গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষৰ উদ্যোগত আজি গুৱাহাটীৰ দ্বাৰকানগৰস্থিত অংগনৱাড়ী কেন্দ্ৰত শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে এক প্ৰসাৰমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এই কাৰ্যসূচীত শিশুৰ প্ৰাৰম্ভিক বিকাশৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ, যেনে— স্বাস্থ্যসন্মত বৃদ্ধি, শাৰীৰিক আৰু মানসিক সুস্থতা, পুষ্টি তথা শিশুৰ বাবে এক সহায়ক আৰু উদ্দীপনামূলক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব তথা এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ তত্ত্বাৱধানত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।
কাৰ্যসূচীৰ অংশ হিচাপে দিছপুৰ মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱিকা হিমাশ্ৰী কাশ্যপ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিমাক্ষী চৌধুৰীয়ে নৃত্য আৰু সংগীতৰ জৰিয়তে শিশুসকলৰ সৈতে মত-বিনিময় কৰে।
ইয়াৰ উপৰি, শিশুসকলৰ মাজত এখন চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা চাৰিগৰাকী বিজয়ীক পুৰস্কাৰ প্ৰদান কৰা হয়।
