৰ’ল লৈ জেলৰ পৰা ওলাই কম্বোডিয়াৰ প্ৰেয়সীৰে বিবাহপাশত আৱদ্ধ কুখ্যাত গেংষ্টাৰ মেনপাল বাদলী

অপৰাধৰ অন্ধকাৰ জগতৰ পৰা ওলাই আহি হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল হাৰিয়ানাৰ এজন কুখ্যাত গেংষ্টাৰ। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা মাত্ৰ ১২ ঘণ্টাৰ পেৰ’ল লাভ কৰি কম্বোডিয়াৰ পৰা অহা প্ৰেমিকা মেটাচানক পত্নীৰূপে গ্ৰহণ কৰিলে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধী মেনপাল ধিল্লা ওৰফে মেনপাল বাদলীয়ে। বৃহস্পতিবাৰে ঝজ্জৰ-গুৰুগ্ৰাম সংযোগী পথৰ দুলীনাৰ এখন ফাৰ্ম হাউচত কটকটীয়া আৰক্ষীৰ বেষ্টনীৰ মাজত এই ব্যতিক্ৰমী বিবাহ সম্পন্ন হয়। হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ বাদলী গাঁৱৰ বাসিন্দা মেনপালে জীৱনৰ প্ৰথমচোৱাত এগৰাকী ট্ৰেক্টৰ মেকানিক হিচাপে কাম কৰিছিল। কিন্তু ২০০০ চনত নিজৰ বৰদেউতাকৰ হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ গৈ তেওঁ অপৰাধৰ পথ বাছি লয়। পৰৱৰ্তী সময়ত এটা নিজস্ব অপৰাধ চক্ৰ গঢ়ি তোলা মেনপালৰ বিৰুদ্ধে…
Read More
পুনৰ আকাশত মৃত্যুৰ কিৰিলি! সেনাৰ বিমানগ্ৰস্ত হৈ শীৰ্ষ সামৰিক বিষয়াসহ ১৪ গৰাকী আৰোহীৰ কৰুণ মৃত্যু

পুনৰ আকাশত মৃত্যুৰ কিৰিলি! সেনাৰ বিমানগ্ৰস্ত হৈ শীৰ্ষ সামৰিক বিষয়াসহ ১৪ গৰাকী আৰোহীৰ কৰুণ মৃত্যু

আকৌ আকাশত উঠিল মৃত্যুৰ কিৰিলি! এইবাৰ আকাশমাৰ্গত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কমেও ১৪ জন লোকে। ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো চমুকৈ ডি আৰ চিৰ দক্ষিণ-পশ্চিম প্ৰান্তত শুকুৰবাৰে সেনাৰ এখন বিশেষ বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলতেই এই ভয়ংকৰ ট্ৰেজেডী সংঘটিত হয়। নিহতসকলৰ ভিতৰত দেশখনৰ কেইবাগৰাকীও শীৰ্ষ সামৰিক বিষয়া থকা বুলি নিশ্চিত কৰিছে কংগোৰ প্ৰশাসনে। জানিব পৰা মতে, বিমানখনে দক্ষিণ-পশ্চিমৰ চহৰ কিউইটৰ পৰা ৰাজধানী কিনশ্বাছা অভিমুখে উৰা মাৰিছিল। কিন্তু মাজ আকাশত হঠাৎ যান্ত্ৰিক বিজুতিৰ সন্মুখীন হোৱাৰ পিছত বিমানখন কুৱাংগো প্ৰদেশৰ কেংগে চহৰত জৰুৰীভাৱে অৱতৰণ কৰোৱাৰ চেষ্টা চলোৱা হয়। সেই অঞ্চলত কোনো নিৰ্দিষ্ট বিমান অৱতৰণৰ পথ বা ৰাণৱে’ নথকাৰ বাবে বিমানখন পোনে…
Read More
মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন; এককভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ, ১৩ কোটি ভোটাৰ কৰ্তনৰ এছআইটি তদন্তৰ দাবী

মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন; এককভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ, ১৩ কোটি ভোটাৰ কৰ্তনৰ এছআইটি তদন্তৰ দাবী

সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰচৰাত সৃষ্টি হোৱা তীব্ৰ মতবিৰোধৰ মাজতে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল এজন অধিবক্তা। আয়োগৰ আন দুজন নিৰ্বাচনী আয়ুক্তৰ সন্মতি নোলোৱাকৈ একপক্ষীয়ভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে দেশৰ শীৰ্ষ আদালতত এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে। আবেদনখনত মুখ্য নিৰ্বাচনী আয়ুক্তই আন দুই আয়ুক্তক আওকাণ কৰি গ্ৰহণ কৰা সকলো নিৰ্দেশনা, সিদ্ধান্ত আৰু ছফ্টৱেৰৰ পৰিৱৰ্তনক অসাংবিধানিক তথা অবৈধ ঘোষণা কৰিবলৈ আদালতক আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও ভোটাৰ তালিকাৰ বিশেষ গভীৰ নিৰীক্ষণ চমুকৈ এছআইআৰ প্ৰক্ৰিয়াৰ সময়ত ভোটাৰ তালিকাৰ পৰা ১৩ কোটি ভোটাৰৰ নাম কৰ্তন কৰা…
Read More
ভাৰত-ম্যানমাৰ সীমান্তত দুৰ্বৃত্তৰ অতৰ্কিত গুলীচালনা; গাঁৱত সোমাই ৪ নিৰীহ নগাক নৃশংসভাৱে হত্যা, উত্তপ্ত মণিপুৰ

ভাৰত-ম্যানমাৰ সীমান্তত দুৰ্বৃত্তৰ অতৰ্কিত গুলীচালনা; গাঁৱত সোমাই ৪ নিৰীহ নগাক নৃশংসভাৱে হত্যা, উত্তপ্ত মণিপুৰ

উত্তৰ-পূবৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ ৰক্তাক্ত কাণ্ড। বৃহস্পতিবাৰে বিয়লি ভাৰত-ম্যানমাৰ সীমান্তৰ নিচেই কাষৰীয়া কামজং জিলাৰ পিলং গাঁৱত অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অতৰ্কিতে প্ৰৱেশ কৰি চলোৱা নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত হয় চাৰিজানকৈ নিৰীহ গাঁওবাসী। চুবুৰীয়া ম্যানমাৰৰ এক বিদ্ৰোহী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা দুৰ্বৃত্তৰ দলটোৱে আধুনিক স্বয়ংক্ৰিয় মাৰণাস্ত্ৰৰে সজ্জিত হৈ এই আক্ৰমণ চলোৱা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিহত লোককেইজন ক্ৰমে ফামী জাজো (৪৩), নিংথেম কাশাক (৩৫), বেটাৰচন জাজো (৫০) আৰু ভাৰেশিম জাজো (৬৭) বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণৰ সময়ত উপস্থিত থকা আন এগৰাকী ব্যক্তিয়ে কোনোমতে প্ৰাণৰক্ষা কৰি ওচৰৰ হাবিত আশ্ৰয় লয়।…
Read More
অনুপ্ৰেৰণামূলক! মেধা আৰু অধ্যাৱসায়ৰে উজ্বলিল অটোৰিক্সা চালকৰ পুত্ৰ প্ৰভাত যাদৱ, ভৰি দিলে চিকিৎসক হোৱাৰ বাটত

অনুপ্ৰেৰণামূলক! মেধা আৰু অধ্যাৱসায়ৰে উজ্বলিল অটোৰিক্সা চালকৰ পুত্ৰ প্ৰভাত যাদৱ, ভৰি দিলে চিকিৎসক হোৱাৰ বাটত

পঢ়িবলৈ ঘৰত এখন টেবুল নাছিল। নাছিল আন সা-সুবিধাও। কিন্তু অটোৰিক্সা চালক পিতৃৰ চকুত এটা সপোন আছিল। আৰু সেই সপোনৰ পম খেদিয়েই অৱশেষত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল প্ৰভাত কুমাৰ যাদৱ। প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ব্যৰ্থ হোৱাৰ পিছত পুনৰ দ্বিতীয়বাৰ চেষ্টা চলাই অৱশেষত চিকিত্সক হোৱাৰ বাটত ভৰি দিলে উত্তৰ প্ৰদেশৰ এই দৰিদ্ৰ মেধাৱী ছাত্ৰজনে। ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষা নীটত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি লক্ষ্ণৌৰ ঐতিহ্যমণ্ডিত কিং জৰ্জ মেডিকেল বিশ্ববিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰমৰ বাবে স্থান সুৰক্ষিত কৰিবলৈ সমৰ্থ হৈছে ছাত্ৰগৰাকীয়ে। উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ দেৱকিপুৰ গাঁৱৰ বাসিন্দা প্ৰভাতে নীট ইউজি পৰীক্ষাত সৰ্বমুঠ ৬২৭ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত ৩,৮৬৪ সংখ্যক স্থান দখল কৰে। ইয়াৰ…
Read More
২০১৯ চনৰ ইষ্টাৰ দেওবাৰৰ ভয়ংকৰ বিস্ফোৰণ কাণ্ড! ১৫ জনকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি উচ্চ ন্যায়ালয়ৰ

২০১৯ চনৰ ইষ্টাৰ দেওবাৰৰ ভয়ংকৰ বিস্ফোৰণ কাণ্ড! ১৫ জনকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি উচ্চ ন্যায়ালয়ৰ

২০০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হ'ল ২০১৯ চনৰ বিশ্বকঁপোৱা আক্ৰমণৰ ঘটনাত দোষী সাব্যস্ত হোৱা ১৫ জন অপৰাধী। শেহতীয়াকৈ শ্ৰীলংকাৰ উচ্চ ন্যায়ালয়ে অপৰাধীকেইজনক প্ৰতিজনকে ২০০ বছৰৰো অধিক কাৰাদণ্ডৰ শাস্তি বিহে। পাঁচ বছৰজোৰা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত তিনিজনীয়া বিশেষ বিচাৰপীঠে মঙলবাৰে এই নজিৰবিহীন ঐতিহাসিক ৰায়দান ঘোষণা কৰে। গোচৰটোৰ মুঠ ২৪ জন অভিযুক্তৰ ভিতৰত ১৪ জনক হত্যা, সন্ত্ৰাসবাদী ষড়যন্ত্ৰ আৰু মাৰণাস্ত্ৰ মজুত ৰখাৰ সকলো অভিযোগতে দোষী সাব্যস্ত কৰা হয়। আন এজন অভিযুক্তৰ বিৰুদ্ধে আংশিক অভিযোগ প্ৰমাণিত হোৱাৰ বিপৰীতে বাকী ৯ জনক আদালতে দোষমুক্ত ঘোষণা কৰে। আদালতে শাস্তি ঘোষণা কৰা লোকসকলৰ ভিতৰত মূল মাষ্টাৰমাইণ্ড মহম্মদ নৌফাৰো অন্তৰ্ভুক্ত, যিয়ে আত্মঘাতী দলটোক সকলো ধৰণৰ প্ৰশিক্ষণ আৰু যোগান…
Read More
ডেৰ মাহত ৮ বাৰ সৰ্পদংশনৰ বলি ছাত্ৰী! হাথৰছৰ এটা পৰিয়ালত আতংকৰ সৃষ্টি এডাল সাপৰ

ডেৰ মাহত ৮ বাৰ সৰ্পদংশনৰ বলি ছাত্ৰী! হাথৰছৰ এটা পৰিয়ালত আতংকৰ সৃষ্টি এডাল সাপৰ

এবাৰ নহয়, দুবাৰ নহয়, ডেৰ মাহৰ ভিতৰত ৮ বাৰকৈ সৰ্প দংশনৰ বলি হ'ল এগৰাকী কিশোৰী। উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ জংচন কোতৱালী এলেকাৰ সৰু লাড়পুৰ গাঁৱত সংঘটিত হৈছে এই আচৰিত তথা ৰহস্যজনক ঘটনা। ঘৰৰ ভিতৰতে আশ্ৰয় লৈ থকা এটা বিষধৰ সাপে মাত্ৰ চাৰিটা দিনৰ ব্যৱধানতে চাৰিবাৰকৈ দংশন কৰে এগৰাকী কলেজীয়া ছাত্ৰীক। ঘটনাৰ বলি হোৱা কিশোৰীগৰাকী হৈছে হাথৰছৰ সৰস্বতী ডিগ্ৰী কলেজৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী অনীতা। ১৭ বছৰীয়া ছাত্ৰীগৰাকীৰ পিতৃ কোমল গৌতমে জনোৱা মতে, মঙলবাৰে সন্ধিয়া ঘৰৰ ভিতৰতে পুনৰ প্ৰত্যক্ষ হয় এটা ক'লা সাপ। বিগত ডেৰ মাহ ধৰি আতংকৰ সৃষ্টি কৰি অহা এই সাপটোৱেই মঙলবাৰে সন্ধিয়া সুযোগ বুজি পুনৰ ছাত্ৰীগৰাকীৰ শৰীৰত…
Read More
পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ ব্যয় ২৮৭ কোটি টকা; নিৰ্বাচন আয়োগৰ তথ্যত ফাদিল ৰাজনৈতিক দলসমূহৰ চমকপ্ৰদ খৰচ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ ব্যয় ২৮৭ কোটি টকা; নিৰ্বাচন আয়োগৰ তথ্যত ফাদিল ৰাজনৈতিক দলসমূহৰ চমকপ্ৰদ খৰচ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ক্ষমতালৈ অহাৰ লক্ষ্যৰে বিজেপিয়ে অকলেই ব্যয় কৰিছিল প্ৰায় ২৮৭ কোটি টকা।ভাৰতীয় নিৰ্বাচন আয়োগত ৰাজনৈতিক দলসমূহে দাখিল কৰা আনুষ্ঠানিক হিচাপ অনুসৰি, বিজেপিয়ে পশ্চিমবংগত খৰচ কৰা এই বিপুল পৰিমাণৰ ধন কংগ্ৰেছে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত মিলি কৰা মুঠ ব্যয়তকৈও অধিক। একেটা বৰ্ষতে অনুষ্ঠিত অসম, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বমুঠ ৫২৯.৩৮ কোটি টকা ব্যয় কৰাৰ বিপৰীতে কেৱল বংগতেই খৰচ কৰে ২৮৬.৯৯ কোটি টকা। ইয়াৰে ২১৭.১৬ কোটি টকা সাধাৰণ প্ৰচাৰ অভিযানত আৰু ৬৯.৮৩ কোটি টকা প্ৰাৰ্থীসকলৰ বাবদ ব্যয় কৰা হয়। উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিয়ে তৃণমূল কংগ্ৰেছক ওফৰাই ২৯৩ খন আসনৰ ভিতৰত ২০৭ খন লাভ…
Read More