আমেৰিকাৰ ফ্ল’ৰিডাত ভয়ংকৰ বিমান দুৰ্ঘটনা! জুই লাগি আৱাসিক এলেকাত খুন্দা, ৯ জনৰ মৃত্যু

আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দেওবাৰে এখন বাণিজ্যিক জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা ৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, বিমানখনত হঠাৎ যান্ত্ৰিক বিজুতি ঘটাৰ ফলত জুইৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই দক্ষিণ ফ্ল’ৰিডাৰ এটা আৱাসিক এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

সৌভাগ্যক্ৰমে বিমানখনে কোনো অট্টালিকাত খুন্দা মৰা নাছিল। এটা ব্যস্ত পথৰ সমীপত বিমানখন অৱতৰণ কৰাৰ সময়তে প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটে। মুহূৰ্ততে জুই আৰু ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো।

আমেৰিকাৰ পৰিবহণ সচিবে বিমানখনত থকা আটাইকেইজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

ইফালে, দুৰ্ঘটনাৰ সময়ত পথটোৰে পাৰ হৈ যোৱা এখন বাহনত সংস্থাপন কৰা কেমেৰাত বন্দী হৈছে সমগ্ৰ ভয়ংকৰ দৃশ্য। ইতিমধ্যে সেই দৃশ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ভয়ংকৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে। বিমানখনত কেনেদৰে যান্ত্ৰিক বিজুতি ঘটিল আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *