মধ্য আকাশত হঠাতে চাঞ্চল্য; এয়াৰ ইণ্ডিয়াৰ বিমানত হাইজেক সংকেতৰ পিছতে জয়পুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ

মাজ আকাশত হঠাতে সৃষ্টি হোৱা এক নিৰাপত্তাজনিত ভাবুকিৰ পিছতে জাৰ্মানীৰ ফ্ৰাংকফৰ্টৰ পৰা নতুন দিল্লী অভিমুখে আহি থকা এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানক জৰুৰীভাৱে জয়পুৰলৈ ডাইভাৰ্ট কৰা হয়। বুধবাৰে বিয়লি বোয়িং ৭৮৭-৯ বিমানখন জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱাৰ পিছতে এক বিশেষ আইচলেচন বে’লৈ লৈ যোৱা হয়। এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে এয়াৰপ’ৰ্ট কৰ্তৃপক্ষ আৰু চোৰাংচোৱা সংস্থাসমূহৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

সংবাদ সংস্থা পিটিআইৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এআই-২০৩০ নম্বৰৰ বিমানখন মুম্বাই বিমান তথ্য অঞ্চলৰ ওপৰেৰে উৰি থকাৰ সময়তে পাইলটে ‘স্কোৱাক ক’ড ৭৫০০’ সক্ৰিয় কৰে। আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি এই বিশেষ ট্ৰান্সপণ্ডাৰ ক’ডটোৱে বিমান অপহৰণ বা কোনো অবৈধ হস্তক্ষেপৰ সংকেত বহন কৰে। এই হাইজেক এলাৰ্ট পোৱাৰ লগে লগে বিমান নিয়ন্ত্ৰণ কোঠাই দিল্লীৰ সলনি বিমানখনক ততাতৈয়াকৈ ৰাজস্থানৰ জয়পুৰ অভিমুখে গতি সলনি কৰাৰ নিৰ্দেশ দিয়ে।

জয়পুৰৰ মালৱীয় নগৰ অঞ্চলৰ সহকাৰী আৰক্ষী আয়ুক্ত শিৱ দয়ালে জনোৱা মতে, সুৰক্ষাজনিত ভাবুকিৰ পিছতেই বিমানখনৰ জৰুৰী অৱতৰণ সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষই আৰক্ষীক সতৰ্ক কৰি তুলিছিল। বিমানখন অৱতৰণ কৰাৰ পাছতেই কঢ়িয়াই অনা যাত্ৰী আৰু চালক দলটোক নিৰাপত্তাৰক্ষীৰ তত্ত্বাৱধানত পৰ্যায়ক্ৰমে নমাই অনা হয়।

ইফালে, ঘটনাৰ গভীৰতালৈ চাই ৰাজস্থান আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখা, বিমানবন্দৰ নিৰাপত্তা বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বিমানখন ঘেৰি ধৰি সমগ্ৰ অঞ্চলটো ছীল কৰি পেলায়। বিশেষ দলটোৱে বৰ্তমান আইচলেচন বে’ত বিমানখনৰ চুকে-কোণে মাৰাথন তালাচী অভিযান অব্যাহত ৰাখিছে। একে সময়তে যাত্ৰীসকলৰ লগতে তেওঁলোকৰ সকলো বয়-বস্তু আৰু বেগ পুনৰ নিৰাপত্তা পৰীক্ষা কৰা হৈছে বুলি সদৰী কৰিছে আৰক্ষীয়ে।

এই জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা গাৰ্ড চমুকৈ এনএছজিকো সাজু কৰি ৰখা হৈছে। বিমানখনত কিমানজন যাত্ৰী আছিল আৰু কেনেধৰণৰ ভাবুকিৰ বাবে পাইলটে হাইজেক সংকেত প্ৰেৰণ কৰিবলগীয়া হৈছিল, সেই সমগ্ৰ বিষয়টো এতিয়াও তদন্তৰ আওতাত আছে। প্ৰশাসনিক বিষয়াসকলে জানিবলৈ দিয়ে যে তালাচী আৰু প্ৰাথমিক তদন্ত সম্পন্ন হোৱাৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হৈ পৰিব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *