উৎসৱমুখৰ পুৰস্কাৰ অভিযানৰ জৰিয়তে ২০০ মিলিয়ন গ্ৰাহকৰ বাবে বিশেষ অফাৰ ফিলিপ্ছ হোম এপ্লাইয়েন্সৰ

ফিলিপ্ছ হোম এপ্লায়েন্সে দুৰ্গোত্সৱৰ সময়ছোৱাত ‘সোনেপে ডাবল সুহাগা’ অফাৰ আগবঢ়াইছে। এই অফাৰৰ অধীনত নিৰ্দিষ্ট সামগ্ৰী ক্ৰয় কৰিলে নিশ্চিত উপহাৰ পোৱাৰ লগতে প্ৰতি ঘণ্টাত ৯,৯৯৯ টকা মূল্যৰ সোণ আৰু প্ৰতিদিনে ৫০,০০০ টকা মূল্যৰ হীৰা জিকাৰ সুযোগ লাভ কৰিব পাৰিব।
১৩ অক্টোবৰত ঘোষণা কৰা এই অফাৰে ১১ অক্টোবৰৰ পৰা ১১ নৱেম্বৰলৈ অব্যাহত থাকিব আৰু দেশৰ ১১২ খন চহৰৰ ২০ কোটিতকৈও অধিক গ্ৰাহকৰ ওচৰলৈ পম্প্ৰসাৰিত হ’ব বুলি আশা কৰা হৈছে। এই অফাৰৰ সময়ছোৱাত গ্ৰাহকে সৰ্বনিম্ন ১,৫০০ টকাৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ ফিলিপ্ছ হোম এপ্লায়েন্সৰ নিৰ্দিষ্ট সামগ্ৰী ক্ৰয় কৰি নিশ্চিত উপহাৰ আৰু এই বহুমূলীয়া পুৰস্কাৰসমূহ জিকাৰ সুযোগ লাভ কৰিব পাৰিব।
এই অফাৰ কোম্পানীটোৰ যোৱা ফেষ্টিভ ছিজনৰ ‘সোনে পে সুহাগা’ অভিযানৰ আধাৰত প্ৰস্তুত কৰা হৈছে, যিয়ে ৭০খন চহৰৰ গ্ৰাহকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। এই বৰ্ষৰ অফাৰত ক্ৰয়ৰ লাভালাভৰ সৈতে সোণ আৰু হীৰা জিকাৰ সুযোগ আগবঢ়োৱা হৈছে, যিবোৰ পৰম্পৰাগতভাৱে ভাৰতীয় উৎসৱৰ সময়ত সমৃদ্ধি আৰু নতুন আৰম্ভণিৰ সৈতে জড়িত হৈ থাকে।
ভাৰ্ছুনি ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া পূজা বৈদে কয় যে, “সোনেপে ডাবল সুহাগাৰ জৰিয়তে, গ্ৰাহকে ফিলিপ্ছ হোম এপ্লায়েন্সৰ নিৰ্দিষ্ট সামগ্ৰী ক্ৰয় কৰাৰ সময়ত এটা নিশ্চিত উপহাৰ লাভ কৰিব পাৰিব, লগতে প্ৰতি ঘণ্টাত সোণ আৰু প্ৰতিদিনে হীৰা জিকাৰ সুযোগো পাব।”
কোম্পানীটোৱে জানিবলৈ দিয়ে যে এই বিশেষ অভিযানৰ উদ্দেশ্য হৈছে পৰম্পৰাগত ৰেহাই আৰু সামগ্ৰী-কেন্দ্ৰিক অফাৰৰ ঊৰ্ধ্বলৈ গৈ নিশ্চিত উপহাৰ আৰু আকৰ্ষণীয় পুৰস্কাৰৰ সৈতে হোম এপ্লায়েন্সৰ পৰিসৰক একত্ৰিত কৰি উৎসৱৰ বজাৰ কৰাটো গ্ৰাহকৰ বাবে অধিক ফলপ্ৰসূ কৰি তোলা।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *