Paromita

893 Posts
বানবিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ; নতুন দিল্লীত নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

বানবিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ; নতুন দিল্লীত নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

শেহতীয়া বিধ্বংসী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ তৎকালীন পুনৰ নিৰ্মাণ আৰু ৰাজ্যৰ পথ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বানৰ ফলত ক্ষতিগ্ৰস্ত ঘাইপথসমূহ তৎকালীনভাৱে মেৰামতি কৰাৰ সমান্তৰালকৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পথ যোগাযোগ ব্যাহত নোহোৱাৰ বাবে এক দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণৰ ওপৰত বৈঠকত জোৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ ভৌগোলিক পৰিস্থিতি আৰু বানপ্ৰৱণ অঞ্চলসমূহৰ তথ্য-অভিজ্ঞতাক ঘাইপথ নিৰ্মাণ পৰিকল্পনাত অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তা ব্যক্ত কৰি তেওঁ কয় যে কালভাৰ্ট আৰু দলঙৰ সঠিক স্থান নিৰ্ধাৰণ তথা উন্নত নক্সাৰ জৰিয়তেহে জলনিষ্কাশন ব্যৱস্থা অধিক শক্তিশালী কৰিব পৰা যাব। ইয়াৰ দ্বাৰা…
Read More
১৯৯৮ চনৰ ৱানধামা হত্যাকাণ্ডৰ পুনৰ তদন্ত; জম্মু-কাশ্মীৰৰ ৰাজ্যিক তদন্তকাৰী সংস্থাৰ বিশেষ পদক্ষেপ

১৯৯৮ চনৰ ৱানধামা হত্যাকাণ্ডৰ পুনৰ তদন্ত; জম্মু-কাশ্মীৰৰ ৰাজ্যিক তদন্তকাৰী সংস্থাৰ বিশেষ পদক্ষেপ

১৯৯৮ চনৰ কুখ্যাত ৱানধামা নৰসংহাৰৰ পুনৰ তদন্ত আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীৰ ৰাজ্যিক তদন্তকাৰী সংস্থাই। গান্দেৰবাল জিলাৰ ৱানধামা গাঁৱত সংঘটিত এই বৰ্বৰ আক্ৰমণত ২৩ গৰাকীকৈ কাশ্মীৰী পণ্ডিতে প্ৰাণ হেৰুৱাইছিল। বিগত কেইবাদিনো ধৰি এই হত্যাকাণ্ডৰ সৈতে জড়িত কেইবাটাও স্থানত চলোৱা তালাচী অভিযানৰ পাছতে সংস্থাই এই সিদ্ধান্ত লয়। ১৯৯৮ চনৰ গণৰাজ্য দিৱসৰ ঠিক পূৰ্বৰ নিশা ভাৰতীয় সেনাৰ পোছাক পিন্ধি লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদিনৰ উগ্ৰপন্থী দলে উপত্যকাটোৰ ৱানধামা গাঁৱত নিৰ্বিচাৰ গুলীচালনা চলাইছিল। কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত ৯ গৰাকী মহিলা আৰু চাৰিটি শিশুকে ধৰি ২৩ জন লোক নিহত হৈছিল। সেই সময়ত ঘটনাৰ তদন্ত আৰম্ভ হৈছিল যদিও এতিয়া সংস্থাই সমগ্ৰ…
Read More
বছৰি ৩টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু বিনামূলীয়া বাছ যাত্ৰাঃ তামিলনাড়ুৰ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা

বছৰি ৩টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু বিনামূলীয়া বাছ যাত্ৰাঃ তামিলনাড়ুৰ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা

এতিয়াৰে পৰা বছৰি তিনিটাকৈ বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ লাভ কৰিব আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহে। তামিলনাড়ুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়য়ে সোমবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। ২.৫ লাখ টকাতকৈ কম বাৰ্ষিক আয় থকা পৰিয়ালসমূহহে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ’ব বুলিও তেওঁ স্পষ্ট কৰে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজয়ে জনায় যে ‘অন্নপূৰাণী ছুপাৰ চিক্স’ নামৰ এই আঁচনিখন ২০২৭ চনৰ পোংগল উৎসৱৰ পৰা কাৰ্যকৰী কৰা হ’ব। আঁচনিৰ অধীনত পৰিয়ালৰ গৃহকৰ্ত্ৰীগৰাকীয়েই হ’ব মূল হিতাধিকাৰী আৰু চিলিণ্ডাৰৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ’ব। ৰাজ্যখনৰ প্ৰায় ১ কোটি ৩০ লাখ পৰিয়ালে লাভ কৰিবলগীয়া এই আঁচনিৰ নামত চৰকাৰী কোষাগাৰৰ পৰা ব্যয় হ’ব…
Read More
চিকিৎসালয়ৰ এনআইচিইউত ভয়ংকৰ অগ্নিকাণ্ড! তিনি নৱজাতকৰ কৰুণ মৃত্যু

চিকিৎসালয়ৰ এনআইচিইউত ভয়ংকৰ অগ্নিকাণ্ড! তিনি নৱজাতকৰ কৰুণ মৃত্যু

নিৰাপদ আশ্ৰয়স্থল হিচাপে গণ্য কৰা চিকিৎসালয়ৰ কক্ষতে সংঘটিত হ’ল এক চৰম হৃদয়বিদাৰক ঘটনা। নৱজাতক নিবিড় পৰিচৰ্যা কেন্দ্ৰত হঠাৎ জুই বিয়পি পৰাৰ ফলত প্ৰাণ হেৰুৱায় তিনিটাকৈ নিষ্পাপ নৱজাতকে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ চৰকাৰী মহিলা চিকিৎসালয়ত সোমবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত আন কেইবাটাও শিশু গুৰুতৰভাৱে আহত হয়। বদনেৰাৰ বিধায়ক ৰবি ৰাণাই ইতিমধ্যে তিনিটা শিশুৰ মৃত্যুৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। প্ৰাথমিক তথ্য অনুসৰি, চিকিৎসালয়খনৰ তৃতীয় মহলাত থকা এনআইচিইউ কক্ষত ৩৯টা নৱজাতক চিকিৎসাধীন হৈ থকাৰ সময়তে এটা ভেণ্টিলেটৰত প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটে। জুইৰ শিখা আৰু বিষাক্ত ধোঁৱাই সমগ্ৰ কক্ষটো আৱৰি ধৰাৰ লগে লগে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে তৎপৰতাৰে আন শিশুসকলক নিৰাপদে উদ্ধাৰ…
Read More
পানী শোধন প্ৰকল্পত ক্ল’ৰিন গেছ নিৰ্গমন! গুৰুতৰভাৱে আহত কেইবাজনো, চিকিৎসালয়ত ভৰ্তি

পানী শোধন প্ৰকল্পত ক্ল’ৰিন গেছ নিৰ্গমন! গুৰুতৰভাৱে আহত কেইবাজনো, চিকিৎসালয়ত ভৰ্তি

খোৱাপানী শোধন প্ৰকল্পৰ এটা বৃহৎ চিলিণ্ডাৰৰ পৰা ক্ল’ৰিন গেছ নিৰ্গত হোৱাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিল কেইবাগৰাকীও লোক। মহাৰাষ্ট্ৰৰ নাগপুৰ মহানগৰীৰ সমীপৱৰ্তী গোধনী গাঁৱত সোমবাৰে মাজনিশা সংঘটিত হয় এই ঘটনা। নিৰ্গত বিষাক্ত গেছে কাষৰীয়া আৱাসিক অঞ্চল আৱৰি ধৰাৰ পাছতে শ্বাস-প্ৰশ্বাসৰ চৰম কষ্টত ভোগা লোকসকলক তৎকালীনভাৱে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। নাগপুৰ পৌৰ নিগমৰ তথ্য অনুসৰি, প্ৰকল্পটোত মজুত থকা ৯০০ কিলোগ্ৰাম ক্ষমতাৰ এটা চিলিণ্ডাৰৰ পৰা মাজনিশা প্ৰায় ১:০০ বজাত হঠাৎ গেছ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড বিষাক্ত গেছ বিয়পি পৰাৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত তীব্ৰ কাঁহ আৰু উশাহ-নিশাহৰ সমস্যাই দেখা দিয়ে। পৰিস্থিতি বিষম হোৱা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে প্ৰকল্পৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকা ছীল…
Read More
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ তদন্ত প্ৰতিবেদনত কেন্দ্ৰৰ সিদ্ধান্তহীনতা! তীব্ৰ উদ্বেগ শিক্ষক সন্থাৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ তদন্ত প্ৰতিবেদনত কেন্দ্ৰৰ সিদ্ধান্তহীনতা! তীব্ৰ উদ্বেগ শিক্ষক সন্থাৰ

তদন্ত সমিতিৰ প্ৰতিবেদন দাখিলৰ তিনি মাহ অতিক্ৰম কৰাৰ পিছতো কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ৰ কোনো চূড়ান্ত সিদ্ধান্ত লাভ কৰা নাই তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই দেওবাৰে এক প্ৰেছ বিবৃতিযোগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে এই অচলাৱস্থাৰ কথা। উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত যোৱা মে’ মাহতে সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল যদিও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশনা প্ৰেৰণ কৰা হোৱা নাই। শিক্ষা মন্ত্ৰ্যালয়ে ২০২৫ চনৰ ৩১ ডিচেম্বৰত এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি উপাচাৰ্য সিঙক তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সকলো দায়িত্বৰ পৰা আঁতৰি ছুটীত থাকিবলৈ নিৰ্দেশ দিছিল। পৰৱৰ্তী সময়ত আচাৰ্যৰ দ্বাৰা অমৰেন্দ্ৰ কুমাৰ দাসক প্ৰ’-উপাচাৰ্য হিচাপে নিযুক্ত কৰা হয়…
Read More
সাংস্কৃতিক অনুষ্ঠান উপভোগৰ সময়তে মহতিয়াই নিলে নিয়ন্ত্ৰণহীন বাছে! নিহত ৫, আহত বহুতো

সাংস্কৃতিক অনুষ্ঠান উপভোগৰ সময়তে মহতিয়াই নিলে নিয়ন্ত্ৰণহীন বাছে! নিহত ৫, আহত বহুতো

উৎসৱমুখৰ পৰিৱেশৰ মাজতে হঠাৎ নামি অহা এক শোকাৱহ দুৰ্ঘটনাই কঁপাই তুলিলে বিহাৰৰ পশ্চিম চম্পাৰণ জিলা। পথৰ কাষত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকা দৰ্শকৰ মাজত নিয়ন্ত্ৰণ হেৰুওৱা এখন বাছ সোমাই পৰাৰ ফলত কমেও পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হয়। জিলাখনৰ লৌৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত পৰৌ তোলাৰ লৌৰিয়া পথত শুকুৰবাৰে নিশা প্ৰায় ১০:৪৫ বজাত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়। নৰকটিয়াগঞ্জৰ মহকুমা আৰক্ষী বিষয়া অজয় প্ৰকাশ সিঙে জানিবলৈ দিয়া অনুসৰি, বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে হ’বলগীয়া মুখামুখী সংঘৰ্ষ এৰাবলৈ যাওঁতে যাত্ৰীবাহী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত বাছখনে পথৰ দাঁতিত চলি থকা সাংস্কৃতিক অনুষ্ঠানটোৰ…
Read More
ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা; কামৰূপত বুজন পৰিমাণৰ হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক

ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা; কামৰূপত বুজন পৰিমাণৰ হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক

গোপন সূত্ৰৰ পম খেদি চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল কামৰূপ জিলা আৰক্ষী। জিলাখনৰ নগৰবেৰা থানাৰ অন্তৰ্গত কল্যাণপুৰত শুকুৰবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে চলোৱা এক অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ চাৰিজন কুখ্যাত সৰবৰাহকাৰীক হাতে-লোটে আটক কৰে। বকো-ছয়গাঁও সংমণ্ডলৰ সহকাৰী আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ এক গোপন তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হয়। সেই তথ্য অনুসৰি, টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতা আৰু নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কল্যাণপুৰৰ এটা আৱাসিক গৃহত নিশাৰ ভাগত স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত তালাচী চলায়। অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে দুটা পাত্ৰৰ পৰা মুঠ ৭২ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন…
Read More
অসমৰ বান আৰু প্ৰকৃতিৰ সংকট সমাধানৰ বাবে ব্যাপক বৈজ্ঞানিক পদক্ষেপৰ দাবীঃ বিশেষ কনভেনচনৰ আহ্বান নাগৰিক সন্মিলনৰ

অসমৰ বান আৰু প্ৰকৃতিৰ সংকট সমাধানৰ বাবে ব্যাপক বৈজ্ঞানিক পদক্ষেপৰ দাবীঃ বিশেষ কনভেনচনৰ আহ্বান নাগৰিক সন্মিলনৰ

জলবায়ু পৰিৱৰ্তন আৰু বৰ্তমানৰ তথাকথিত উন্নয়নৰ আৰ্হিয়ে অসমৰ বান পৰিস্থিতিক অধিক ভয়াৱহ আৰু বিধ্বংসী কৰি তুলিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। কেৱল সাময়িক সকাহ আৰু মথাউৰি মেৰামতিৰ পৰিৱৰ্তে সমগ্ৰ নদী আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰক লৈ এক সৰ্বাংগীন তথা বৈজ্ঞানিক পদক্ষেপ গ্ৰহণৰ দাবী তুলি শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্ট কৰি দিয়ে নাগৰিক সমাজে। সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পই অসমৰ কেইবাখনো নদীৰ গতিপথ সলনি কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত পলস পেলাই নদীৰ গভীৰতা হ্ৰাস কৰিছিল। পৰৱৰ্তী সময়ত বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও এই পদক্ষেপৰ দীৰ্ঘম্যাদী উপযোগিতাক লৈ এতিয়াও প্ৰশ্ন থাকি গৈছে। পূৰ্বতে বানপানীয়ে প্ৰাকৃতিকভাৱে…
Read More
নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

মেঘালয়ত অসমৰ বাহন আৰু চালকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ প্ৰতিবাদত চুবুৰীয়া ৰাজ্যখনলৈ পেট্ৰ'ল, ডিজেল আৰু এলপিজি কঢ়িওৱা সকলো ধৰণৰ বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে। মেঘালয় চৰকাৰে অসমৰ পঞ্জীয়নভুক্ত বাণিজ্যিক তথা পৰ্যটন বাহনসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত নকৰালৈকে এই সিদ্ধান্ত বাহাল থাকিব বুলি শুকুৰবাৰে স্পষ্ট কৰি দিয়ে শ্ৰমিক সংগঠনটোৱে। সংগঠনটোৰ সাধাৰণ সম্পাদক ৰমেন ডেকাই জনোৱা অনুসৰি, মেঘালয়ৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত পেট্ৰ'লিয়ামজাত সামগ্ৰী উঠোৱা আৰু নমাোৱা কাৰ্যও সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "যিহেতু পেট্ৰ'লিয়ামজাত সামগ্ৰীসমূহ অত্যন্ত দাহ্য পদাৰ্থ, গতিকে বাহন আৰু চালকসকলৰ নিৰাপত্তাৰ…
Read More