অসহ্য যন্ত্ৰণাৰ মাজতো ১৮০ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা কৰি আজি বিশ্বজুৰি চৰ্চিত হৈ পৰিছে এগৰাকী ভাৰতীয় মূলৰ পাইলট। অতি শেহতীয়াকৈ ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখী ‘ফ্লাইডুবাই’ বিমানত সংঘটিত শ্বাসৰুদ্ধকৰ ঘটনাৰ সময়ত সেই বিমানখনৰে মুখ্য পাইলট আছিল ভাৰতীয় মূলৰ কেপ্টেইন স্মিত মাচ্ছাৰ। ওমানৰ নাগৰিক সহ-পাইলটৰ একাধিকবাৰ ছুৰীকাঘাতৰ ফলত অচেতন হৈ ঢলি পৰাৰ পূৰ্বেই স্মিত মাচ্ছাৰে গ্ৰহণ কৰা তাৎক্ষণিক সিদ্ধান্তৰ বাবেই ৰক্ষা পৰে বিমানখনৰ সকলো যাত্ৰী। পাইলটগৰাকীৰ এই সাহসিকতাৰ এতিয়া ভূয়সী প্ৰশংসা কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগতে বিশ্বৰ শীৰ্ষ নেতাসকলে।
বুধবাৰে বেন গুৰিয়ন বিমানবন্দৰত প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে বাৰ্তালাপৰ সময়ত এই শিহৰণকাৰী তথ্য সদৰী কৰে বিমানখনৰ যাত্ৰী য়ানিভ হায়ুনে। তেওঁ উল্লেখ কৰা মতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো পাইলট স্মিত মাচ্ছাৰে নিজৰ উপস্থিত বুদ্ধি প্ৰয়োগ কৰি ভিতৰৰ পৰা ককপিটৰ দুৱাৰ খুলি দিয়ে আৰু তাৰ ক্ষন্তেক পিছতেই অচেতন হৈ পৰে। ইয়াৰ ফলতেই যাত্ৰী আৰু বিমান কৰ্মীসকলে ককপিটৰ ভিতৰত সোমাই আক্ৰমণকাৰী সহ-পাইলটক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
সামাজিক মাধ্যম এক্সযোগে পাইলট স্মিতৰ প্ৰশংসা কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে লিখিছে, “ছুৰীৰে আক্ৰমণ হোৱা আৰু গুৰুতৰভাৱে আহত হোৱাৰ পিছতো তেওঁ প্ৰতিৰোধ গঢ়ি তুলিছিল, আক্ৰমণকাৰীক বাধা দিছিল আৰু ককপিটৰ দুৱাৰ খুলি যাত্ৰী তথা কৰ্মীসকলক আক্ৰমণকাৰীক কৰায়ত্ত কৰাৰ সুযোগ দিলে। তেওঁৰ এই পদক্ষেপে আকাশমাৰ্গত এক ভয়াৱহ দুৰ্যোগ প্ৰতিহত কৰিলে।”
নেতান্যাহুৱে লগতে কয় যে কেপ্টেইন স্মিতে ইজৰাইলী নাগৰিককে ধৰি ১৭৪ গৰাকীৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও হোৱাইট হাউছৰ ওভল অফিচত সংবাদ মাধ্যমৰ সন্মুখত পাইলট স্মিত মাচ্ছাৰক এগৰাকী ‘প্ৰকৃত নায়ক’ বুলি অভিহিত কৰে। ট্ৰাম্পে কয় যে পাইলটগৰাকীয়ে চৰম সংকটৰ সময়ত প্ৰদৰ্শন কৰা স্থিৰতা আৰু সাহসিকতাই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে। তদুপৰি বিমানখনত থকা এগৰাকী ইজৰাইলী প্লাম্বাৰ যাত্ৰীয়ে দেখুওৱা বীৰত্ব আৰু টেলিভিছনৰ বিমান দুৰ্ঘটনা বিষয়ক অনুষ্ঠান চাই বিমান চলোৱাৰ কৌশল আয়ত্ত কৰাৰ প্ৰচেষ্টাকো এক অবিশ্বাস্য কাহিনী বুলি উল্লেখ কৰে আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে।
উল্লেখযোগ্য যে, অভিজ্ঞ বৈমানিক হিচাপে পৰিচিত কেপ্টেইন স্মিত মাচ্ছাৰে ফ্লাইডুবাইত যোগদান কৰাৰ পূৰ্বে ভাৰতীয় বিমান সংস্থা স্পাইচজেটত এক দশকৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ব’য়িং ৭৩৭ বিমানত প্ৰায় ৯,৭৫০ ঘণ্টাৰো অধিক সময় বিমান চলোৱাৰ বিশাল অভিজ্ঞতা অৰ্জন কৰিছে আৰু বহু নতুন পাইলটক প্ৰশিক্ষণো প্ৰদান কৰিছে। চৌদি আৰৱৰ তাবুক বিমানবন্দৰত জৰুৰী অৱতৰণৰ পিছতে মূৰ আৰু হাতত গুৰুতৰ আঘাতপ্ৰাপ্ত পাইলট স্মিতক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছৌদি আৰৱত থকা ভাৰতীয় দূতাবাসে জনোৱা অনুসৰি, চিকিৎসাধীন পাইলটগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটমুক্ত আৰু সুস্থিৰ।
