এশিঙীয়া গঁড়ৰ সুৰক্ষাত অসমে সৃষ্টি কৰিলে এক নতুন ইতিহাস। আন্তর্জাতিক ৰাইন’ ফাউণ্ডেশ্যনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২৫ বৰ্ষত অসমত এটাও গঁড় চোৰাং চিকাৰীৰ বলি হোৱা নাই।
বিগত ১৯৭০ৰ দশকৰ পাছত এয়া দ্বিতীয়টো এনে বৰ্ষ, য’ত ৰাজ্যখনত এটা সম্পূৰ্ণ বছৰ চোৰাং চিকাৰ সম্পূৰ্ণৰূপে শূন্য হৈ থাকে। ইয়াৰ পূৰ্বে কেৱল ২০২২ চনতহে এনে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল অসমে।
বিশ্বৰ মুঠ এশিঙীয়া গঁড়ৰ প্ৰায় ৮০ শতাংশৰেই একমাত্ৰ প্ৰধান আশ্ৰয়স্থল হৈছে অসম। আনুমানিক ৩,২৬০ টা গঁড় থকা ৰাজ্যখনৰ কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই আছে ২,৬০০ ৰো অধিক গঁড়। আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানতো সফল পুনৰ্সংস্থাপনৰ জৰিয়তে প্ৰায় ৪০ ৰ পৰা ৫০ টা গঁড়ে বিচৰণ কৰে।
বিগত ২০১০ৰ দশকত প্ৰতি বছৰে প্ৰায় ৩০ টাকৈ গঁড় হত্যা কৰিছিল চোৰাং চিকাৰীয়ে। কিন্তু বন বিভাগৰ অহৰহ তহলদাৰী, উন্নত চোৰাংচোৱা তথ্য সংগ্ৰহ আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগিতাই সেই ভয়াবহ অপৰাধক সম্পূৰ্ণভাৱে প্ৰতিহত কৰে। একে সময়তে চুবুৰীয়া দেশ নেপালেও ২০২৫ বৰ্ষত শূন্য চোৰাং চিকাৰৰ মাইলষ্ট’ন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।
চোৰাং চিকাৰ ৰোধ হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি এই প্ৰজাতিটোৰ সংখ্যা ২০২২ চনৰ ৪,০১৪ টাৰ পৰা বৃদ্ধি পাই বৰ্তমান ৪,০৭৫ টা হৈছে।
অৱশ্যে চিকাৰ বন্ধ হ’লেও সংৰক্ষণৰ মূল প্ৰত্যাহ্বান এতিয়া সলনি হৈছে বাসস্থান আৰু খাদ্যৰ সুৰক্ষালৈ। ঘাঁহনিত অপতৃণৰ আগ্ৰাসন আৰু মানুহ-বন্যপ্ৰাণীৰ বৰ্ধিত সংঘাত এতিয়াও প্ৰজাতিটোৰ অস্তিত্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ ৰৈছে।
অহা ২২ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বই ‘বিশ্ব গঁড় দিৱস’ উদযাপন কৰিবলৈ সাজু হোৱাৰ সময়তে প্ৰকাশ পোৱা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনে অসমৰ সংৰক্ষণ প্ৰচেষ্টাক বিশ্ব দৰবাৰত পুনৰ নতুন মাত্ৰা প্ৰদান কৰে।
