এবাৰ নহয়, দুবাৰ নহয়, ডেৰ মাহৰ ভিতৰত ৮ বাৰকৈ সৰ্প দংশনৰ বলি হ’ল এগৰাকী কিশোৰী। উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ জংচন কোতৱালী এলেকাৰ সৰু লাড়পুৰ গাঁৱত সংঘটিত হৈছে এই আচৰিত তথা ৰহস্যজনক ঘটনা। ঘৰৰ ভিতৰতে আশ্ৰয় লৈ থকা এটা বিষধৰ সাপে মাত্ৰ চাৰিটা দিনৰ ব্যৱধানতে চাৰিবাৰকৈ দংশন কৰে এগৰাকী কলেজীয়া ছাত্ৰীক।
ঘটনাৰ বলি হোৱা কিশোৰীগৰাকী হৈছে হাথৰছৰ সৰস্বতী ডিগ্ৰী কলেজৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী অনীতা। ১৭ বছৰীয়া ছাত্ৰীগৰাকীৰ পিতৃ কোমল গৌতমে জনোৱা মতে, মঙলবাৰে সন্ধিয়া ঘৰৰ ভিতৰতে পুনৰ প্ৰত্যক্ষ হয় এটা ক’লা সাপ। বিগত ডেৰ মাহ ধৰি আতংকৰ সৃষ্টি কৰি অহা এই সাপটোৱেই মঙলবাৰে সন্ধিয়া সুযোগ বুজি পুনৰ ছাত্ৰীগৰাকীৰ শৰীৰত বিষাক্ত দাঁত বহুৱাই দিয়ে। লগে লগে অচেতন হৈ মাটিত বাগৰি পৰে কিশোৰীগৰাকী।
ইয়াৰ পূৰ্বেও একেৰাহে তিনিটা দিনৰ ভিতৰত তিনিবাৰকৈ সাপৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল ছাত্ৰীগৰাকী।
মঙলবাৰে নিশাই সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে অনীতাক জিলা চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰাই চিকিৎসকে প্ৰয়োজনীয় প্ৰতিষেধক বেজী প্ৰদান কৰে। বৰ্তমান ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে যদিও পুনৰ সাপৰ আক্ৰমণৰ আশংকাত পৰিয়ালটো সম্পূৰ্ণৰূপে ত্ৰস্তমান হৈ পৰিছে।
চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, কিশোৰীগৰাকীক বিগত সময়ছোৱাত বহুবাৰ সৰ্পদংশনৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অনা হৈছিল আৰু এবাৰ অৱস্থা অধিক অৱনতি ঘটাত আলিগড়লৈকো প্ৰেৰণ কৰিবলগীয়া হৈছিল। বৰ্তমান ছাত্ৰীগৰাকী বিপদমুক্ত বুলি চিকিৎসকে নিশ্চিত কৰিছে।
