পবিত্ৰ মক্কা অভিমুখে হুথিৰ ড্ৰোন আক্ৰমণ প্ৰতিহত চৌদি আৰবৰ; পবিত্ৰ চহৰত জৰুৰী সতৰ্কতা জাৰি

ইছলামৰ পৱিত্ৰতম তীৰ্থনগৰী মক্কাক লক্ষ্য কৰি য়েমেনৰ হুথি বিদ্ৰোহীয়ে প্ৰেৰণ কৰা এক বিপজ্জনক ড্ৰোন আক্ৰমণ মাজ আকাশতে ধ্বংস কৰিলে চৌদি আৰবৰ প্ৰতিৰক্ষা বাহিনীয়ে।

মঙলবাৰে সন্ধিয়া নিষিদ্ধ আকাশসীমাত প্ৰৱেশ কৰাৰ পূৰ্বেই ৰয়েল চৌদি এয়াৰ ডিফেন্স ফ’ৰ্চে এই শত্ৰুভাৱাপন্ন ড্ৰোনটো আকাশতে গুলীয়াই ভূপতিত কৰে।

ঘটনাৰ পিছতেই মক্কা চহৰত প্ৰায় এক দশকৰ অন্তত প্ৰথমবাৰৰ বাবে জাৰি কৰা হয় হাই এলাৰ্ট। মক্কাৰ লগতে দ্বিতীয় বৃহত্তম চহৰ জেদ্দা আৰু তায়িফতো সম্ভাৱ্য বিপদৰ ছাইৰেন বাজি উঠে যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত এই সতৰ্কতা প্ৰত্যাহাৰ কৰা হয়।

চৌদি মিত্ৰজোঁটৰ মুখপাত্ৰ তুৰ্কী আল-মালিকিয়ে এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে পবিত্ৰ দুয়োটা মছজিদ আৰু তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা চৌদি আৰবৰ বাবে এক অলংঘনীয় ‘ৰেড লাইন’। উপাসকসকলক সন্ত্ৰস্ত কৰা আৰু নিৰীহ নাগৰিকৰ ক্ষতিসাধনৰ যিকোনো অপচেষ্টাৰ বিৰুদ্ধে চৌদি আৰবে অতি দৃঢ়তাৰে প্ৰত্যুত্তৰ দিব বুলি তেওঁ সকীয়নি দিয়ে।

ইফালে এই অভিযোগ পোনপটীয়াকৈ খাৰিজ কৰিছে ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে। য়েমেনৰ ‘ছাবা’ সংবাদ সংস্থাক দিয়া বিবৃতিত হুথিৰ সামৰিক সূত্ৰই কয়, “য়েমেনৰ তৰফৰ পৰা মক্কা চহৰ বা আন কোনো পবিত্ৰ ইছলামিক স্থানলৈ কোনো ভাবুকি নাই বুলি আমি দৃঢ়ভাৱে স্পষ্ট কৰি দিছোঁ।” চৌদি পক্ষৰ এনে দাবীক অপপ্ৰচাৰ আখ্যা দিয়ে সংগঠনটোৱে।

উল্লেখ্য যে ২০২২ চনত ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতিৰ পিছত চৌদি ভূখণ্ডত আক্ৰমণ বন্ধ আছিল যদিও শেহতীয়াকৈ লোহিত সাগৰৰ বাব আল-মান্দেব উপকূলত জাহাজ অৱৰোধ আৰু মিছাইল-ড্ৰোন নিক্ষেপক কেন্দ্ৰ কৰি দুয়োপক্ষৰ সংঘাত পুনৰ চৰম পৰ্যায় পাইছে। মঙলবাৰে খামিছ মুশ্বাইত, আভা আৰু তায়িফ চহৰত হোৱা ড্ৰোন আঘাতত ১৩ জন লোক আহত হোৱাৰ পিছত মক্কা অভিমুখে এই আক্ৰমণৰ ঘটনাই সমগ্ৰ মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনীতিত উত্তেজনা পুনৰ বৃদ্ধি কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *