22
Sep
প্ৰাকৃতিক গেছৰ সন্ধানত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ল দেশৰ আগশাৰীৰ চৰকাৰী শক্তি প্ৰতিষ্ঠান অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন চমুকৈ অ’এনজিচিয়ে। ওড়িশা উপকূলৰ পৰা প্ৰায় ৪৩ কিলোমিটাৰ দূৰত মহানদী অৱবাহিকাৰ গভীৰ জলৰাশিত চলোৱা খননত সন্ধান লাভ হৈছে এক প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰৰ। যোৱা ১৮ ছেপ্টেম্বৰত সাগৰ পৃষ্ঠৰ প্ৰায় ১,৪৫০ মিটাৰ গভীৰতাত অৱস্থিত এটা কূপত এই গেছৰ উপস্থিতি নিশ্চিত কৰে প্ৰতিষ্ঠানটোৱে। অ’এনজিচিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা তিনিটা দিন ধৰি উক্ত কূপটোৰ পৰা নিৰন্তৰ আৰু উৎসাহজনক চাপেৰে প্ৰাকৃতিক গেছ নিৰ্গমন হৈ আছে। অৱশ্যে প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে গেছ প্ৰবাহৰ নিৰ্দিষ্ট মাত্ৰা বা আনুমানিক মজুতৰ পৰিমাণ ৰাজহুৱা কৰা নাই। পৰৱৰ্তী পৰীক্ষা-নিৰীক্ষাৰ পাছতহে কিমান…
