কাইলৈ পৰা আৰম্ভ ইণ্ডিয়ান ছুপাৰ লিগ ২০২৬-২৭

বিগত ছিজনৰ নানা বিতৰ্ক আৰু সংক্ষিপ্ত ৰূপৰ অন্ত পেলাই শনিবাৰৰ পৰা পুৰণি ঘৰুৱা-বহিঃঘৰুৱা ফৰ্মেটেৰে পুনৰ আৰম্ভ হ’বলৈ গৈ আছে ইণ্ডিয়ান ছুপাৰ লিগ ২০২৬-২৭ ছিজন। লীগৰ ১৩ সংখ্যক সংস্কৰণত বেংগালুৰুৰ শ্ৰী কান্টীৰৱা ষ্টেডিয়ামত উদ্বোধনী মেচখন বেংগালুৰু এফ চি আৰু এছ চি দিল্লীৰ মাজত অনুষ্ঠিত হ’ব।  লিগৰ শেষত পইণ্ট তালিকাৰ শীৰ্ষত থকা দলটোৱে ‘আই এছ এল শ্বিল্ড’ অৰ্জন কৰিব আৰু প্ৰথম ছটা দলে ‘আই এছ এল কাপ’ৰ বাবে প্লে-অফ পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিব।

মটৰ আৰু অটোমোবাইল প্ৰতিষ্ঠান এম জি-ৰ সৈতে ২৫ কোটি টকাৰ দুবছৰীয়া প্ৰায়োজক চুক্তি স্বাক্ষৰ কৰাৰ লগতে ইউটিউবৰ সৈতে ডিজিটেল সম্প্ৰচাৰৰ অংশীদাৰিত্ব লাভ কৰিছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ১.১ কোটি টকাৰ অংশগ্ৰহণ মাচুল প্ৰদান কৰাৰ পিছত এইবাৰ প্ৰতিযোগিতা পৰিচালনাত ক্লাবসমূহৰ ভূমিকা আৰু অধিকাৰ বৃদ্ধি কৰা হৈছে।

বেংগালুৰু এফ চি বনাম এছ চি দিল্লী মেচখন বিয়লি ৫:০০ বজাত (শ্ৰী কান্টীৰৱা ষ্টেডিয়াম, বেংগালুৰু) আৰু এফ চি গোৱা বনাম চেন্নাইয়িন এফ চি মেচখন সন্ধিয়া ৭:৩০ বজাত (মার্গাঅ’, গোৱা) অনুষ্ঠিত হ’ব।মহাতাৰকা সুনীল ছেত্ৰী, অভিজ্ঞ গ’লৰক্ষক গুৰপ্ৰীত সিং সান্ধুৰ নেতৃত্বত বেংগালুৰু এফ চিয়ে অভিযান আৰম্ভ কৰাৰ বিপৰীতে এন্টোনিঅ’ লপেজ হাবাছৰ প্ৰশিক্ষণত ডিফেণ্ডিং চেম্পিয়ন ইষ্ট বেংগলেও খিতাপ ৰক্ষাৰ বাবে সাজু হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *