Paromita

1016 Posts
মৰ্মান্তিক! মাতৃৰ হাতত ধৰি স্কুললৈ গৈ থকাৰ সময়তে গাৰ ওপৰেৰে উঠি গ’ল ইটাভৰ্তি ট্ৰাক, ৫ বছৰীয়া ইনায়াৰ মৃত্যু

মৰ্মান্তিক! মাতৃৰ হাতত ধৰি স্কুললৈ গৈ থকাৰ সময়তে গাৰ ওপৰেৰে উঠি গ’ল ইটাভৰ্তি ট্ৰাক, ৫ বছৰীয়া ইনায়াৰ মৃত্যু

মাতৃৰ হাতত ধৰি স্কুললৈ গৈ থকাৰ সময়তে সংঘটিত এক মৰ্মান্তিত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল এটি পাঁচ বছৰীয়া কণমানিৰ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ অন্তৰ্গত চাহিবাবাদৰ আৰ্থলা এলেকাত শনিবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা। নিহত ছাত্ৰীগৰাকীক নিউ হিণ্ডন বিহাৰৰ বাসিন্দা মহছিনৰ কন্যা তথা এলকেজিৰ ছাত্ৰী ইনায়া বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, আইতাকৰ ঘৰত থাকি স্থানীয় এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ি থকা ইনায়াক লৈ মাতৃ চুলতানা সদায়ৰ দৰে খোজকাঢ়ি স্কুল অভিমুখে ওলাই আহিছিল। কিন্তু বিদ্যালয়লৈ যোৱাৰ পথতে থকা বালাজী বিহাৰৰ এটা নিৰ্মাণাধীন গৃহৰ সন্মুখ পাওঁতেই ঘটিল এই অঘটন। পথৰ ওপৰত জমা হৈ থকা মাটি আৰু আৱৰ্জনাৰ…
Read More
জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত সোণাপুৰৰ জুবিনক্ষেত্ৰত অনুৰাগীৰ বিশাল সমাৱেশ; সুৰৰ মাজেৰে স্মৰণ

জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত সোণাপুৰৰ জুবিনক্ষেত্ৰত অনুৰাগীৰ বিশাল সমাৱেশ; সুৰৰ মাজেৰে স্মৰণ

আজি ১৯ ছেপ্টেম্বৰ! এবছৰ পূৰ্বে আজিৰ দিনটোতে ছিংগাপুৰত অসমৰ সূৰ্যক চিৰকালৰ বাবে হেৰুৱাইছিল অসমীয়াই। কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শনিবাৰে পুৱাৰে পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপচি পৰিল অজস্ৰ গুণমুগ্ধ আৰু অনুৰাগীৰ ভিৰ। সুৰ সম্ৰাটগৰাকীৰ পৱিত্ৰ সমাধিস্থলীত ধূপ-দীপ জ্বলাই আৰু প্ৰাৰ্থনা জনাই সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ চিৰশান্তি কামনা কৰে। জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত তিনিদিনীয়া 'জুবিন দিৱস' কাৰ্যসূচীৰ আজি অন্তিম দিন। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে অতি পুৱাৰে পৰা সোণাপুৰত অভূতপূৰ্ব জনসমুদ্ৰ দেখিবলৈ পোৱা যায়। হাতে হাতে গামোচা লৈ, প্ৰাণ খুলি নাচি-গাই জুবিনৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি আৱেগিক অনুৰাগীসকলে সোঁৱৰণ কৰে তেওঁলোকৰ হৃদয়ৰ শিল্পীগৰাকীক। একেদৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত…
Read More
পথৰ কুকুৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ বস্তাত ভৰাই পৌৰ কাৰ্যালয়লৈ লৈ আহিল কুকুৰ! তাৰ পিছত

পথৰ কুকুৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ বস্তাত ভৰাই পৌৰ কাৰ্যালয়লৈ লৈ আহিল কুকুৰ! তাৰ পিছত

পথৰ কুকুৰৰ আতংকৰ কাৰণে অতিষ্ঠ হৈ অৱশেষত পৌৰ পঞ্চায়তৰ মুখ্য বিষয়াৰ কাৰ্যালয়তে বাটৰ কুকুৰ এৰি দিলে একাংশ প্ৰতিবাদকাৰীয়ে। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ নিফাড চহৰত সংঘটিত এই অভাৱনীয় ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, চহৰখনত বিগত কিছুদিন ধৰি বাটৰ কুকুৰৰ ত্ৰাস বৃদ্ধি পোৱাৰ ফলত নিতৌ ইয়াৰ কবলত পৰিবলগীয়া হৈছিল বাটৰুৱা। সঘনাই ঘটা এনে আক্ৰমণৰ বিৰুদ্ধে পৌৰ প্ৰশাসনক বাৰে বাৰে দৃষ্টিগোচৰ কৰাৰ পিছতো কোনো ফলপ্ৰসূ পদক্ষেপ নোলোৱাত স্থানীয় ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিগি পৰে। প্ৰশাসনৰ এনে চৰম নিৰ্লিপ্ততাৰ প্ৰতিবাদ জনাই শিৱসেনাৰ (উদ্ধৱ ঠাকৰে গোট) যুৱ শাখা 'যুৱ সেনা'ৰ জিলা সভাপতি বিক্ৰম ৰন্ধৱেৰ নেতৃত্বত দলীয় কৰ্মীসকলে সাব্যস্ত কৰে এক অভিনৱ…
Read More
ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত সংসদীয় সমিতিত হোৱা নাছিল কোনো আলোচনাঃ কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ

ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত সংসদীয় সমিতিত হোৱা নাছিল কোনো আলোচনাঃ কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ

ডিজিটেল লেনদেনত মাচুল আৰোপৰ চৰকাৰী সিদ্ধান্তক লৈ দেশজোৰা ক্ষোভৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মুখ খুলিলে লোকসভাৰ কংগ্ৰেছ দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে। বিত্ত সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে মোদী চৰকাৰৰ শেহতীয়া ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত কোনো ধৰণৰ আলোচনাই কৰা নাছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদজনে। সামাজিক মাধ্যমযোগে চৰকাৰৰ দাবী খণ্ডন কৰি গৌৰৱ গগৈয়ে কয়, "যেতিয়া বিত্ত বিভাগৰ বিষয়াসকলে বিত্তীয় সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁলোকৰ হাতত ইউপিআই কৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট প্ৰস্তাৱেই নাছিল।" মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট বা এমডিআৰৰ প্ৰয়োজনীয়তাক লৈ সমিতিয়ে প্ৰশ্ন উত্থাপন কৰিছিল যদিও চৰকাৰী প্ৰতিনিধিৰ ওচৰত কোনো স্পষ্ট আৰু সন্তোষজনক উত্তৰ নাছিল বুলিও তেওঁ সদৰী কৰে। এই…
Read More
পবিত্ৰ মক্কা অভিমুখে হুথিৰ ড্ৰোন আক্ৰমণ প্ৰতিহত চৌদি আৰবৰ; পবিত্ৰ চহৰত জৰুৰী সতৰ্কতা জাৰি

পবিত্ৰ মক্কা অভিমুখে হুথিৰ ড্ৰোন আক্ৰমণ প্ৰতিহত চৌদি আৰবৰ; পবিত্ৰ চহৰত জৰুৰী সতৰ্কতা জাৰি

ইছলামৰ পৱিত্ৰতম তীৰ্থনগৰী মক্কাক লক্ষ্য কৰি য়েমেনৰ হুথি বিদ্ৰোহীয়ে প্ৰেৰণ কৰা এক বিপজ্জনক ড্ৰোন আক্ৰমণ মাজ আকাশতে ধ্বংস কৰিলে চৌদি আৰবৰ প্ৰতিৰক্ষা বাহিনীয়ে। মঙলবাৰে সন্ধিয়া নিষিদ্ধ আকাশসীমাত প্ৰৱেশ কৰাৰ পূৰ্বেই ৰয়েল চৌদি এয়াৰ ডিফেন্স ফ'ৰ্চে এই শত্ৰুভাৱাপন্ন ড্ৰোনটো আকাশতে গুলীয়াই ভূপতিত কৰে। ঘটনাৰ পিছতেই মক্কা চহৰত প্ৰায় এক দশকৰ অন্তত প্ৰথমবাৰৰ বাবে জাৰি কৰা হয় হাই এলাৰ্ট। মক্কাৰ লগতে দ্বিতীয় বৃহত্তম চহৰ জেদ্দা আৰু তায়িফতো সম্ভাৱ্য বিপদৰ ছাইৰেন বাজি উঠে যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত এই সতৰ্কতা প্ৰত্যাহাৰ কৰা হয়। চৌদি মিত্ৰজোঁটৰ মুখপাত্ৰ তুৰ্কী আল-মালিকিয়ে এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে পবিত্ৰ দুয়োটা মছজিদ আৰু তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা চৌদি…
Read More
২৪ ঘণ্টাও নিটিকিল শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতি! মুকলিৰ পিছতে সৃষ্টি প্ৰকাণ্ড গাঁত

২৪ ঘণ্টাও নিটিকিল শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতি! মুকলিৰ পিছতে সৃষ্টি প্ৰকাণ্ড গাঁত

দুমাহত প্ৰায় সাত-আঠ কোটি টকা ব্যয় কৰি কৰা বৃহৎ মেৰামতি কাৰ্য মুকলি হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই ফোঁপোলা স্বৰূপ ওলাই পৰিল ঐতিহাসিক পুৰণি শৰাইঘাট দলঙৰ। বিগত ১৩ জুলাইৰ পৰা সুদীৰ্ঘ দুটা মাহ ধৰি সাধাৰণ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ কৰি উত্তৰ-পূব সীমান্ত ৰে'লৱেই দলংখনৰ উপৰিভাগ মেৰামতি আৰু সংস্কাৰ সাধন কৰিছিল। প্ৰায় ৬০ দিনৰ অন্তত ১৫ ছেপ্টেম্বৰত দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়াৰ পিছতেই সৃষ্টি হয় এক চৰম হতাশাজনক পৰিস্থিতিৰ। বাহন চলাচল আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই নৱনিৰ্মিত পথছোৱাত খহনীয়া সদৃশ অৱস্থাৰ সৃষ্টি হয়। পুৱাৰ ভাগত তীব্ৰবেগী গাড়ী-মটৰ পাৰ হোৱাৰ লগে লগেই বহু ঠাইত পিট্‌চ আৰু আলকতৰাৰ প্ৰলেপ চপৰা-চপৰে উফৰি পৰি পুনৰ পুৰণি গাঁতৰ…
Read More
ছাত্ৰ আন্দোলনৰ স্বতন্ত্ৰতা ৰক্ষাৰ স্বাৰ্থতেই যন্তৰ-মন্তৰলৈ যোৱা নাছিল ৰাহুল গান্ধীঃ আইছা নেত্ৰী নেহা বৰা

ছাত্ৰ আন্দোলনৰ স্বতন্ত্ৰতা ৰক্ষাৰ স্বাৰ্থতেই যন্তৰ-মন্তৰলৈ যোৱা নাছিল ৰাহুল গান্ধীঃ আইছা নেত্ৰী নেহা বৰা

ৰাজধানীৰ যন্তৰ-মন্তৰত সমাপ্তি ঘটা ঐতিহাসিক ছাত্ৰ আন্দোলনত ৰাহুল গান্ধীৰ অনুপস্থিতিক লৈ বিৰোধীক ঘেৰিবলৈ চেষ্টা কৰিছিল শাসক পক্ষই। কিন্তু শাসক পক্ষৰ এনে প্ৰচেষ্টাৰ মাজতে এইবাৰ লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ অনুপস্থিতিৰ কাৰণ স্পষ্ট কৰিলে আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই। পৰীক্ষাৰ খেলিমেলি আৰু নিযুক্তিৰ বিসংগতিৰ বিৰুদ্ধে দেশ কঁপোৱা 'Gen Z' প্ৰতিবাদৰ সময়ত লোকসভাৰ বিৰোধী দলপতিগৰাকী সোশৰীৰে উপস্থিত নোহোৱাক লৈ সৃষ্টি হোৱা ব্যাপক চৰ্চাৰ মাজতেই সৰৱ হৈ পৰে ছাত্ৰ নেত্ৰীগৰাকী। ছাত্ৰ-ছাত্ৰীৰ এই স্বতঃস্ফূৰ্ত আন্দোলনত শাসক পক্ষই যাতে কোনো ৰাজনৈতিক লেবেল লগাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিৰোধী দলপতিগৰাকীয়ে যন্তৰ-মন্তৰলৈ যোৱাৰ পৰা বিৰত আছিল বুলি সদৰী কৰে নেত্ৰীগৰাকীয়ে। বিষয়টো সন্দৰ্ভত নেহা বৰাই কয়, "ৰাহুল গান্ধীয়ে ব্যক্তিগতভাৱে…
Read More
উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত খুন্দা পাক নৌসেনাৰ; নতুন দিল্লীৰ কূটনৈতিজ্ঞক তলব

উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত খুন্দা পাক নৌসেনাৰ; নতুন দিল্লীৰ কূটনৈতিজ্ঞক তলব

উত্তৰ আৰব সাগৰৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাত নিয়মীয়া টহলদাৰী চলাই থকা অৱস্থাত ভাৰতীয় নৌসেনাৰ এখন আগশাৰীৰ যুদ্ধজাহাজক পিছফালৰ পৰা আহি প্ৰচণ্ড খুন্দা মাৰে পাকিস্তান নৌসেনাৰ এখন টহলদাৰী জাহাজে। মঙলবাৰে বিয়লি ওমান উপকূলৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ পূবত সংঘটিত হয় এই বিপজ্জনক ঘটনা। পাকিস্তান নৌসেনাৰ জাহাজখনে অত্যন্ত ক্ষিপ্ৰ গতিত আৰু অপেছাদাৰীভাৱে গতিপথ সলনি কৰি ভাৰতীয় জাহাজখনৰ কাষ চাপি আহে আৰু ফলত দুয়োখন জাহাজৰ মাজত সংঘৰ্ষ ঘটে। এই আকস্মিক সংঘৰ্ষৰ ফলত ভাৰতীয় যুদ্ধজাহাজখনৰ কোনো গুৰুতৰ ক্ষতিসাধন হোৱা নাই বুলি প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিশ্চিত কৰিছে। ঘটনাৰ পিছতেই নতুন দিল্লীত নিয়োজিত পাকিস্তান উচ্চায়োগৰ ভাৰপ্ৰাপ্ত শীৰ্ষ কূটনীতিক ছাদ আহমেদ ৱাৰাইচক তলব কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।…
Read More
অসমৰ পৰা তামিলনাডুলৈ হাতী প্ৰেৰণক লৈ তীব্ৰ বিতৰ্ক; মাদুৰাইৰ মন্দিৰ পালেগৈ কণমানি ‘দুৰ্গা’

অসমৰ পৰা তামিলনাডুলৈ হাতী প্ৰেৰণক লৈ তীব্ৰ বিতৰ্ক; মাদুৰাইৰ মন্দিৰ পালেগৈ কণমানি ‘দুৰ্গা’

অসমৰ পৰা তামিলনাডুৰ মন্দিৰলৈ হাতী স্থানান্তৰক কেন্দ্ৰ কৰি চলি থকা তীব্ৰ বিতৰ্কৰ মাজতেই মাদুৰাইৰ বিখ্যাত মীনাক্ষী আম্মান মন্দিৰত উপস্থিত হ'ল পাঁচ বছৰীয়া মাইকী হাতী ‘দুৰ্গা’। প্ৰায় তিনি হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি সোমবাৰে গণেশ চতুৰ্থীৰ দিনা মন্দিৰ প্ৰাংগণত উপস্থিত হয় হাতীজনী। তামিলনাডুৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মন্দিৰ কৰ্তৃপক্ষ আৰু ভক্তসকলে পুষ্পবৃষ্টিৰে আদৰণি জনায় দুৰ্গাক। তিনিচুকীয়া জিলাৰ গুইজান আৰক্ষী থানাৰ অন্তৰ্গত লাইকা বন গাঁৱৰ বাসিন্দা পুণ্য পেগুৰ নামত পঞ্জীয়ন হৈ থকা এই হাতীজনীক মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাদুৰাইৰ মন্দিৰটোলৈ লৈ যোৱা হয়। এই স্থানান্তৰক লৈ সৃষ্টি হৈছে বহুতো অমীমাংসিত প্ৰশ্নৰ। হাতীকেইটা মন্দিৰলৈ দান হিচাপে আগবঢ়োৱা হৈছে নে বিক্ৰী কৰা হৈছে,…
Read More
চিআৰপিএফৰ ক’ব্ৰা বাহিনীৰ নেতৃত্বত প্ৰথমগৰাকী মহিলা বিষয়া; আইজি হিচাপে দায়িত্বভাৰ গ্ৰহণ সংযুক্তা পৰাশৰৰ

চিআৰপিএফৰ ক’ব্ৰা বাহিনীৰ নেতৃত্বত প্ৰথমগৰাকী মহিলা বিষয়া; আইজি হিচাপে দায়িত্বভাৰ গ্ৰহণ সংযুক্তা পৰাশৰৰ

জংঘল যুদ্ধ আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বাবে গঠিত চিআৰপিএফৰ বিশেষ কমাণ্ডো বাহিনী ‘ক’ব্ৰা’ৰ শীৰ্ষ পদত নিযুক্তি পালে এগৰাকী অসম তনয়াই। উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান চলাই বিশেষভাৱে পৰিচিত হৈ পৰা অসম-মেঘালয় কেডাৰৰ ২০০৬ বেচৰ জ্যেষ্ঠ আইপিএছ বিষয়া সংযুক্তা পৰাশৰে চিআৰপিএফৰ ক'ব্ৰা ইউনিটৰ পৰিদৰ্শক প্ৰধান (আইজি) হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ লগে লগে এই বিশেষ বাহিনীটোক নেতৃত্ব দিয়া দেশৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া হিচাপে পৰিগণিত হয় পৰাশৰ। চিআৰপিএফৰ মুখ্য কাৰ্যালয়ে শেহতীয়াকৈ এই নিযুক্তিৰ নিৰ্দেশনা জাৰি কৰে। ১৯৯৬ বেচৰ আইপিএছ বিষয়া দানেশ ৰাণাৰ স্থানত সংযুক্তা পৰাশৰক এই দায়িত্ব অৰ্পণ কৰা হৈছে। দহটা বেটেলিয়নৰে গঠিত এই বিশেষ বাহিনীটোৰ নেতৃত্ব এতিয়াৰ পৰা এগৰাকী মহিলা…
Read More