সাৱধান হওক। যদি আপোনাৰ নামত থকা মোবাইল চিমকাৰ্ড আনে ব্যৱহাৰ কৰি আছে, তেন্তে ভৰিবলগীয়া হ’ব পাৰে ৫০ লাখ টকাৰ জৰিমনা আৰু খাটিবলগীয়া হ’ব পাৰে তিনি বছৰৰ কাৰাদণ্ড।
শেহতীয়াকৈ টেলিকম বিভাগে জাৰি কৰা এক কঠোৰ নিৰ্দেশনাত চিমকাৰ্ডৰ অনিয়ম আৰু অপব্যৱহাৰক লৈ সমগ্ৰ দেশৰ নাগৰিকক এনেদৰে সতৰ্ক কৰি দিয়া হৈছে। নিজৰ পৰিচয়পত্ৰৰে সংগ্ৰহ কৰা চিমকাৰ্ডৰ জৰিয়তে যদি কোনো ব্যক্তিয়ে চাইবাৰ প্ৰৱঞ্চনা বা অসামাজিক কাৰ্যকলাপ সংঘটিত কৰে, তেন্তে প্ৰকৃত নথিপত্ৰ থকা মূল গৰাকীৰ বিৰুদ্ধেও আৰক্ষীয়ে সমানে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।
ভুৱা পৰিচয়ৰে চিম ক্ৰয়-বিক্ৰয় কৰা অথবা মোবাইলৰ আইএমইআই নম্বৰ সলনি কৰাৰ অপৰাধত তিনি বছৰলৈকে কাৰাদণ্ড আৰু ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ছত্তীশগড়ত সংঘটিত এক বৃহৎ জালিয়াতি ধৰা পৰাৰ পিছতেই এই কঠোৰ নিৰ্দেশনা জাৰি কৰে টেলিকম বিভাগে। তাত এজন চিম বিক্ৰেতা এজেণ্টে গ্ৰাহকৰ নথিৰ অপব্যৱহাৰ কৰি তেওঁলোকৰ অজ্ঞাতে ২৫ টাকৈ ভুৱা চিম সক্ৰিয় কৰিছিল। ঘটনা পোহৰলৈ অহাৰ লগে লগেই চৰকাৰে উক্ত এজেণ্টক নিষিদ্ধ কৰাৰ উপৰিও পুনৰীক্ষণত ব্যৰ্থ হোৱা আটাইকেইটা সংযোগ বন্ধ কৰি দিয়ে।
বিভাগৰ মতে, এজন ব্যক্তিৰ নামত চিম লৈ সেয়া বিক্ৰী কৰা, ভাড়াত দিয়া বা আনক ব্যৱহাৰ কৰিবলৈ দিয়াটো এটা গুৰুতৰ অপৰাধ। বহু সময়ত প্ৰৱঞ্চকসকলে আনৰ নথিপত্ৰৰে এনে চিম সংগ্ৰহ কৰি চাইবাৰ অপৰাধ সংঘটিত কৰে, যাক অপৰাধ বিজ্ঞানৰ ভাষাত ‘মিউল চিম’ বুলি কোৱা হয়। অপৰাধ যিয়েই নকৰক কিয়, তদন্তত কিন্তু নথিপত্ৰৰ আধাৰত পোনপ্ৰথমে মূল গৰাকীহে আৰক্ষীৰ জালত পৰিব।
আইন অনুসৰি দেশত এজন সাধাৰণ নাগৰিকৰ নামত সৰ্বাধিক ৯ খন চিম থকাৰ নিয়ম যদিও অসমসহ উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ নাগৰিকৰ বাবে এই সীমা সৰ্বাধিক ৬ খনলৈ নিৰ্ধাৰণ কৰা হৈছে। এই সীমা অতিক্ৰম ৰোধ কৰিবলৈ ডিজিটেল ইণ্টেলিজেন্স প্লেটফৰ্মত ইতিমধ্যে এক নতুন ব্যৱস্থা আৰম্ভ কৰা হৈছে, যাৰ জৰিয়তে নিৰ্ধাৰিত সীমাতকৈ অধিক চিম থকা লোকসকলৰ ফটো পৰ্টেলত প্ৰকাশ পাব। সকলো টেলিকম প্ৰতিষ্ঠানক ৩০ নৱেম্বৰৰ ভিতৰত এই নতুন নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণৰূপে সংযুক্ত কৰিবলৈ চৰকাৰে অন্তিম সময়সীমা বান্ধি দিছে।
ইফালে নিজৰ অজ্ঞাতে নিজৰ নামত কোনো ভুৱা চিম সক্ৰিয় হৈ আছে নেকি, সেয়া নিৰীক্ষণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে টেলিকম বিভাগে।
ইয়াৰ বাবে চৰকাৰী পৰ্টেলৰ ‘ন’ ইয়ৰ মোবাইল কানেকশ্বনছ’ বিকল্পত নিজৰ নম্বৰ আৰু অ’টিপি দি লগইন কৰিলেই নামত থকা সকলো সক্ৰিয় নম্বৰ প্ৰত্যক্ষ কৰিব পৰা যাব। তাত কোনো অচিনাক্ত বা ব্যৱহাৰ নকৰা নম্বৰ ওলালে ‘নট মাই নাম্বাৰ’ বিকল্পত তৎকালে অভিযোগ দাখিল কৰিলে চৰকাৰী পৰ্যায়ৰ পৰা সেই ভুৱা নম্বৰটো বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
