ছুটীত ঘৰলৈ অহা সেনা জোৱানক পথৰ মাজত প্ৰহাৰ কৰি হত্যা; মিজোৰামত প্ৰাক্তন সৈনিক লীগৰ উত্তাল প্ৰতিবাদ

ছুটীত গৃহৰাজ্যলৈ উভতি অহাৰ পথতে এক ভয়ংকৰ আক্ৰমণৰ বলি হৈ অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ এগৰাকী কৰ্তব্যৰত জোৱানে। মিজোৰামৰ কোলাছিব জিলাৰ বুয়ালপুইস্থিত কফি ব’ৰ্ড অঞ্চলৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক হত্যাকাণ্ডৰ ঘটনা। পথৰ ওপৰত হোৱা এক তৰ্ক-বিতৰ্কক কেন্দ্ৰ কৰি একাংশ উন্মত্ত লোকে চলোৱা শাৰীৰিক আক্ৰমণৰ ফলতেই মৃত্যুমুখত পৰে ২৯ বছৰীয়া চিপাহী জাকাৰিয়া লালহ্ৰিয়াতলুৱাংগা নামৰ জোৱানজন।

জানিব পৰা মতে, ভাৰতীয় সেনাৰ ৯ অসম ৰেজিমেণ্টত সেৱা আগবঢ়োৱা জাকাৰিয়াক জম্মু-কাশ্মীৰৰ ৪২ ৰাষ্ট্ৰীয় ৰাইফলছত নিযুক্ত কৰা হৈছিল। কৰ্মক্ষেত্ৰৰ পৰা ছুটী লৈ নিজৰ গৃহচহৰ কোলাছিবৰ নিউ বুইলুম অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই অনাকাংক্ষিত সংঘাত।

প্ৰাথমিক তথ্য অনুসৰি, যান-বাহন চলাচলক লৈ পথৰ ওপৰত একাংশ লোকৰ সৈতে প্ৰথমে জাকাৰিয়াৰ বন্ধুৰহে বাকবিতণ্ডা আৰম্ভ হৈছিল। নিজৰ বন্ধুক উদ্ধাৰ কৰিবলৈ আৰু সংঘাত বন্ধ কৰাৰ উদ্দেশ্যে জাকাৰিয়া বাহনৰ পৰা নামি অহাৰ লগে লগেই বিপৰীত পক্ষই তেওঁৰ ওপৰত অতৰ্কিতে দলবদ্ধভাৱে আক্ৰমণ চলায়।

দুৰ্বৃত্তৰ উপৰ্যুপৰি প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে ঢলি পৰে সেনা জোৱানজন। পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰা হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু ঘটা বুলি নিশ্চিত হয়।

ঘটনাৰ পিছতেই আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে প্ৰমাণ সংগ্ৰহ কৰে। সমগ্ৰ ঘটনাক্ৰম স্পষ্ট কৰিবলৈ আৰু অপৰাধত লিপ্ত লোকসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে মাৰাথন তদন্ত আৰম্ভ কৰিছে।

ইফালে নিজ ৰাজ্যতে সেনা জোৱানগৰাকীক এনেদৰে প্ৰহাৰ কৰি হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মিজোৰাম প্ৰাক্তন সৈনিক লীগে। সংগঠনটোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰি দোষীক অতি শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।

ঘটনা সন্দৰ্ভত কোলাছিব আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো সন্দেহযুক্ত ব্যক্তিক সোধা-পোছাৰ বাবে আটক কৰাৰ লগতে পলাতক আন অভিযুক্তসকলৰ সন্ধানত ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *