গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ১০ মাহ পাছতো ফিক্সড পে’ৰ পৰা বঞ্চিত হৈ আছে শতাধিক অস্থায়ী বন শ্ৰমিক

অসম চৰকাৰৰ বন বিভাগত  প্ৰয়োজনীয় বনকৰ্মীৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান  , বন্যপ্ৰাণী অভয়াৰণ্য , সংৰক্ষিত বনাঞ্চল , ব্যঘ্ৰ প্ৰকল্প সমুহত  বন্যপ্ৰাণী , জীৱ জন্তু , গছ – গছনি আদি চোৰাং চিকাৰী , দুস্কৃতিকাৰীৰ  কবলৰ পৰা ৰক্ষা কৰা , চোৱা চিতা বা  পৰিচৰ্যা কৰা , তহল দিয়া আদি কাৰ্যৰ বাবে বনকর্মীৰ অভাৱ হোৱা বুলি বিভাগটোৰ  শীৰ্ষ বিষয়াই সময়ে সময়ে সদৰি কৰি আহিছে। সেই সময়ত বন বিভাগত তৃণমূল পৰ্যায়ৰ বনকৰ্মী হিচাপে পৰিচিত কেবা শতাধিক কেজুৱেল বন শ্ৰমিকে  বছৰ বছৰ ধৰি এই পৰ্যন্ত নিৰ্ধাৰিত হাৰত বেতন লাভ কৰা বা ফিক্সড পে’ হাৰত দৰমহা লাভৰ পৰা দুখলগাকৈ বঞ্চিত হৈ আহিছে । এই সন্দৰ্ভত সদৌ অসম কেজুৱেল  বন শ্ৰমিক সন্থাৰ সভাপতি চিকণ ডেকা আৰু সম্পাদক ধনঞ্জয় দাসে জানিবলৈ দিয়া মতে  বেতন বঞ্চিত উপেন দাস আৰু কেবাজনো কেজুৱেল তথা অস্থায়ী বন শ্ৰমিকে ২০১৭ চনতে প্ৰাপ্য বেতন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে বেতন বঞ্চিত অস্থায়ী বন শ্ৰমিকৰ  আবেদনৰ  শুনানি গ্ৰহণ কৰি ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ আগতে নিয়োজিত  বন বেতন বঞ্চিত শ্ৰমিকক নিৰ্ধাৰিত হাৰত বেতন বা দৰমহা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

সেই নিৰ্দেশনা অনুসৰি বন বিভাগে ২০২৫ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা ১১৫ জন কেজুৱেল বন শ্ৰমিকৰ তালিকা প্ৰস্তুত কৰে। অসম চৰকাৰৰ বিত্ত বিভাগে ২০২৫ চনৰ ১১ নৱেম্বৰত এক নিৰ্দেশ অনুসৰি  তেনে বেতন বঞ্চিত কেজুৱেল বন শ্ৰমিকৰ তালিকা দিবলৈ বন বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰে। যোৱা অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক ক্ষণত সেই নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ কথা আছিল যদিও অন্তিম মুহূৰ্তত কিবা অজ্ঞাত কাৰণত সেই নিৰ্দেশনা কাৰ্যকৰী নহল । কিন্তু দহমাহে সেই নিৰ্দেশনা কাৰ্যকৰী নোহোৱাত সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াভাবে সেই ১১৫ জনীয়া তালিকাখনত থকা কেজুৱেল বনকৰ্মী সকলক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০২৫ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দৰমহাসহ অন্যান্য প্ৰাপ্য সা- সুবিধাসমুহ আদায় দিয়াৰ বাবে বন বিভাগে তৎপৰতা আৰম্ভ কৰিছে।

লক্ষণীয় বিষয়টো এয়ে যে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাততে আছে বিত্ত বিভাগটো। যাৰ বাবে সন্থাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আগভাগ লৈ শীঘ্ৰেই সেই ১১৫ জনীয়া তালিকাৰ লগতে বছৰ বছৰ ধৰি নিৰ্ধাৰিত হাৰত দৰমহা লাভৰ পৰা বঞ্চিত কেজুৱেল বনকৰ্মীসকলক দৰমহা আদায় পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে বিগত সময়চোৱাত ২০২০ চনৰ  ফেব্ৰুৱাৰী মাহত  ২২৮ জন ,  ২০২২  চনৰ জানুৱাৰী মাহত বি টি এ ডি এলেকাত ১৫৭ জন আৰু ২০২৪ চনৰ মাৰ্চ মাহত  তিনি শতাধিক বন শ্ৰমিকক ফিক্সড পে প্ৰদান কৰা হয়। তেওঁলোকে সুন্দৰকৈ বন বিভাগত সেৱা আগবঢাই আহিছে ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *