ব্যস্ত ৰাজপথৰ পৰা দিন দুপৰতে অপহৰণ কৰা হ’ল এগৰাকী মন্ত্ৰীক! ক’লা বস্ত্ৰ আৰু মুখত মাস্ক পৰিধান কৰি অহা একাংশ দুষ্কৃতিকাৰীয়ে মন্ত্ৰীৰ কনভয়ৰ নিৰাপত্তাৰ বেহু ফালি অপহৰণ কৰি লৈ যায় খাইবাৰ-পাখতুনখোৱাৰ প্ৰাদেশিক মন্ত্ৰী ফজল শুকুৰ খানক। ইয়াৰ ঠিক সমান্তৰালকৈ মালাকাণ্ড অঞ্চলত দলটোৰে আন এজন প্ৰাদেশিক মন্ত্ৰী শাকিল আহমেদৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই চলায় উপৰ্যুপৰি গুলীচালনা।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ চমুকৈ পিটিআইয়ে তেওঁলোকৰ মুৰব্বীৰ কাৰাগাৰৰ পৰা মুক্তিৰ দাবীত অহা ২৭ ছেপ্টেম্বৰত ইছলামাবাদত এক বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে সংঘটিত হৈছে এই দুটাকৈ ভয়ংকৰ কাণ্ড।
পিটিআইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পেশোৱাৰ মটৰৱে’ৰ টোল প্লাজাৰ সমীপতে অটোমেটিক একে-৪৭ ৰাইফলেৰে সজ্জিত মুখা পিন্ধা এটা সশস্ত্ৰ দলে মন্ত্ৰী ফজল শুকুৰ খানৰ বাহন আগভেটি ধৰে। ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছে যে দলটোৱে প্ৰথমে মন্ত্ৰীৰ গাড়ীৰ এটা টায়াৰলৈ গুলীচালনা কৰি বাহনখন অচল কৰি পেলায়।
তাৰ পিছতেই মাৰণাস্ত্ৰৰ ভাবুকিৰে ফজল শুকুৰ খানক বলপূৰ্বকভাৱে বাহনখনৰ পৰা টানি নমাই অচিনাক্ত স্থানলৈ অপহৰণ কৰি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে।
পিটিআইৰ অভিযোগ অনুসৰি, ২৭ ছেপ্টেম্বৰৰ গণসমাবেশ আৰু প্ৰতিবাদী পদযাত্ৰা ব্যাহত কৰাৰ উদ্দেশ্যে বৰ্তমানৰ চৰকাৰে এনেদৰে বিৰোধী দলৰ নেতা-কৰ্মীসকলৰ ওপৰত দমনমূলক আক্ৰমণ চলাইছে।
ইয়াৰ মাত্ৰ দুদিন পূৰ্বে লাহোৰৰ নিজা বাসগৃহৰ পৰা ইমৰাণ খানৰ ভগ্নী আলিমা খানকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পিটিআইৰ নেতৃত্বই স্পষ্ট কৰি দিছে যে মন্ত্ৰী অপহৰণ বা আক্ৰমণেৰে তেওঁলোকক স্তব্ধ কৰিব নোৱাৰি আৰু নিৰ্ধাৰিত দিনটোতেই ইছলামাবাদত এই বিশাল মাৰ্চ অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ২০২৩ চনৰ আগষ্ট মাহৰ পৰাই ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ আছে ৭৩ বছৰীয়া ইমৰাণ খান। শেহতীয়াকৈ কাৰাগাৰৰ ভিতৰতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰে।
ৰাজনৈতিক প্ৰতিশোধ আৰু নিৰ্বাচনৰ পৰা আঁতৰাই ৰখাৰ লক্ষ্যৰে নিজৰ মুৰব্বীক কাৰাবন্দী কৰাৰ অভিযোগ তুলি পিটিআইয়ে দেশজুৰি আন্দোলন তীব্ৰতৰ কৰি তোলাৰ সময়তে এইদৰে এগৰাকী কেবিনেট মন্ত্ৰীক অপহৰণ আৰু আন এগৰাকীক হত্যাৰ অপচেষ্টা চলোৱাৰ ঘটনাই পাকিস্তানৰ ৰাজনীতি এতিয়া অধিক উত্তপ্ত কৰি তুলিছে।
