Paromita

893 Posts
ধাৰাসাৰ বৰষুণৰ পিছতে ভয়ংকৰ ভূমিস্খলনত খহি পৰিল জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়! কথমপি প্ৰাণৰক্ষা বহু লোকৰ

ধাৰাসাৰ বৰষুণৰ পিছতে ভয়ংকৰ ভূমিস্খলনত খহি পৰিল জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়! কথমপি প্ৰাণৰক্ষা বহু লোকৰ

নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ভূমিস্খলনৰ বাবে নাগালেণ্ডত বৃহস্পতিবাৰে পুৱা সম্পূৰ্ণৰূপে খহি পৰে এক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় ভৱন। ৰাজ্যখনৰ ট্যুৱেনচাং জিলাৰ ডাকঘৰ ৱাৰ্ডত অৱস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ভৱনটো ভূমিস্খলনৰ ফলত পুৱাৰ ভাগত ভাগি পৰে। অৱশ্যে পূৰ্বতেই ভৱনটো খালী কৰি দিয়াৰ বাবে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে, বিগত ২৩ জুলাইতেই ট্যুৱেনচাঙৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ লিথ্ৰংলা টংপী ৰুটছাই কাৰিকৰী পৰীক্ষণৰ পিছত এই ভৱনটোক বিপদজনক বুলি ঘোষণা কৰিছিল আৰু জৰুৰীভাৱে ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰিছিল। সেই নিৰ্দেশনাৰ আধাৰত ২৪ জুলাইৰ পৰাই কাৰ্যালয়টোৰ সকলো কাম-কাজ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখা হৈছিল। যাৰ ফলত ড্ৰাইভিং লাইচেঞ্চ প্ৰদান,…
Read More
ম’হৰ প্ৰকৃত গৰাকী চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষাৰ নিৰ্দেশ বিহাৰ আৰক্ষীৰ

ম’হৰ প্ৰকৃত গৰাকী চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষাৰ নিৰ্দেশ বিহাৰ আৰক্ষীৰ

এটা ম’হৰ মালিকীস্বত্বক লৈ দুটা পক্ষৰ মাজত সৃষ্টি হোৱা তীব্ৰ বিবাদ নিষ্পত্তিৰ বাবে বিহাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। গয়া জিলাত সংঘটিত এই ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ অৰ্থে আৰক্ষী প্ৰশাসনে এতিয়া জন্তুটোৰ ডিএনএ পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত লৈছে। মগধ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক বিকাশ বৈভৱে গয়া (গ্ৰামীণ) আৰক্ষী অধীক্ষক দিব্যাঞ্জলী জয়ছোৱালক বৈজ্ঞানিক অনুসন্ধানৰ জৰিয়তে এই বিবাদ সমাধানৰ নিৰ্দেশ দিয়ে। আই জি বিকাশ বৈভৱে জনোৱা অনুসৰি, সূৰজ যাদৱ আৰু প্ৰকাশ মাঞ্জী নামৰ দুটা পক্ষৰ মাজত ম’হটোক লৈ দীৰ্ঘদিনীয়া বিবাদ চলি আছে আৰু প্ৰকৃত গৰাকী নিশ্চিত কৰিবলৈ ডিএনএ পৰীক্ষাতকৈ আন কোনো সঠিক বৈজ্ঞানিক উপায় নাই। ঘটনাৰ বিৱৰণি অনুসৰি, কিছুদিন পূৰ্বে ছিৰ্হ গাঁৱৰ বাসিন্দা…
Read More
ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ! ৫ গৰাকী মহিলাসহ নিহত ৬, আহত ২০

ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ! ৫ গৰাকী মহিলাসহ নিহত ৬, আহত ২০

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জন লোকে। ভয়ংকৰ দুৰ্ঘটনাটোত আহত হয় আন ২০ জন যাত্ৰী। তেলেংগানাৰ সূৰ্য্যপেট জিলাৰ ডোৰাকুন্টাত হায়দৰাবাদ-বিজয়ৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা প্ৰায় ৫ বজাত এখন যাত্ৰীবাহী ব্যক্তিগত বাছ আৰু লোৰ পাইপ কঢ়িওৱা ট্ৰাকৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীৰ তথ্য অনুসৰি, নিহতসকলৰ ভিতৰত পাঁচগৰাকীয়েই মহিলা। লোৰ পাইপভৰ্তি ট্ৰাকখনে আন এখন বাহনক অতিক্ৰম কৰাৰ চেষ্টা চলোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত ট্ৰাকখনৰ আধাপ্ৰান্ত ডিভাইডাৰৰ ওপৰত আৰু বাকী অংশ পথৰ মাজভাগত আৱদ্ধ হৈ ৰয়। তাৰ কিছু সময়ৰ পিছতে হায়দৰাবাদৰ পৰা অন্ধ্ৰপ্ৰদেশৰ এলুৰু অভিমুখী যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই থমকি ৰোৱা…
Read More
অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ

অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ

সাম্প্ৰতিক সীমা সংঘাত আৰু পথ অৱৰোধৰ ফলত মেঘালয়ত পৰ্যটন উদ্যোগ প্ৰায় ১০০ শতাংশ লোকচানৰ সন্মুখীন হৈছে। মেঘালয় বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই কথা সদৰী কৰে ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী টিমথি ডি চিৰাই। পৰ্যটকৰ সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত স্থানীয় হোটেল, হোমষ্টে’ আৰু ব্যৱসায়ীসকল গভীৰ আৰ্থিক সংকটত পৰা বুলিও তেওঁ প্ৰকাশ কৰে। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ সফল আলোচনাৰ পাছত সমস্যাৰ সমাধান হোৱা বুলি সদৰী কৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে। সেয়েহে এতিয়া আন্তঃৰাজ্যিক পথত কোনো ধৰণৰ অৱৰোধ বা বাহন চলাচলত বাধা আৰোপ কৰাৰ প্ৰয়োজন নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। সংঘাতৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা অসমৰ পঞ্জীয়নভুক্ত বাহনসমূহৰ গৰাকীক মেঘালয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও…
Read More
হাইলাকান্দিত পাকিস্তান-সংযোগী নেটৱৰ্কৰ এজেণ্ট গ্ৰেপ্তাৰ; ধৃত লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি

হাইলাকান্দিত পাকিস্তান-সংযোগী নেটৱৰ্কৰ এজেণ্ট গ্ৰেপ্তাৰ; ধৃত লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি

ৰাজ্যত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী তথা দেশবিৰোধী নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানত বুধবাৰে পুৱতি নিশা সফলতা লাভ কৰিলে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে। পাকিস্তানস্থিত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত এজন ব্যক্তিক হাইলাকান্দি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে। জিলাখনৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত এছটিএফ আৰু হাইলাকান্দি জিলা আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। ধৃত অভিযুক্তজনক ২১ বছৰীয়া ফৈজল ইছলাম বৰভূঞা বুলি চিনাক্ত কৰা হৈছে। এই নতুন গ্ৰেপ্তাৰৰ লগে লগে উক্ত নেটৱৰ্কৰ সৈতে জড়িত হৈ ধৰা পৰা মুঠ লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। আৰক্ষীৰ এক বিবৃতিত প্ৰকাশ পাইছে যে এছটিএফ থানাৰ ০৬/২০২৬ নম্বৰৰ গোচৰটোৰ অধীনত ধৃত বৰভূঞা দীৰ্ঘদিন ধৰি পলাতক…
Read More
শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হ’ব দুৰ্গাপূজা মণ্ডপ

শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হ’ব দুৰ্গাপূজা মণ্ডপ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক সংগ্ৰামক লৈ এইবাৰ সজাই তোলা হ’ব এক ব্যতিক্ৰমী দুৰ্গাপূজাৰ মণ্ডপ। হিন্দু মহাসভাৰ উদ্যোগত মহানগৰীৰ ৰুবি ক্ৰছিঙত অনুষ্ঠিত হ’বলগীয়া এই পূজাৰ মূল বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে 'নন্দীগ্ৰামৰ পৰা নবান্ন: বুবাইৰ জয়যাত্ৰা'। জনপ্ৰিয়ভাৱে 'বুবাই' নামেৰে পৰিচিত মুখ্যমন্ত্ৰীগৰাকীৰ শৈশৱ, ৰাজনীতিত প্ৰৱেশ, বিভিন্ন আন্দোলনৰ সংগ্ৰাম আৰু অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সমগ্ৰ যাত্ৰাক প্ৰতিফলিত কৰা হ'ব এই মণ্ডপত। বিভিন্ন ভাস্কৰ্য, ফ্লেক্স পেনেল, আলোকচিত্ৰ, মিউৰেল আৰু তথ্যচিত্ৰৰ জৰিয়তে এই ৰাজনৈতিক ইতিহাস দৰ্শনাৰ্থীৰ বাবে উপস্থাপন কৰা হ'ব বুলি উদ্যোক্তাসকলে জনায়। হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি চন্দ্ৰচূড় গোস্বামীয়ে কয়, “মণ্ডপত শুভেন্দু অধিকাৰীৰ এক ক্ষুদ্ৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ উপৰিও তেওঁৰ জীৱনৰ…
Read More
পুলৱামাত আৰক্ষী-সেনাৰ যৌথ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ দুই সন্ত্ৰাসবাদী সহযোগী গ্ৰেপ্তাৰ

পুলৱামাত আৰক্ষী-সেনাৰ যৌথ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ দুই সন্ত্ৰাসবাদী সহযোগী গ্ৰেপ্তাৰ

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে চলোৱা এক যৌথ অভিযানত মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ধৰা পৰিল দুজন সন্ত্ৰাসবাদী সহযোগী। জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট, সেনাৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ ১৮৩ বেটেলিয়নে ৰাজপোৰাৰ চিবি নাথৰ য়াৰৱান বনাঞ্চলত এই অভিযান চলায়। চোৰাংচোৱাৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ২৪ আৰু ২৫ আগষ্টৰ নিশা অঞ্চলটো ঘেৰি তালাচী চলায় নিৰাপত্তাৰক্ষীৰ যৌথ দলটোৱে। বনাঞ্চলৰ ফালৰ পৰা চিবি নাথ গাঁৱলৈ সন্দেহজনকভাৱে আগবাঢ়ি অহা দুয়োজন লোকক প্ৰত্যক্ষ কৰাৰ লগে লগে জোৱানসকলে আটক কৰে। ধৃত ব্যক্তি দুজনক লাচ্চি ডাবনৰ বাসিন্দা লতিফ আহমেদ দীদাদ আৰু বুন খা বামনুৰ বাসিন্দা এয়াজ আহমেদ বাজাদ বুলি চিনাক্ত কৰা হৈছে। তালাচীৰ সময়ত তেওঁলোকৰ জিম্মাৰ পৰা এটা পিষ্টল, ১২…
Read More
অসম ৰাইফলছৰ তৎপৰতাত উদ্ধাৰ ডিমাপুৰৰ সন্ধানহীন কিশোৰ; সুৰক্ষিতভাৱে ওভতাই দিলে পৰিয়ালক

অসম ৰাইফলছৰ তৎপৰতাত উদ্ধাৰ ডিমাপুৰৰ সন্ধানহীন কিশোৰ; সুৰক্ষিতভাৱে ওভতাই দিলে পৰিয়ালক

এজন কৰ্তব্যৰত জোৱানৰ সতৰ্কতা আৰু মানৱীয় প্ৰচেষ্টাৰ ফলত ৰক্ষা পৰিল ঘৰৰ পৰা সন্ধানহীন হোৱা এটা ১০ বছৰীয়া শিশু। এখন যাত্ৰীবাহী ৰে’লত অকলশৰে ভ্ৰমণ কৰি থকা অৱস্থাত অসম ৰাইফলছৰ এজন জোৱানে উদ্ধাৰ কৰে কিশোৰটোক। যোৱা ২২ আগষ্টত নাগালেণ্ডৰ ডিমাপুৰস্থিত নেইচাটুঅ’ কলনিৰ নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল জোচেফ মাও নামৰ কিশোৰটি। পৰৱৰ্তী দিনা অৰ্থাৎ ২৩ আগষ্টত ত্ৰিপুৰাগামী এখন ৰে’লত পিঠিত স্কুল বেগ লৈ কোনো অভিভাৱক অবিহনে অকলশৰে বহি থকা শিশুটি প্ৰত্যক্ষ কৰে অসম ৰাইফলছৰ ৰাইফলমেন লৰেন্স হ্ৰাংখলে। সোধা-পোছাত ল’ৰাটোৱে ঘৰৰ সঠিক ঠিকনা বা কি কাৰণত ৰে’লত উঠিছিল, সেই বিষয়ে একো ক’ব নোৱাৰাত সন্দেহ ওপজে জোৱানজনৰ। বিষয়টো তাৎক্ষণিকভাৱে উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে জোৱানজনে।…
Read More
ইংৰাজী কোৱাৰ দক্ষতাক লৈ ককৰোচ জনতা পাৰ্টীৰ মুৰব্বী অভিজিত দীপকেক কটাক্ষ কংগণা ৰাণাৱটৰ

ইংৰাজী কোৱাৰ দক্ষতাক লৈ ককৰোচ জনতা পাৰ্টীৰ মুৰব্বী অভিজিত দীপকেক কটাক্ষ কংগণা ৰাণাৱটৰ

ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ইংৰাজী কোৱাৰ শৈলীক লৈ সামাজিক মাধ্যমত শ্লেষাত্মক মন্তব্য প্ৰকাশ কৰিছে বলীউড অভিনেত্ৰী তথা সাংসদ কঙ্গনা ৰাণাৱটে। দীপকে আৰু নিজৰ ইংৰাজী ভাষণৰ এটা তুলনামূলক ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ভাষাগত দক্ষতাক সমালোচনা কৰে। নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভাইৰেল ভিডিঅ’ ৰিপ’ষ্ট কৰিছিল বিজেপি সাংসদগৰাকীয়ে, য’ত দীপকে আৰু কঙ্গনাই ৰাজহুৱা স্থানত ইংৰাজী কোৱাৰ পৃথক পৃথক দৃশ্য সংযোগ কৰা হৈছিল। শৈক্ষিক পটভূমিৰ তুলনা কৰি ভিডিঅ’টোত লিখা আছিল, “দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কঙ্গনা ৰাণাৱট বনাম বষ্টন বিশ্ববিদ্যালয়ৰ চিজেপি নেতা দীপকেৰ ইংৰাজীৰ স্তৰঃ এগৰাকীৰ অগনিসদৃশ আৰু আনগৰাকীক ৰিবুটৰ প্ৰয়োজন।” কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত নিজৰ উচ্চাৰণ আৰু ইংৰাজী ক’ব নজনাৰ বাবে বহু…
Read More
আকৌ মুকলি আকাশৰ তললৈ ধৰ্ষণ, হত্যাকাৰী গুৰমীত ৰাম ৰহিম! ১৭ সংখ্যকবাৰ সাময়িক মুক্তি

আকৌ মুকলি আকাশৰ তললৈ ধৰ্ষণ, হত্যাকাৰী গুৰমীত ৰাম ৰহিম! ১৭ সংখ্যকবাৰ সাময়িক মুক্তি

দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ থকা ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিং মঙলবাৰে পুৱা পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিল। হাৰিয়ানা প্ৰশাসনে তেওঁক ২১ দিনৰ পেৰ’ল মঞ্জুৰ কৰাৰ পাছতে পুৱা ৰোহটকৰ সুনৰিয়া কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁক মুকলি কৰি দিয়া হয়। কাৰাগাৰ কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি, এই ২১ দিনৰ সময়ছোৱাত তেওঁ চিৰছাত থকা ডেৰাৰ মুখ্য কাৰ্যালয়ত থাকিব। যোৱা ২০১৭ চনৰ আগষ্টত দোষী সাব্যস্ত হোৱাৰ পাছত এইটো আছিল ৰাম ৰহিমৰ ১৭ সংখ্যক সাময়িক মুক্তি। কেৱল চলিত বৰ্ষতে তেওঁ তৃতীয়বাৰলৈ কাৰাগাৰৰ পৰা ওলাই আহিছে। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰীত ৪০ দিন আৰু মে’ মাহত ৩০ দিনৰ বাবে…
Read More