আমেৰিকান ধনকুবেৰ তথা উদ্যোগপতি ইলন মাস্কক লৈ এইবাৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে মধ্যপ্ৰদেশৰ ৰিৱাৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰ। ভাৰতলৈ আহিব বিচাৰিলে দেশৰ চৰ্ত মানিহে আহিব লাগিব বুলি হুংকাৰ দি বিশ্বৰ অন্যতম শীৰ্ষ ধনী ব্যক্তিগৰাকীক ‘ঘোঁচা মাৰি খেদি দিয়া’ৰ মুকলি ভাবুকি দিয়ে সাংসদগৰাকীয়ে।
এক ৰাজহুৱা কাৰ্যসূচীত অংশ লৈ বিজেপি সাংসদগৰাকীয়ে ইলন মাস্কক কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰে। তেওঁ কয়, “সমগ্ৰ পৃথিৱীখন কিনি লোৱাৰ ক্ষমতা তোমাৰ থাকিব পাৰে, কিন্তু ভাৰতবৰ্ষক কিনাৰ শক্তি তোমাৰ নাই।” ইয়াৰ পিছতেই মাস্কক লক্ষ্য কৰি মিশ্ৰই পুনৰ কয়, “ভাৰতৰ ৫৬ ইঞ্চি বুকুৰ নেতাক তুমি নতশিৰ কৰাব নোৱাৰা, নিজৰ ক্ষমতা ইয়াত দেখুৱাবলৈ চেষ্টা নকৰিবা। ভাৰতলৈ আহিব লাগিলে আমাৰ চৰ্ত মানিহে আহিব লাগিব। নহ’লে দুটা ঘোঁচা মাৰি খেদি পঠিয়াম।”
ইফালে, দেশৰ অৰ্থনৈতিক আৰু বাণিজ্যিক স্থিতি সন্দৰ্ভত বক্তব্য ৰাখি সাংসদজনে দাবী কৰে যে বৰ্তমানৰ চৰকাৰে দেশখনক শক্তিশালী কৰাৰ দিশত কাম কৰি আছে। দেশত যিমানেই শান্তি আৰু স্থিৰতা থাকিব, সিমানেই ভাৰতৰ বিকাশ ত্বৰান্বিত হ’ব বুলি উল্লেখ কৰি তেওঁ সাধাৰণ জনতাক কোনো বিদেশী শক্তিৰ কথাত চিন্তিত নহ’বলৈ আহ্বান জনায়।
উল্লেখ্য যে, শেহতীয়াকৈ ভাৰতত ষ্টাৰলিংক সেৱাৰ অনুজ্ঞাপত্ৰ আৰু ব্যৱসায়িক নীতি সন্দৰ্ভত ভাৰত চৰকাৰক কঠোৰ সমালোচনা কৰিছিল ইলন মাস্কে। আনকি উদ্যোগপতি মুকেশ আম্বানীৰ প্ৰসংগ টানি চৰকাৰক অস্বস্তিত পেলাবলৈ চেষ্টা কৰাৰ পিছতেই দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পূৰ্বেও ই-২০ পেট্ৰ’ল আৰু আন্তঃৰাষ্ট্ৰীয় সংকট সম্পৰ্কে আপত্তিজনক মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা সাংসদ জনাৰ্দন মিশ্ৰৰ এই শেহতীয়া মাৰমুখী হুংকাৰক লৈ এতিয়া পুনৰ নতুন বিতৰ্কৰ সূচনা হৈছে।
