ড্ৰাগছৰ ভয়ংকৰ সংহাৰৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ আহ্বান জনাই মঙলবাৰে সমগ্ৰ ৰাজ্য কঁপাই তুলিলে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যজুৰি বিশাল মাদক বিৰোধী সজাগতা সমদল বাহিৰ কৰি ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ লগতে ব্যক্তিগত পুনৰ্সংস্থাপন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক দাবী জনায় ছাত্ৰ সংগঠনটোৱে।
আছুৰ সভাপতি উৎপল শৰ্মাই ৰাজ্যত চলি থকা পুনৰ্সংস্থাপন কেন্দ্ৰসমূহৰ কাৰ্যপ্ৰণালীক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই কেন্দ্ৰসমূহৰ সঠিক পৰিদৰ্শন আৰু পৰিচালনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হোৱা কিছু ব্যক্তিয়ে নিজেই এনে কেন্দ্ৰ খুলি বহিছে। উপযুক্ত নিয়ম-নীতি নথকাৰ বাবে এই পুনৰ্সংস্থাপন কেন্দ্ৰসমূহ পৰৱৰ্তী সময়ত ড্ৰাগছৰ ঘাটিত পৰিণত হোৱাৰ আশংকা প্ৰকাশ কৰি চৰকাৰী তত্ত্বাৱধানত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা এক সুসংহত চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ পোষকতা কৰে সভাপতিগৰাকীয়ে।
ভাৰত-ম্যানমাৰ সীমান্ত আৰু ‘গোল্ডেন ট্ৰায়ংগল’ৰ নিকটৱৰ্তী হোৱাৰ বাবেই অসম আন্তঃৰাষ্ট্ৰীয় মাদকদ্ৰব্য সৰবৰাহৰ এক মূল কৰিডৰ হৈ পৰা বুলি সকীয়াই দিয়ে আছু নেতৃত্বই। চৰকাৰে গঠন কৰা নাৰ্কোটিকছ কোষক অধিক ক্ষমতা প্ৰদান কৰাৰ সমান্তৰালভাৱে বিদ্যালয়ৰ পাঠ্যক্ৰমত মাদক বিৰোধী সজাগতা অন্তৰ্ভুক্ত কৰাৰো দাবী জনায় ছাত্ৰ সন্থাই।
আনহাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে সমাজৰ প্ৰতিজন নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে ড্ৰাগছৰ এই ভয়াবহ সমস্যা প্ৰতিৰোধ কৰা সম্ভৱ নহয়। ঘৰে ঘৰে আৰু শিক্ষানুষ্ঠানসমূহত ড্ৰাগছৰ কুফল সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ লগতে সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।
গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল সমদল উলিওৱা হয়। সমান্তৰালভাৱে নলবাৰীকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰতো আছুৰ হাজাৰ হাজাৰ নেতা-কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে সমদল কৰি সমাজৰ পৰা ড্ৰাগছৰ কৱল চিৰদিনৰ বাবে নিৰ্মূল কৰাৰ সংকল্প লয়।
