16
Sep
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়তে গণতন্ত্ৰ, সাংবিধানিক অনুষ্ঠান আৰু নাগৰিক অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিলে অসম বিধানসভাৰ বিৰোধী দলৰ প্ৰাক্তন দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে শইকীয়াই কয় যে ২৫ বছৰীয়া শাসনৰ মূল্যায়ন কেৱল উন্নয়নৰ দাবীত সীমাবদ্ধ থাকিব নোৱাৰে। এই সময়ছোৱাত গণতান্ত্ৰিক অনুষ্ঠান, সাংবিধানিক অধিকাৰ, নাগৰিক স্বাধীনতা আৰু সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ কি অৱস্থা হ'ল, সেই সকলোবোৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। মোদীৰ এই ২৫ বছৰীয়া ঐতিহাসিক মাইলষ্ট’নক পোনপটীয়াকৈ জবাবদিহি কৰাৰ আহ্বান জনাই কংগ্ৰেছ নেতাজনে কয়, "ক্ষমতাত ২৫ বছৰ থকা মানেই হৈছে ২৫…
