ৰাহুল গান্ধীক ২৬/১১ৰ সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা; অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ চাইবাৰ এজাহাৰ

দেশৰ গণতান্ত্ৰিক ৰাজনীতিত বিৰোধী নেতাক এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰি সামাজিক মাধ্যমত সৃষ্টি কৰা হৈছে এক চৰম বিতৰ্কৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুম্বাই ২৬/১১ আক্ৰমণৰ ফাঁচী প্ৰাপ্ত পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা কৰি ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত ফ্লাইট লেফটেনেণ্টে বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছে। অভিযুক্ত প্ৰাক্তন বিষয়া অনুপ বাৰ্মাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত ইতিমধ্যে চাইবাৰ আৰক্ষীৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ সেৱা দলৰ আইনী কোষ।

অনুপ বাৰ্মাই সামাজিক মাধ্যম ‘এক্স’ত ৰাহুল গান্ধী আৰু সন্ত্ৰাসবাদী আজমল কাছাবৰ এখন ফটো ক’লাজ শ্বেয়াৰ কৰিছিল। দুয়োজনে কান্ধত বেগ লৈ থকা ফটোখনৰ কেপশ্বনত প্ৰাক্তন বিষয়াজনে লিখিছিল- “সম্পূৰ্ণ আত্মবিশ্বাসেৰে মই আপোনালোকক ক’ব পাৰোঁ যে বাঁওফালৰ ব্যক্তিজন (ৰাহুল গান্ধী) ভাৰতৰ বাবে বহু বেছি বিপজ্জনক।” এই পোষ্টটো ভাইৰেল হোৱাৰ পিছতেই কংগ্ৰেছ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

কংগ্ৰেছ সেৱা দলৰ আইনী কোষৰ তৰফৰ পৰা নতুন দিল্লীৰ চাইবাৰ আৰক্ষীৰ ওচৰত এখন আনুষ্ঠানিক এজাহাৰ দাখিল কৰা হৈছে। অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি, গণতান্ত্ৰিক মতবিৰোধক সন্ত্ৰাসবাদৰ সমপৰ্যায়ত ৰখা এই কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু এইয়া বিৰোধী দলপতিগৰাকীক দেশৰ শত্ৰু হিচাপে দেখুওৱাৰ এক ষড়যন্ত্ৰ।

কংগ্ৰেছে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় সংবিধান, ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইনৰ নিয়ম অনুসৰি এনে ক্ষতিকাৰক আৰু সমাজত বিভেদ সৃষ্টিকাৰী কাৰ্যকলাপৰ বিৰুদ্ধে শেষলৈকে আইনী যুঁজ অব্যাহত ৰখা হ’ব। কোনো ব্যক্তি যিমানেই প্ৰভাৱশালী নহওক কিয়, ৰাজনৈতিক মুনাফাৰ বাবে সীমা অতিক্ৰম কৰা সকলোৰে বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষীক আহ্বান জনায় দলটোৱে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *