নুডলছত জ্বলা বেছি হোৱাক লৈ তৰ্কাতৰ্কি! বেংগালুৰুত অসমৰ তিনিজনক নিৰ্মম প্ৰহাৰ

এখন ফাষ্ট ফুডৰ দোকানত খাদ্যত অধিক জ্বলা হোৱাৰ অভিযোগ তুলি তিনিগৰাকী কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে তিনি সুৰাপায়ী গ্ৰাহকে। সোৱাদৰ সামান্য তাৰতম্যক লৈ আৰম্ভ হোৱা তৰ্কাতৰ্কিয়ে কিছু সময়ৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ইলেক্ট্ৰনিক চিটিৰ সমীপৰ ডোড্নাথোগুৰু অঞ্চলত ২৯ অক্টোবৰৰ নিশা সংঘটিত এই আক্ৰমণৰ বলি হোৱা আটাইকেইগৰাকী কৰ্মচাৰী অসমৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আক্ৰমণত আহত হোৱা লোক তিনিজনক দীপক থাপা, হেমা আৰু লক্ষ্মী লামা বুলি চিনাক্ত কৰা হৈছে। সুৰাৰ নিচাত থকা নাগৰাজ, চান্দ্ৰু আৰু দেৱৰাজ নামৰ তিনি অভিযুক্তই খাদ্যৰ জোখক লৈ প্ৰথমে দোকানখনৰ কৰ্মচাৰীসকলৰ সৈতে তৰ্কত লিপ্ত হয়।

কথা-কটাকটিৰ মাজতে অভিযুক্তকেইজনে তিনি কৰ্মচাৰীক মাটিত বগৰাই উপৰ্যুপৰি ঘোচা আৰু গোৰ শোধায়। সেই সময়তে ভুক্তভোগীসকলক ৰক্ষা কৰিবলৈ আন এগৰাকী যুৱকে চেষ্টা চলায় যদিও অভিযুক্ত দলটোৱে তেওঁকো খেদি গৈ মাৰধৰ কৰে।

স্থানীয় বাসিন্দাসকলে সমগ্ৰ ঘটনাৰ দৃশ্য নিজৰ মোবাইল ফোনত বন্দী কৰি ৰাখে। সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ত এজন ভুক্তভোগী মাটিত পৰি থকা অৱস্থাতে দলটোৱে নিৰ্দয়ভাৱে মাৰধৰ চলাই থকা দেখা গৈছে।

আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত দোকানখনৰ মহিলা কৰ্মীগৰাকীয়ে নিজৰ লগতে সতীৰ্থৰ শৰীৰত লগা আঘাতৰ চিহ্ন প্ৰদৰ্শন কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইলেক্ট্ৰনিক চিটি আৰক্ষী থানাত এটা নিয়মীয়া গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *