Paromita

1016 Posts
যমুনা এক্সপ্ৰেছৱে’ত চলন্ত বাছত বিধ্বংসী অগ্নিকাণ্ড; নিদ্ৰাৰত অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাসহ ৯ যাত্ৰীৰ কৰুণ মৃত্যু

যমুনা এক্সপ্ৰেছৱে’ত চলন্ত বাছত বিধ্বংসী অগ্নিকাণ্ড; নিদ্ৰাৰত অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাসহ ৯ যাত্ৰীৰ কৰুণ মৃত্যু

চলন্ত বাহনৰ ভিতৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে ৯ জনকৈ যাত্ৰীয়ে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাস্থিত যমুনা এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা সংঘটিত এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হয় আন কেইবাজনো যাত্ৰী। নয়ডাৰ পৰা মাহোবা অভিমুখে গৈ থকা অৱস্থাত ৩৫ গৰাকী আৰোহীসহ যাত্ৰীবাহী ডাবল ডেকাৰ শ্লিপাৰ বাছখনত হঠাৎ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। সেই সময়ত বাছখনৰ প্ৰায়সংখ্যক যাত্ৰীয়েই গভীৰ নিদ্ৰাত নিমগ্ন আছিল। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাথমিক তদন্ত অনুসৰি, শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থাত বিস্ফোৰণ ঘটি ইঞ্জিনৰ লুব্ৰিকেটিং তেলত জুই লগাৰ ফলতেই সমগ্ৰ বাহনখনলৈ এই জুই ক্ষিপ্ৰতাৰে বিয়পি পৰে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনা ব্যক্ত কৰিছে অনুসন্ধানকাৰী দলে। ক'লা ধোঁৱাৰে বাছখনৰ ভিতৰচৰা…
Read More
মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু গোহাঁই কমল আলি পুনৰ নিৰ্মাণৰ দাবী; মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কোচবিহাৰৰ ৰাজপৰিয়ালৰ

মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু গোহাঁই কমল আলি পুনৰ নিৰ্মাণৰ দাবী; মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কোচবিহাৰৰ ৰাজপৰিয়ালৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰয়াণ ক্ষেত্ৰ ঐতিহাসিক মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু সংৰক্ষণৰ বাবে এইবাৰ সৰৱ হৈ পৰিল মহাৰাজ নৰনাৰায়ণৰ বংশধৰসকল। পশ্চিমবংগ ভ্ৰমণৰ সময়ত সত্ৰখন পৰিদৰ্শন কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি 'দ্য কোচবিহাৰ ৰয়েল ফেমিলী চাকচেছৰ্ছ ৱেলফেয়াৰ ট্ৰাষ্ট'-ৰ এটা সঁজাতি দলে কেইবাটাও ঐতিহাসিক আৰু সাংস্কৃতিক দাবী সম্বলিত এক আনুষ্ঠানিক স্মাৰকপত্ৰ অৰ্পণ কৰে। ট্ৰাষ্টৰ অধ্যক্ষ কুমাৰ জিতেন্দ্ৰ নাৰায়ণ আৰু মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণৰ নেতৃত্বত যোৱা এই প্ৰতিনিধি দলটোৱে দুয়োখন ৰাজ্যৰ ঐতিহাসিক সম্পৰ্কক পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। স্মাৰকপত্ৰখনত সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত ধুবুৰী-ফুলবাৰী সংযোগী দলংখন 'মহাৰাজ বিশ্বসিংহ…
Read More
জন্মৰ পূৰ্বেই দশম শ্ৰেণী উত্তীৰ্ণ বিজেপি প্ৰাৰ্থী! শপতনামাত ভুৱা তথ্যৰ অভিযোগ তুলি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ

জন্মৰ পূৰ্বেই দশম শ্ৰেণী উত্তীৰ্ণ বিজেপি প্ৰাৰ্থী! শপতনামাত ভুৱা তথ্যৰ অভিযোগ তুলি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ

নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী এগৰাকীয়ে জন্মলাভ কৰাৰ পূৰ্বেই উত্তীৰ্ণ হ’ল দশম শ্ৰেণীৰ পৰীক্ষা! উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ শপতনামাত প্ৰকাশ পোৱা এনে এক অদ্ভুত আৰু বিসংগতিপূৰ্ণ তথ্যক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হাছিৰাণী ৰথৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ ভুৱা তথ্যক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতা ঋজু ঘোষালে বুধবাৰে কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আদালতত দাখিল কৰা আবেদন অনুসৰি, বিজেপি প্ৰাৰ্থীগৰাকীয়ে নিজৰ শপতনামাত জন্মৰ বৰ্ষ হিচাপে ১৯৬৬ চন উল্লেখ কৰিছে। অথচ একেখন শপতনামাতে তেওঁ ১৯৬৫ চনতেই দশম শ্ৰেণী উত্তীৰ্ণ হোৱা বুলি দাবী কৰে। জন্ম হোৱাৰ এবছৰ পূৰ্বেই এগৰাকী প্ৰাৰ্থী কেনেকৈ মেট্ৰিক…
Read More
বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱা শোভাযাত্ৰাৰ উচ্চস্বৰৰ ডিজেৰ প্ৰকোপ; শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ ছাত্ৰীৰ কৰুণ মৃত্যু

বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱা শোভাযাত্ৰাৰ উচ্চস্বৰৰ ডিজেৰ প্ৰকোপ; শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ ছাত্ৰীৰ কৰুণ মৃত্যু

পথেৰে পাৰ হৈ যোৱা কোনো শোভাযাত্ৰাত বজোৱা উচ্চস্বৰৰ ডিজেই কাল হ'ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ। ডিজেৰ প্ৰচণ্ড শব্দ আৰু কম্পনত বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় কণমানিজনীয়ে। উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাস্থিত ডিভাইন পাব্লিক স্কুলত সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ১১ বজাত বিদ্যালয়খনৰ প্ৰথম মহলাত নিয়মীয়া পাঠদান চলি আছিল। ঠিক সেই সময়তে বিদ্যালয়ৰ বাহিৰৰ পথটোৰে গণেশ মূৰ্তি বিসৰ্জনৰ এটা শোভাযাত্ৰা পাৰ হৈ যায়। শোভাযাত্ৰাত অতীব উচ্চস্বৰত ডিজে বজাই লৈ যোৱাৰ ফলত বিদ্যালয়ৰ খিৰিকীৰ কাচসমূহো কঁপিবলৈ ধৰে। ছাত্ৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে, চৰম মাত্ৰাৰ শব্দ আৰু কম্পন সহ্য কৰিব নোৱাৰি সোনু তিৱাৰী…
Read More
চেম্প্যুৰ খালী পেকেটক লৈ দুই পক্ষৰ মাজত ৰক্তক্ষয়ী সংঘাত; চিকিৎসাধীন অৱস্থাত এজনৰ কৰুণ মৃত্যু, আহত বহুতো

চেম্প্যুৰ খালী পেকেটক লৈ দুই পক্ষৰ মাজত ৰক্তক্ষয়ী সংঘাত; চিকিৎসাধীন অৱস্থাত এজনৰ কৰুণ মৃত্যু, আহত বহুতো

চেম্প্যুৰ খালী পেকেটক লৈ সৃষ্টি হোৱা এক সামান্য সংঘাতেই অৱশেষত ধাৰণ কৰিলে চৰম ৰূপ। শিশুৰ খেলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই সংঘাতৰ পৰিণতিত এজন লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হয় আন কমেও ১৫ জন লোক। চুবুৰীয়া বাংলাদেশৰ নীলফামাৰী জিলাৰ জলঢাকা উপজিলাৰ বালাগ্রাম ইউনিয়নত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। স্থানীয় সূত্ৰ আৰু প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, যোৱা ১২ ছেপ্টেম্বৰৰ পুৱা বালাগ্রাম ইউনিয়নত চেম্প্যুৰ এটা খালী পেকেট লৈ কেইটিমান শিশুৰ মাজত খেলৰ ছলেৰে প্ৰথমে বাকবিতণ্ডা আৰম্ভ হৈছিল। কিন্তু অতি কম সময়ৰ ভিতৰতে এই বিষয়টোত দুয়ো পক্ষৰ অভিভাৱকসকল সোমাই পৰে আৰু উত্তেজনা ক্ৰমাৎ বৃদ্ধি পায়। পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত প্ৰথমে…
Read More
মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় সিদ্ধান্তক লৈ কমিছনৰ ভিতৰচৰাত নজিৰবিহীন সংঘাত; কেবিনেট সচিবৰ কাষ চাপিল দুই নিৰ্বাচনী আয়ুক্ত

মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় সিদ্ধান্তক লৈ কমিছনৰ ভিতৰচৰাত নজিৰবিহীন সংঘাত; কেবিনেট সচিবৰ কাষ চাপিল দুই নিৰ্বাচনী আয়ুক্ত

দেশৰ সৰ্বোচ্চ গণতান্ত্ৰিক অনুষ্ঠান নিৰ্বাচন আয়োগৰ ভিতৰচৰাতেই এইবাৰ মুকলিকৈ পোহৰলৈ আহিল এক অভূতপূৰ্ব অন্তৰ্দ্বন্দ্ব আৰু মতানৈক্যৰ ছবি। মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় কাৰ্যকলাপ আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ স্বয়ং আন দুজন নিৰ্বাচনী আয়ুক্ত পোনপটীয়াকৈ কেবিনেট সচিবৰ দ্বাৰস্থ হোৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুজন নিৰ্বাচনী আয়ুক্ত ড০ সুখবীৰ সিং সান্ধু তথা ড০ বিবেক যোশীৰ মাজত বিগত ১০ মাহত কমেও ১৪ বাৰকৈ গভীৰ মতানৈক্যৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে যে মুখ্য নিৰ্বাচনী আয়ুক্তই কি সিদ্ধান্ত গ্ৰহণ কৰে, সেই বিষয়ে আন দুজন নিৰ্বাচনী আয়ুক্তই সমলেই গম নাপায়। বিশেষকৈ এছআইআৰ সম্পৰ্কীয় সিদ্ধান্ত আৰু…
Read More
ব্যস্ত ৰাজপথৰ পৰা একে-৪৭ দেখুৱাই মন্ত্ৰীক অপহৰণ! দুৰ্বৃত্তৰ গুলীচালনাত আহত আন এজন মন্ত্ৰী

ব্যস্ত ৰাজপথৰ পৰা একে-৪৭ দেখুৱাই মন্ত্ৰীক অপহৰণ! দুৰ্বৃত্তৰ গুলীচালনাত আহত আন এজন মন্ত্ৰী

ব্যস্ত ৰাজপথৰ পৰা দিন দুপৰতে অপহৰণ কৰা হ'ল এগৰাকী মন্ত্ৰীক! ক’লা বস্ত্ৰ আৰু মুখত মাস্ক পৰিধান কৰি অহা একাংশ দুষ্কৃতিকাৰীয়ে মন্ত্ৰীৰ কনভয়ৰ নিৰাপত্তাৰ বেহু ফালি অপহৰণ কৰি লৈ যায় খাইবাৰ-পাখতুনখোৱাৰ প্ৰাদেশিক মন্ত্ৰী ফজল শুকুৰ খানক। ইয়াৰ ঠিক সমান্তৰালকৈ মালাকাণ্ড অঞ্চলত দলটোৰে আন এজন প্ৰাদেশিক মন্ত্ৰী শাকিল আহমেদৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই চলায় উপৰ্যুপৰি গুলীচালনা। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ চমুকৈ পিটিআইয়ে তেওঁলোকৰ মুৰব্বীৰ কাৰাগাৰৰ পৰা মুক্তিৰ দাবীত অহা ২৭ ছেপ্টেম্বৰত ইছলামাবাদত এক বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে সংঘটিত হৈছে এই দুটাকৈ ভয়ংকৰ কাণ্ড। পিটিআইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পেশোৱাৰ মটৰৱে’ৰ টোল প্লাজাৰ সমীপতে অটোমেটিক…
Read More
আনক নিজৰ চিমকাৰ্ড ব্যৱহাৰ কৰিবলৈ দিলেই হ’ব পাৰে কাৰাবাস; টেলিকম বিভাগৰ নতুন নিৰ্দেশনা জাৰি

আনক নিজৰ চিমকাৰ্ড ব্যৱহাৰ কৰিবলৈ দিলেই হ’ব পাৰে কাৰাবাস; টেলিকম বিভাগৰ নতুন নিৰ্দেশনা জাৰি

সাৱধান হওক। যদি আপোনাৰ নামত থকা মোবাইল চিমকাৰ্ড আনে ব্যৱহাৰ কৰি আছে, তেন্তে ভৰিবলগীয়া হ’ব পাৰে ৫০ লাখ টকাৰ জৰিমনা আৰু খাটিবলগীয়া হ’ব পাৰে তিনি বছৰৰ কাৰাদণ্ড। শেহতীয়াকৈ টেলিকম বিভাগে জাৰি কৰা এক কঠোৰ নিৰ্দেশনাত চিমকাৰ্ডৰ অনিয়ম আৰু অপব্যৱহাৰক লৈ সমগ্ৰ দেশৰ নাগৰিকক এনেদৰে সতৰ্ক কৰি দিয়া হৈছে। নিজৰ পৰিচয়পত্ৰৰে সংগ্ৰহ কৰা চিমকাৰ্ডৰ জৰিয়তে যদি কোনো ব্যক্তিয়ে চাইবাৰ প্ৰৱঞ্চনা বা অসামাজিক কাৰ্যকলাপ সংঘটিত কৰে, তেন্তে প্ৰকৃত নথিপত্ৰ থকা মূল গৰাকীৰ বিৰুদ্ধেও আৰক্ষীয়ে সমানে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। ভুৱা পৰিচয়ৰে চিম ক্ৰয়-বিক্ৰয় কৰা অথবা মোবাইলৰ আইএমইআই নম্বৰ সলনি কৰাৰ অপৰাধত তিনি বছৰলৈকে কাৰাদণ্ড আৰু ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ কঠোৰ…
Read More
তিস্তাৰ উত্তাল সোঁতত উটি যোৱা তিনিদিনীয়া হাতীৰ পোৱালিক উদ্ধাৰ মাছমৰীয়াৰ; বন বিভাগৰ সহযোগত মাকৰ কোলালৈ উভতিল সন্তান

তিস্তাৰ উত্তাল সোঁতত উটি যোৱা তিনিদিনীয়া হাতীৰ পোৱালিক উদ্ধাৰ মাছমৰীয়াৰ; বন বিভাগৰ সহযোগত মাকৰ কোলালৈ উভতিল সন্তান

তিস্তাৰ উত্তাল জলৰাশিত নিশ্চিত মৃত্যুৰ মুখত পৰা মাত্ৰ তিনি-চাৰিদিনীয়া এটা কণমানি হাতীৰ পোৱালিক নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কৰিলে কেইবাগৰাকীও মানৱদৰদী মাছমৰীয়াই। নদী পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে পানীৰ তীব্ৰ সোঁতত মাতৃৰ পৰা বিচ্ছিন্ন হৈ উটি গৈছিল পোৱালিটো। নদীৰ জলপ্ৰকল্পৰ বান্ধ পাৰ হৈ মৃত্যুৰ দিশে গতি কৰা অৱস্থাতে স্থানীয় লোকৰ চকুত পৰে দৃশ্যটো। ঠিক সেই সময়তে নিজৰ জীৱন বিপন্ন কৰি নদীত নাও লৈ নামি পৰে স্থানীয় মাছমৰীয়াৰ এটা দল। প্ৰায় চাৰি কিলোমিটাৰ নদীৰ সোঁতত খেদি গৈ অৱশেষত পোৱালিটোক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় তেওঁলোকে। ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে পুৱা প্ৰায় আঠ বজাত গজলডোবা অঞ্চলৰ তিস্তা নৈত পোৱালিটো উটি যোৱা প্ৰত্যক্ষ…
Read More
ছুটীত ঘৰলৈ অহা সেনা জোৱানক পথৰ মাজত প্ৰহাৰ কৰি হত্যা; মিজোৰামত প্ৰাক্তন সৈনিক লীগৰ উত্তাল প্ৰতিবাদ

ছুটীত ঘৰলৈ অহা সেনা জোৱানক পথৰ মাজত প্ৰহাৰ কৰি হত্যা; মিজোৰামত প্ৰাক্তন সৈনিক লীগৰ উত্তাল প্ৰতিবাদ

ছুটীত গৃহৰাজ্যলৈ উভতি অহাৰ পথতে এক ভয়ংকৰ আক্ৰমণৰ বলি হৈ অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ এগৰাকী কৰ্তব্যৰত জোৱানে। মিজোৰামৰ কোলাছিব জিলাৰ বুয়ালপুইস্থিত কফি ব’ৰ্ড অঞ্চলৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক হত্যাকাণ্ডৰ ঘটনা। পথৰ ওপৰত হোৱা এক তৰ্ক-বিতৰ্কক কেন্দ্ৰ কৰি একাংশ উন্মত্ত লোকে চলোৱা শাৰীৰিক আক্ৰমণৰ ফলতেই মৃত্যুমুখত পৰে ২৯ বছৰীয়া চিপাহী জাকাৰিয়া লালহ্ৰিয়াতলুৱাংগা নামৰ জোৱানজন। জানিব পৰা মতে, ভাৰতীয় সেনাৰ ৯ অসম ৰেজিমেণ্টত সেৱা আগবঢ়োৱা জাকাৰিয়াক জম্মু-কাশ্মীৰৰ ৪২ ৰাষ্ট্ৰীয় ৰাইফলছত নিযুক্ত কৰা হৈছিল। কৰ্মক্ষেত্ৰৰ পৰা ছুটী লৈ নিজৰ গৃহচহৰ কোলাছিবৰ নিউ বুইলুম অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই অনাকাংক্ষিত সংঘাত। প্ৰাথমিক তথ্য অনুসৰি, যান-বাহন চলাচলক লৈ পথৰ ওপৰত একাংশ…
Read More