Paromita

893 Posts
দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দেশৰ ব্যস্ততম বিমান বন্দৰত তালাচী চলাই উদ্ধাৰ কৰা হ’ল বিপুল পৰিমাণৰ নগদ ধন। নিয়মীয়া নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে চলোৱা এক অভিযানত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৬৮ লাখ ৫৩ হাজাৰ ৫০০ টকা নগদ ধনসহ দুজন যাত্ৰীক আটক কৰে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ এটা দলে। বিমান বন্দৰৰ ‘ৰেণ্ডম এক্স-বিআইএছ’ ইউনিটত নিয়োজিত জোৱানসকলে এজন যাত্ৰীৰ অস্বাভাৱিক চাল-চলন প্ৰত্যক্ষ কৰি সন্দেহ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁৰ সৈতে থকা আন এজন সহযাত্ৰীকো চিনাক্ত কৰে নিৰাপত্তাৰক্ষীয়ে। আটকাধীন যাত্ৰী দুগৰাকী বিমানযোগে গুৱাহাটী হৈ আগৰতলা অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। বেগ পৰীক্ষাৰ অন্তত তেওঁলোকৰ পৰা ৬৮.৫৩ লাখ টকাৰ…
Read More
শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত যদি কোনোবাই অবৈধ কয়লা খনন হোৱা বুলি দাবী কৰে, তেন্তে মোক ভৌগোলিক অৱস্থানসহ আলোকচিত্ৰ প্ৰেৰণ কৰক, মই তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিম। - বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰত সংবাদ মাধ্যমৰ সন্মুখত এই পোনপটীয়া প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে এই বিষয়টোৰ ওপৰত খনি আৰু ভূতত্ত্ব বিভাগৰ পৰা বাৰে বাৰে তথ্য বিচাৰিছে যদিও বিভাগটোৱে জিলাখনত তেনে কোনো অবৈধ খনন চলি থকা নাই বুলিয়েই নিশ্চিত কৰিছে। এনে অভিযোগৰ সত্যতা নিৰূপণৰ বাবে চৰকাৰ সদায় সাজু বুলি উল্লেখ কৰি প্ৰমাণ দাখিল হ’লে ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। একে সময়তে, নাগালেণ্ডত চলি থকা কয়লা খননৰ সৈতে শিৱসাগৰ জিলাৰ নাজিৰাৰ প্ৰসংগ সাঙুৰি বিভ্ৰান্তি…
Read More
দৰা-কইনাসহ একেটা মণ্ডপতে উপস্থিত চাৰিজোৰ যমজ! ব্যতিক্ৰমী বিবাহৰ সাক্ষী হৈ ৰ’ল কেৰালা

দৰা-কইনাসহ একেটা মণ্ডপতে উপস্থিত চাৰিজোৰ যমজ! ব্যতিক্ৰমী বিবাহৰ সাক্ষী হৈ ৰ’ল কেৰালা

একেখন বিবাহ মণ্ডপত একেলগে চাৰিযোৰ যমজৰ উপস্থিতিৰে সৃষ্টি হ’ল এক বিৰল আৰু আশ্চৰ্যকৰ দৃশ্য। দৰা-কইনাৰ পৰা ধৰি বিবাহৰ ধৰ্মীয় বিধি সম্পন্ন কৰা পাদ্ৰী আৰু সহযোগী সকলোৱেই যমজ হোৱা এই অভিনৱ বিবাহখন সম্পন্ন হ’ল দক্ষিণ ভাৰতৰ কেৰালাত। ৩২ বছৰীয়া অখিল থমাছ আৰু নিখিল থমাছ নামৰ দুই যমজ ভাতৃয়ে বিবাহপাশত আৱদ্ধ হয় ৩১ বছৰীয়া মেগী আৰু মাৰিয়া মেৰী নামৰ দুই যমজ ভগ্নীৰ সৈতে। আচৰিত যেন লাগিলেও অৱশ্যে এই সমগ্ৰ ব্যৱস্থা কোনো আকস্মিক ঘটনা নাছিল, বৰঞ্চ আছিল বছৰজোৰা পৰিকল্পনা আৰু গভীৰ সংকল্পৰ ফল। অখিল আৰু নিখিলে কেৱল যমজ যুৱতীৰ সৈতেই বিবাহপাশত আৱদ্ধ হোৱাৰ পণ লৈছিল। উপযুক্ত পাত্ৰীৰ সন্ধানত পৰিয়ালে কেৱল যমজ লোকসকলৰ বাবে…
Read More
ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ মুকলিৰ পূৰ্বে বাধ্যতামূলক ট্ৰায়েল ৰাণঃ কেবিনেটৰ নতুন নীতি

ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ মুকলিৰ পূৰ্বে বাধ্যতামূলক ট্ৰায়েল ৰাণঃ কেবিনেটৰ নতুন নীতি

নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’সমূহ আনুষ্ঠানিক উদ্বোধনৰ পাছতেই খহি পৰা, গাঁতৰ সৃষ্টি হোৱা আৰু কৃত্ৰিম বানৰ সমস্যা সমাধানৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে। নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পথৰ মান অৱনমিত হোৱাৰ দিশটো লক্ষ্য ৰাখি এতিয়াৰে পৰা যিকোনো নতুন ঘাইপথ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে ২ৰ পৰা ৩ মাহৰ বাবে ‘ৰোড টেষ্ট’ বা ট্ৰায়েল ৰাণ চলোৱাৰ এক সুদূৰপ্ৰসাৰী পৰিকল্পনা প্ৰস্তুত কৰিছে চৰকাৰে। এই পৰীক্ষামূলক সময়ছোৱাত পথচাৰী বা যান-বাহনৰ পৰা কোনো ধৰণৰ টোল সংগ্ৰহ কৰা নহয়। শেহতীয়াকৈ লক্ষ্ণৌ-কানপুৰ আৰু ডেৰাডুন এক্সপ্ৰেছৱে’ৰ দৰে বৃহৎ প্ৰকল্পসমূহ মুকলি কৰাৰ পিছতেই বিভিন্ন আসোঁৱাহ প্ৰত্যক্ষ কৰা হৈছিল। সুৰক্ষিত যাতায়াত সুনিশ্চিত…
Read More
মেঘালয়ত প্ৰত্যাহাৰ ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা

মেঘালয়ত প্ৰত্যাহাৰ ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা

তিনিদিন পূৰ্বে জাৰি কৰা অন্তৱৰ্তীকালীন নিৰ্দেশনা প্ৰত্যাহাৰ কৰি জনপ্ৰিয় ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ বিক্ৰী আৰু বিতৰণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা তৎকালীনভাৱে উঠাই লৈছে মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ে। এজন ছাত্ৰৰ মৃত্যুক লৈ এই কেফেইনযুক্ত পানীয়টোৰ সৈতে সন্দেহজনক সম্পৰ্ক থকাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে যোৱা ১৪ আগষ্টত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যজুৰি ইয়াৰ মজুতকৰণ আৰু বিক্ৰী বন্ধৰ নিৰ্দেশ দিয়া হৈছিল। খাদ্য সুৰক্ষা আয়ুক্ত ড০ জোৰাম বেদাই জাৰি কৰা নতুন নিৰ্দেশনাত স্পষ্ট কৰে যে ‘ষ্টিং’ পান কৰাৰ ফলতেই ছাত্ৰজনৰ মৃত্যু হৈছিল বুলি কোনো প্ৰমাণ পোৱা হোৱা নাই। লগতে উৎপাদক প্ৰতিষ্ঠানটোৱে খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ উলংঘা কৰাৰ কোনো তথ্যও তদন্তত পোহৰলৈ অহা নাই। তুৰাত…
Read More
ৰে’লপথত হাতীৰ জাক! সতৰ্কতাৰ বাবে সুৰক্ষিতভাৱে ৰখাই দিয়া হ’ল ৰাজধানী এক্সপ্ৰেছ

ৰে’লপথত হাতীৰ জাক! সতৰ্কতাৰ বাবে সুৰক্ষিতভাৱে ৰখাই দিয়া হ’ল ৰাজধানী এক্সপ্ৰেছ

এক সম্ভাৱ্য ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এটা বিশাল বন্যহস্তীৰ জাক। ৰে’ল কৰ্তৃপক্ষ আৰু বন বিভাগৰ সতৰ্কতামূলক পদক্ষেপৰ বাবে দ্ৰুতবেগী ৰে’লৰ খুন্দাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে হাতীৰ জাকটো। হোজাই জিলাৰ হাৱাইপুৰত ৰে’লপথ পাৰ হৈ থকা অৱস্থাত এটি হাতীৰ জাকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন কিছু সময়ৰ বাবে স্তব্ধ কৰি ৰখা হয়। নগাঁও দক্ষিণ বন সংমণ্ডলৰ লংকা বনাঞ্চলৰ অন্তৰ্গত ১৬৭/৮ কিলোমিটাৰ অংশত হাতীৰ জাকটোৱে ৰে’লপথ অতিক্ৰম কৰাৰ সময়তে এই সিদ্ধান্ত লোৱা হয়। ছ’চিয়েল মিডিয়াত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “বন বিভাগৰ বিষয়া-কৰ্মী, ৰে’লৰ লোকো পাইলট আৰু লামডিং ৰে’ল নিয়ন্ত্ৰণ কক্ষৰ সময়োচিত তৎপৰতাৰ বাবেই হাতীৰ…
Read More
চাৰি মাহত ১০টা গোচৰৰ বিচাৰ; ২২ জনক ফাঁচীৰ নিৰ্দেশ দি চৰ্চাত উত্তৰ প্ৰদেশৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ

চাৰি মাহত ১০টা গোচৰৰ বিচাৰ; ২২ জনক ফাঁচীৰ নিৰ্দেশ দি চৰ্চাত উত্তৰ প্ৰদেশৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ

আইন আৰু ন্যায় ব্যৱস্থাত এক নজিৰবিহীন ক্ষিপ্ৰতা প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ত শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশৰ এখন ফাষ্ট ট্ৰেক আদালতে। মুজাফ্ফৰনগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ আদালতে বিগত মাত্ৰ চাৰিটা মাহত ১০টা জটিল অপৰাধজনিত গোচৰৰ ৰায়দান সম্পূৰ্ণ কৰি ২২ গৰাকী অভিযুক্তক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ২০২২ চনত বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ ভিডিঅ'গ্ৰাফী জৰীপৰ ঐতিহাসিক নিৰ্দেশ দি দেশজুৰি ব্যাপক চৰ্চালৈ আহিছিল এইগৰাকী ন্যায়াধীশ। লক্ষ্ণৌৰ স্থায়ী বাসিন্দা ৪৬ বছৰীয়া ৰবি কুমাৰ দিবাকৰে ২০০৯ চনত আজমগড়ত অতিৰিক্ত দেৱানী ন্যায়াধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত চুলতানপুৰত সেৱা আগবঢ়োৱাৰ পিছত ২০২৫ চনৰ নৱেম্বৰ মাহৰ পৰা মুজাফ্ফৰনগৰত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ…
Read More
মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত শিশু হৈ আছিল অমিত শ্বাহঃ মল্লিকাৰ্জুন খাৰ্গে

মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত শিশু হৈ আছিল অমিত শ্বাহঃ মল্লিকাৰ্জুন খাৰ্গে

মই যেতিয়া প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিলো, সেই সময়ত অমিত শ্বাহ শিশু আছিল। অথচ আজি তেওঁ আমাক দেশভক্তিৰ শিক্ষা দিয়ে। - সোমবাৰে গোৱাত অনুষ্ঠিত এক বিশাল জনসভাত এইদৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ‘বন্দে মাতৰম’ক লৈ কংগ্ৰেছ নেতৃত্বক অমিত শ্বাহে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ৮৪ বছৰীয়া জ্যেষ্ঠ নেতাজনে বিজেপি নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে। কংগ্ৰেছ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ছোনিয়া গান্ধীয়ে ‘বন্দে মাতৰম’ মাজভাগতে বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলি অমিত শ্বাহে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগ অস্বীকাৰ কৰি কংগ্ৰেছে স্পষ্ট কৰে যে ছোনিয়া গান্ধীয়ে দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ বাবে…
Read More
ড্ৰাগছ মাফিয়াই পৰিকল্পতিভাৱে হত্যা কৰিছে আৰক্ষী বিষয়া নৱজিৎ দাসকঃ মুখ্যমন্ত্রীৰ বিস্ফোৰক তথ্য

ড্ৰাগছ মাফিয়াই পৰিকল্পতিভাৱে হত্যা কৰিছে আৰক্ষী বিষয়া নৱজিৎ দাসকঃ মুখ্যমন্ত্রীৰ বিস্ফোৰক তথ্য

ৰাজ্যজুৰি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। ডিমা হাছাও জিলাৰ লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক ড্ৰাগছ মাফিয়াই গাড়ীৰে মহতিয়াই পৰিকল্পিতভাৱে হত্যা কৰাৰ তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে এয়া কোনো সাধাৰণ পথ দুৰ্ঘটনা নাছিল, বৰঞ্চ তালাচীৰ সময়ত ড্ৰাগছ মাফিয়াই আৰক্ষী বিষয়াজনক হত্যা কৰাৰ নিশ্চিত প্ৰমাণ পোৱা গৈছে। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত কয়, “নৱজিৎ দাসৰ ঘটনাটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে যে আমাৰ সন্মুখত প্ৰত্যাহ্বান কিমান আছে। মই ভাবো যে এই প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰিব লাগিব আৰু এইবিলাকক এৰি দিব নালাগিব।…
Read More
নালছাৰ সমাৱৰ্তনৰ বিতৰ্কৰ পাছত এইবাৰ টিআইএছএছৰ সমাৰোহৰ পৰাও বাদ পৰিল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

নালছাৰ সমাৱৰ্তনৰ বিতৰ্কৰ পাছত এইবাৰ টিআইএছএছৰ সমাৰোহৰ পৰাও বাদ পৰিল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

নালছাৰ সমাৱৰ্তন অনুষ্ঠানলৈ আমন্ত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ (TISS) দীক্ষান্ত সমাৰোহৰ পৰাও বাদ পৰিল ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত। প্ৰতিষ্ঠানটোৰ ৮৬ সংখ্যক দীক্ষান্ত সমাৰোহত পূৰ্বে মুখ্য ন্যায়াধীশগৰাকীক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ স্থানত টাটা মেমৰিয়েল হস্পিটেলৰ সঞ্চালক ডাঃ চি এছ পৰমেশক মুখ্য অতিথি হিচাপে মনোনীত কৰা হয়। উল্লেখযোগ্য যে যোৱা ২ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহখন ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃপক্ষৰ মাজত সম্ভাৱ্য প্ৰতিবাদ তথা নিৰাপত্তাজনিত উদ্বেগৰ সৃষ্টি হোৱাৰ পাছতে মাত্ৰ দুদিন পূৰ্বে স্থগিত ৰখা হৈছিল। পূৰ্বে হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানতো মুখ্য ন্যায়াধীশগৰাকীৰ উপস্থিতিক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল।…
Read More