মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টী আৰু বিৰোধী দলসমূহে ঘোষণা কৰা ১০ অক্টোবৰৰ প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানীত মেট্ৰ’ আৰু ৰে’ল সেৱা বন্ধ কৰা কাৰ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। প্ৰতিবাদ নিয়ন্ত্ৰণৰ নামত জনসাধাৰণৰ মৌলিক সা-সুবিধা আৰু যাতায়াতৰ অধিকাৰ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে আদালতে।
ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিচাৰপীঠে শুক্ৰবাৰে দিল্লীত বলৱৎ কৰা নিষেধাজ্ঞা সম্পৰ্কীয় আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল, গোপাল শংকৰনাৰায়ণন আৰু বৃন্দা গ্ৰোভাৰে মেট্ৰ’ ষ্টেচন ছীল কৰা আৰু দূৰণিবটীয়া ৰে’লসমূহ আৰম্ভণি স্থানতেই বাতিল কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চিব্বলে কয় যে কেৱল মেট্ৰ’ আৰু ৰে’লেই নহয়, হোটেলসমূহত অতিথিক আশ্ৰয় নিদিবলৈ আৰু ছাত্ৰাৱাসৰ পৰা বাহিৰ নোলাবলৈও পুলিচে ভাবুকি প্ৰদান কৰিছে।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি কয়, “সাধাৰণ নাগৰিকৰ এই সেৱাসমূহ লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। গ্ৰেটাৰ নয়দা বা দক্ষিণ দিল্লীৰ পৰা জীবিকা আৰু পঢ়া-শুনাৰ বাবে অহা হাজাৰ হাজাৰ লোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে সকলো স্তব্ধ কৰি দিব নোৱাৰি।” আন্দোলন বা ভিৰ নিয়ন্ত্ৰণ কৰা আৰু সমূলঞ্চে যাতায়াত বন্ধ কৰাৰ মাজত ডাঙৰ পাৰ্থক্য আছে বুলি সোঁৱৰাই দি মুখ্য ন্যায়াধীশে প্ৰয়োজনত মেট্ৰ’ৰ গতি আৰু সময় নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়ে।
ইফালে ন্যায়াধীশ জয়মাল্য বাগচীয়ে কয় যে মেট্ৰ’ আৰু ৰে’লৰ সকলো দুৱাৰ বন্ধ কৰি দিয়া কাৰ্যই একপ্ৰকাৰ সম্পূৰ্ণ নিষেধাজ্ঞা আৰু নাগৰিকৰ অধিকাৰ খৰ্ব কৰাটোহে বুজায়। প্ৰশাসনৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আইন-শৃংখলা ৰক্ষাৰ বাবে এনে কঠোৰ পদক্ষেপৰ প্ৰয়োজনীয়তা দাঙি ধৰি পূৰ্বৰ আন্দোলনত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ উদাহৰণ দাঙি ধৰাৰ চেষ্টা কৰে।
কিন্তু বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে সুৰক্ষাৰ নামত এনে পদক্ষেপ লওঁতে ভাৰসাম্য আৰু আনুপাতিকতাৰ নীতি মানি চলাটো প্ৰশাসনিক কৰ্তব্য। ৰাস্তাত দিয়া বেৰিকেডসমূহ পুনৰীক্ষণ কৰাৰ লগতে নাগৰিকৰ সুবিধাৰ বাবে বিকল্প পথৰ তথ্য অনলাইনযোগে ৰাজহুৱা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে আদালতে। নাগৰিকৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত নোহোৱাকৈ সমগ্ৰ ব্যৱস্থাটো তৎকালীনভাৱে পৰ্যালোচনা কৰিবলৈ ছলিচিটৰ জেনেৰেলক নিৰ্দেশ প্ৰদান কৰিছে বিচাৰপীঠে।
