জীৱনৰ আটাইতকৈ শুভ দিনটোতো অনুভৱ হ’বলৈ নিদিলে পিতৃ নথকাৰ অভাৱ! প্ৰয়াত সতীৰ্থ জোৱানৰ কন্যাৰ বিবাহ অনুষ্ঠানত সামৰিক পোছাক পৰিহিত সেনা বিষয়া আৰু জোৱানসকলে পিতৃ তথা ভাতৃৰ সকলো দায়িত্ব কান্ধ পাতি লোৱা এক আৱেগিক দৃশ্যই এতিয়া চকু সেমেকাই তুলিছে দেশবাসীৰ। ৰাজস্থানৰ আলৱাৰ জিলাৰ হাৰছলি গাঁৱত ভাৰতীয় সেনাৰ ১৬ নং জাট ৰেজিমেণ্টৰ জোৱানসকলে ভাতৃত্ববোধ আৰু মানৱতাৰ এই অনন্য নিদৰ্শন দাঙি ধৰি সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে।
ভাৰতীয় সেনাৰ ১৬ নং জাট ৰেজিমেণ্টত হাবিলদাৰ হিচাপে কৰ্মৰত পপ্পল সিঙৰ ইতিমধ্যে মৃত্যু ঘটিছে। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালটোৱে এক শূন্যতাৰ মাজেৰে দিন অতিবাহিত কৰি থকাৰ সময়তে আহি পৰে পপ্পল সিঙৰ কন্যা প্ৰীতিৰ বিয়াৰ দিন। কিন্তু এই বিশেষ দিনটোত প্ৰীতিক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিলে পপ্পল সিঙৰ সহকৰ্মী জোৱানসকলে। হাৰছলি গাঁৱত অনুষ্ঠিত বিবাহ অনুষ্ঠানটোত ৰেজিমেণ্টটোৰ বিষয়া, কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ’) আৰু জোৱানসকলে সামৰিক পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে।
বিবাহ অনুষ্ঠানত কন্যাৰ পিতৃ আৰু ভাতৃয়ে পালন কৰিবলগীয়া সকলো পৰম্পৰাগত মাংগলিক দায়িত্ব নিষ্ঠাৰে পালন কৰে সেনা জোৱানসকলে। তেওঁলোকে নিজ হাতেৰে কইনা প্ৰীতিক বিবাহ মণ্ডপলৈ আগবঢ়াই নিয়াৰ লগতে সমগ্ৰ বিবাহ কাৰ্যসূচী সম্পন্ন নোহোৱা পৰ্যন্ত ছাঁৰ দৰে কইনাৰ কাষত থিয় দি থাকে। কেৱল সিমানেই নহয়, বিয়াৰ খৰচৰ বাবে ৰেজিমেণ্টটোৰ বিষয়া আৰু জোৱানসকলে নিজৰ মাজত ধন সংগ্ৰহ কৰি পৰিয়ালটোক ১.৬১ লাখ টকাৰ আৰ্থিক সাহায্যও আগবঢ়ায়। লগতে বিবাহথলীতে প্ৰয়াত হাবিলদাৰ পপ্পল সিঙৰ পত্নী অনিতা দেৱীক এখন চাদৰেৰে সন্মানো জনায় জোৱানসকলে।
বিয়াৰ অন্তত কইনাক নতুন ঘৰলৈ বিদায় দিয়াৰ মুহূৰ্তত এক অত্যন্ত আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। পিতৃৰ অনুপস্থিতিয়ে কইনা আৰু পৰিয়ালটোক শোকাকুল কৰি তোলাৰ সময়তে সেনা জোৱানসকলে অভিভাৱক হিচাপে থিয় দি প্ৰীতিক আশীৰ্বাদ দি বিদায় জনায়। সহকৰ্মীৰ মৃত্যুৰ পিছতো সেনা জোৱানসকলে এইদৰে পৰিয়ালটোৰ সুখ-দুখৰ সমভাগী হৈ আগবঢ়োৱা নিস্বাৰ্থ মৰম আৰু সন্মানে কইনাৰ পৰিয়ালৰ লগতে সমগ্ৰ হাৰছলি গাঁওবাসীকে আৱেগিক কৰি তোলে। ভাৰতীয় সেনাৰ মাজত থকা সম্পৰ্ক যে কেৱল চাকৰি কালতে সীমাবদ্ধ নহয়, সেই কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে ১৬ নং জাট ৰেজিমেণ্টৰ জোৱানসকলে।
