তৃণমূলৰ নাম আৰু নিৰ্বাচনী প্ৰতীকৰ বিবাদ চাৰি মাহৰ ভিতৰত নিষ্পত্তিৰ নিৰ্দেশ; বিধায়কৰ অপসাৰণক লৈ অধ্যক্ষক সময়সীমা নিৰ্ধাৰণত উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ দলীয় নাম আৰু প্ৰতীকক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ অন্তৰ্দ্বন্দ্বৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দলটোৰ মূল নাম আৰু নিৰ্বাচনী প্ৰতীকৰ বিবাদ অহা চাৰি মাহৰ ভিতৰত নিস্পত্তি কৰিবলৈ সোমবাৰে নিৰ্বাচন আয়োগক স্পষ্ট নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে। অৱশ্যে, দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ১০ জন বিদ্ৰোহী বিধায়কক পদৰ পৰা অপসাৰণ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ পশ্চিমবংগ বিধানসভাৰ অধ্যক্ষক কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়াৰ পৰা বিৰত থাকে আদালত।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিচাৰপীঠে এই প্ৰসংগত কয় যে আদালতে নিজৰ পূৰ্বৰ এটা ৰায়ত এনে বিষয় তিনি মাহৰ ভিতৰত নিষ্পত্তি কৰাৰ কথা উল্লেখ কৰি থৈছে। সেই অনুসৰি যোৱা ৮ জুলাইত দাখিল কৰা এই আবেদনৰ তিনিমহীয়া সময়সীমা অহা ৮ অক্টোবৰত শেষ হ’ব। আদালতে আশা প্ৰকাশ কৰে যে বিধানসভাৰ অধ্যক্ষই ন্যায়ালয়ৰ সেই পূৰ্বৰ নিৰ্দেশনাৰ প্ৰতি সচেতন হৈ নিৰ্ধাৰিত সময়ৰ ভিতৰতে এক উচিত সিদ্ধান্ত গ্ৰহণৰ প্ৰচেষ্টা চলাব।

বিচাৰপীঠৰ ন্যায়াধীশ বাগচীয়ে মন্তব্য কৰি কয় যে ন্যায়পালিকাই বহু সময়ত বিধিগত সময়সীমাৰ ভিতৰত নিজৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেস্থলত অধ্যক্ষক কোনো কঠোৰ সময়সীমা বান্ধি দিয়াটো সমীচীন নহয়। নিৰ্দেশনা দিয়াৰ পূৰ্বে ন্যায়ালয়ে নিজৰ সীমাবদ্ধতাৰ প্ৰতিও লক্ষ্য ৰখা উচিত বুলি তেওঁ উল্লেখ কৰে।

দলীয় নাম আৰু প্ৰতীকৰ সংঘাত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দুয়োটা পক্ষকে চাৰি সপ্তাহৰ ভিতৰত শপতনামা আৰু প্ৰত্যুত্তৰ দাখিল কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ বিপৰীতে নিৰ্বাচন আয়োগৰ হৈ জ্যেষ্ঠ অধিবক্তা ডি শেষাদ্ৰী নাইডুৱে যুক্তি দৰ্শায় যে লাখ লাখ দলীয় কৰ্মী-নেতাই শপতনামা দাখিল কৰিব পাৰে, যাৰ বাবে চাৰি মাহৰ সময়সীমা যথেষ্ট নহ’বও পাৰে। বিচাৰপীঠে ইয়াৰ প্ৰত্যুত্তৰত এনে বিশাল নথিপত্ৰ পৰীক্ষা কৰিবলৈ আয়োগক কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ সহায় ল’বলৈ পৰামৰ্শ আগবঢ়ায়।

মমতা বেনাৰ্জী নেতৃত্বাধীন মূল শিবিৰৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিবালে আদালতত অভিযোগ তোলে যে বিদ্ৰোহী বিধায়কৰ অপসাৰণ আবেদন নিষ্পত্তি কৰাৰ ক্ষেত্ৰত ইচ্ছাকৃতভাৱে পলম কৰাটো এক নিয়মীয়া পৰম্পৰাত পৰিণত হৈছে। অধ্যক্ষই আবেদনৰ সিদ্ধান্ত নোলোৱাৰ সুযোগ লৈ বিদ্ৰোহী বিধায়কে নিৰ্বাচন আয়োগৰ কাষ চাপি অন্তৱৰ্তীকালীন সকাহ লাভ কৰিবলৈ চেষ্টা চলাইছে বুলি তেওঁ যুক্তি দাঙি ধৰে।

উল্লেখ্য যে যোৱা ১৭ ছেপ্টেম্বৰত নিৰ্বাচন আয়োগে এক অন্তৱৰ্তীকালীন সিদ্ধান্তযোগে অহা ৬ অক্টোবৰৰ উপ-নিৰ্বাচনৰ বাবে মমতা বেনাৰ্জীৰ ফৈদক সাময়িকভাৱে ‘মমতা অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ’ নাম আৰু ‘ফুটবল খেলুৱৈ’ৰ প্ৰতীক প্ৰদান কৰে। আনহাতে ঋতব্ৰত বেনাৰ্জী নেতৃত্বাধীন বিদ্ৰোহী ফৈদটোক ‘ডেম’ক্ৰেটিক তৃণমূল কংগ্ৰেছ’ নাম আৰু ‘লেফাফা’ প্ৰতীক আবণ্টন দিয়ে। আয়োগৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তৃণমূলৰ মূল নাম আৰু ঘাঁহফুল প্ৰতীক পুনৰুদ্ধাৰৰ দাবীত মমতা বেনাৰ্জীৰ দলটোৱে উচ্চতম ন্যায়ালয়ত এই গোচৰ তৰে। বিদ্ৰোহী গোটটোত ৬০ গৰাকীতকৈ অধিক বিধায়ক থকাৰ পিছতো মমতা ফৈদে বৰ্তমানলৈকে কেৱল ফিৰহাদ হাকিম, অৰূপ ৰায়, সাবিনা য়াচমিনকে ধৰি ১০ জন শীৰ্ষ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধেহে অপসাৰণৰ আনুষ্ঠানিক আবেদন জনাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *