Blog

আজাৰাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন

আজাৰাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত "আইনৰ শাসন প্ৰতিষ্ঠাত বিশ্ববিদ্যালয়ৰ ভূমিকা" শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয় যে ‎এখন ন্যায়ভিত্তিক আৰু গণতান্ত্ৰিক সমাজৰ মূল ভেটি হৈছে আইনৰ শাসন। আইনৰ আগত সকলো ‎সমান হোৱা, ক্ষমতাশালী ব্যক্তিৰ জবাবদিহিতা নিশ্চিত কৰা আৰু ব্যক্তিৰ অধিকাৰ সুৰক্ষিত ৰখাৰ ‎ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম। পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ‎ঊৰ্ধ্বত নহয় । নাগৰিকৰ অধিকাৰ সুৰক্ষিত ৰখাত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ‎ভূমিকা আছে। বিশ্ববিদ্যালয়সমূহে কেৱল পাঠ্যক্ৰমৰ…
Read More
অসমৰ ৰাজ্যপালে যুৱচামক ডাঙৰ সপোন দেখিবলৈ আৰু ভাৰতৰ মহাকাশ ভৱিষ্যতক শক্তিশালী কৰিবলৈ আহ্বান জনালে

অসমৰ ৰাজ্যপালে যুৱচামক ডাঙৰ সপোন দেখিবলৈ আৰু ভাৰতৰ মহাকাশ ভৱিষ্যতক শক্তিশালী কৰিবলৈ আহ্বান জনালে

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত বায়ুসেনাৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় বায়ুসেনাৰ দ্বাৰা আয়োজিত ‘আকাশ ছে অন্তৰিক্ষ তক’ নামৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী অসম ৰাজভৱনৰ উদ্যোগত নমো মাতৃভূমি সুৰক্ষা আৰু স্বাৱলম্বন সংকল্প সপ্তাহৰ অধীনত আয়োজন কৰা হৈছিল। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই দেশৰ আকাশ সুৰক্ষিত কৰা আৰু দেশৰ সাৰ্বভৌমত্ব ও ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাত ভাৰতীয় বায়ুসেনাৰ সাহস, বীৰত্ব আৰু প্ৰতিশ্ৰুতিক প্ৰশংসা কৰে। তেওঁ কয় যে বায়ু যোদ্ধাসকলৰ অদম্য মনোবল আৰু সৰ্বোচ্চ ত্যাগ প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁ লগতে দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বিষয়া, বায়ু যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা…
Read More
বাইক চুৰি কাণ্ডত গ্ৰেপ্তাৰ ছাদ্দাম আৰু চাহজামাল

বাইক চুৰি কাণ্ডত গ্ৰেপ্তাৰ ছাদ্দাম আৰু চাহজামাল

কাহিলীপাৰা আৰক্ষীৰ জালত ২ কুখ্যাত গাড়ীচোৰ । আৰক্ষীয়ে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।শুকুৰবাৰে পুৱা ৪.৩০ বজাত কাহিলীপাৰাৰ কনকলতা পথৰ পৰা দুই চোৰে চুৰি কৰিছিল AS 01 GQ 0839 নম্বৰৰ এখন ৰয়েল এনফিল্ড হাণ্টাৰ। GPS ত গোৱালপাৰা দিশে গৈ থকা দেখি ধূপধৰা আৰক্ষীক খবৰ দিছিল কাহিলীপাৰা আৰক্ষীয়ে। গৈ থকা অৱস্থাতেই ৬.৩০ বজাত আৰক্ষীয়ে চুৰি বাইকসহ ধৰে এটা চোৰক, আনহাতে পলায়ন কৰে আন এজনে।পিছত ৰাইজে কৰায়ত্ত কৰে গতাই দিয়ে আৰক্ষীক।২০২৫ চনতো বাইক চুৰি কৰি দিছপুৰ আৰক্ষীৰ জালত পৰিছিল ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।
Read More
আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ

আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ

শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনা শুকুৰবাৰে আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ হয়। ১৯৮৩ চনত প্ৰতিষ্ঠা হোৱা এই পূজা সমিতিয়ে এইবাৰ ৪৩সংখ্যক বৰ্ষৰ দুৰ্গাপূজা উদযাপন কৰিছে। এইবাৰ পূজাৰ মণ্ডপটো হায়দৰাবাদৰ প্ৰসিদ্ধ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত ‘স্বৰ্ণগিৰি’ৰ ৰূপত সজাই তোলা হৈছে। মণ্ডপৰ মনোমোহা সজ্জাই ভক্ত-দৰ্শনাৰ্থীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।পূজাৰ মণ্ডপটো আনুষ্ঠানিকভাৱে মুকলি কৰে মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱ, বিশিষ্ট লেখিকা তথা কবি সুধা শ্ৰীবাস্তৱ আৰু অসম প্ৰদেশ বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ঈশান ভৰালীয়ে। এই উপলক্ষে বিধায়ক বিজয় গুপ্তা আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱে মণ্ডপৰ মূল প্ৰৱেশদ্বাৰৰ দুয়োকাষে…
Read More
৭০৩ টা ড্ৰাগছ হটস্পটৰ বিৰুদ্ধে অভিযান, ৩১ কোটি টকাৰ সম্পত্তি জব্দ প্ৰক্ৰিয়াধীন, অসম আৰক্ষীক শ্বাহৰ প্ৰশংসা

৭০৩ টা ড্ৰাগছ হটস্পটৰ বিৰুদ্ধে অভিযান, ৩১ কোটি টকাৰ সম্পত্তি জব্দ প্ৰক্ৰিয়াধীন, অসম আৰক্ষীক শ্বাহৰ প্ৰশংসা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদক দ্ৰব্য আৰু ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক অভিনন্দন জনাইছে। এই অভিযানৰ ফলত ৯০০ৰো অধিক লোকক গ্ৰেপ্তাৰ, ৫০০ৰো অধিক গোচৰ ৰুজু আৰু ১৮০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে। ইয়াৰ লগতে ৭০৩টা হটস্পটৰ বিৰুদ্ধে ব্যৱস্থা আৰু প্ৰায় ৩১ কোটি টকা মূল্যৰ সম্পত্তি জব্দৰ প্ৰক্ৰিয়া চলি আছে। এক ছচিয়েল মিডিয়া পোষ্টত শ্বাহে কয় যে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ বাবে ২০২৬-২৯ৰ দৃষ্টি নথিয়ে ড্ৰাগছ নেটৱৰ্ক ধ্বংস, ইয়াৰ আৰ্থিক ভেটিত আঘাত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিচামুক্ত ভাৰতৰ দৃষ্টিভংগীৰ অধীনত যুৱসমাজক সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পক পুনৰ নিশ্চিত…
Read More
আৰণ্যক আৰু বিটিচি বন বিভাগে ৰাইমনাৰ ফ্ৰণ্টলাইন কৰ্মীক ১০ খন বাইচাইকেল প্ৰদান

আৰণ্যক আৰু বিটিচি বন বিভাগে ৰাইমনাৰ ফ্ৰণ্টলাইন কৰ্মীক ১০ খন বাইচাইকেল প্ৰদান

টহল কার্যক্রম আৰু বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ফ্ৰণ্টলাইন বনকৰ্মীসকলক বাইচাইকেল প্ৰদান কৰা হৈছে। এই পদক্ষেপত আৰণ্যকৰ আইনী আৰু পৰামৰ্শ বিভাগ (LAD) আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ৰ পৰিৱেশ আৰু বন বিভাগে সহযোগিতা আগবঢ়াইছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মধ্য পৰিসৰৰ অন্তৰ্গত কাচুগাঁও বন পৰিদৰ্শন বাংলোত ১৪ অক্টোবৰত অনুষ্ঠিত এক কাৰ্যসূচীত মুঠ দহখন বাইচাইকেল বনকৰ্মীসকলক হস্তান্তৰ কৰা হয়। এই বাইচাইকেলসমূহে খেত্ৰভিত্তিক গতিশীলতা বৃদ্ধি, টহলৰ দক্ষতা উন্নত আৰু বহনক্ষম সংৰক্ষণ পদ্ধতিত সহায় কৰিব বুলি আশা কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ফ্ৰণ্টলাইন বনকৰ্মীসকলৰ কাৰ্যকৰী ক্ষমতা শক্তিশালী কৰা, যাতে তেওঁলোকে অধিক পৰিৱেশ-অনুকূল আৰু ফলপ্ৰসূভাৱে দায়িত্ব পালন কৰিব পাৰে। আৰণ্যকে জনাইছে যে…
Read More
জেএনইউৰ যৌন নিগ্ৰহৰ গোচৰত আৰক্ষীৰ ওচৰত হাজিৰ সাংসদ বিমল আকোইজাম; নিজৰ পুৰণি চহৰখনক লৈ আক্ষেপ প্ৰকাশ

জেএনইউৰ যৌন নিগ্ৰহৰ গোচৰত আৰক্ষীৰ ওচৰত হাজিৰ সাংসদ বিমল আকোইজাম; নিজৰ পুৰণি চহৰখনক লৈ আক্ষেপ প্ৰকাশ

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিগ্ৰহ কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ ওচৰত হাজিৰ হ'ল মণিপুৰৰ কংগ্ৰেছ সাংসদ ড° আংগোমচা বিমল আকোইজাম। আৰক্ষীৰ চমন লাভ কৰাৰ পিছত বৃহস্পতিবাৰে তদন্তত সহযোগ কৰাৰ উদ্দেশ্যে বসন্ত কুঞ্জ আৰক্ষী থানাত উপস্থিত হৈ নিজৰ জীৱনৰ বহু সময় কটোৱা ৰাজধানী চহৰখনক লৈ গভীৰ আক্ষেপ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। সাংবাদিকৰ আগত মনৰ ক্ষোভ আৰু হতাশা ব্যক্ত কৰি সাংসদ আকোইজামে কয়, "মই দিল্লীৰ এনে এখন অচিনাকি ঠাইলৈ অহা যেন অনুভৱ হৈছে, য'ত মই জীৱনৰ সিংহভাগ সময় কাম কৰি কটালোঁ। মোৰ এনে লাগিছে যেন মই কোনো শত্ৰুভাৱাপন্ন স্থানলৈহে আহিছোঁ। ইয়াত মই কোনো আত্মীয়তা বা নিজৰ বুলি অনুভৱ কৰিব পৰা নাই।" তেওঁ…
Read More
অসমসহ ১৭ ৰাজ্য-কেন্দ্ৰীয় প্ৰদেশত হ’ব ভোটাৰ তালিকাৰ উন্নীতকৰণ

অসমসহ ১৭ ৰাজ্য-কেন্দ্ৰীয় প্ৰদেশত হ’ব ভোটাৰ তালিকাৰ উন্নীতকৰণ

ভাৰতৰ নিৰ্বাচন আয়োগে দেশৰ ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ 'বিশেষ সংক্ষিপ্ত সংশোধনী' ( এছ এছ আৰ) চলোৱাৰ নিৰ্দেশ জাৰি কৰিছে। এই প্ৰক্ৰিয়াৰ অধীনত ২০২৭ চনৰ ১ জানুৱাৰীলৈকে ১৮ বছৰ বয়স সম্পূৰ্ণ কৰা সকলো যোগ্য যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নিজৰ নাম পঞ্জীয়ন বা অন্তৰ্ভুক্ত কৰিব পাৰিব। সংশোধনীৰ আওতালৈ অহা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, মণিপুৰ, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগ। যিবোৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান ভোটাৰ তালিকাৰ এছ আই আৰ চলি আছে বা অলপতে সম্পূৰ্ণ হৈছে, সেইবোৰ ৰাজ্যৰ…
Read More
শ্যাম মেটালিক্সে কলকাতাৰ দুৰ্গা পূজা উপলক্ষে আৰম্ভ কৰিছে ‘শক্তি এক, ৰূপ অনেক’ অভিযান

শ্যাম মেটালিক্সে কলকাতাৰ দুৰ্গা পূজা উপলক্ষে আৰম্ভ কৰিছে ‘শক্তি এক, ৰূপ অনেক’ অভিযান

শ্যাম মেটালিক্সে সমগ্ৰ কলকাতাত এক আৱেগিক প্ৰদৰ্শনী আৰু সামাজিক পদক্ষেপৰ জৰিয়তে আশা, সাংস্কৃতিক ঐতিহ্য আৰু সমাজ কল্যাণ উদযাপন কৰিবলৈ শক্তি এক, ৰূপ অনেক নামৰ এক দুৰ্গা পূজাৰ অভিযান আৰম্ভ কৰিছে।শক্তি, সুৰক্ষা আৰু সমবেদনাৰ প্ৰমূল্যৰ ওপৰত আধাৰিত এই অভিযান মূলতঃ তিনিটা বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত: উম্মিদ (আশা), য়াদে (স্মৃতি) আৰু ছুকুন (আৰাম আৰু যত্ন)। ইয়াৰ প্ৰধান আকৰ্ষণসমূহৰ ভিতৰত আছে ৱাল অৱ শক্তি, য'ত ছেল টাইগাৰ টিএমটি বাৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ এক অবয়ব প্ৰদৰ্শন কৰা হৈছে। ইয়াত দৰ্শনাৰ্থীসকলে নিজৰ ইচ্ছা বা কামনা ব্যক্ত কৰিব পাৰিব আৰু কোম্পানীয়ে স্বপ্নে পূৰে হোংগে পদক্ষেপৰ অধীনত নিৰ্বাচিত আশা-আকাংক্ষাসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।'শক্তি টানেলে' নিমজ্জিত…
Read More
মিজোৰামৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ সহযোগিতাৰে চিএছআৰ পদক্ষেপৰ প্ৰসাৰ বেংক অব বৰোডাৰ

মিজোৰামৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ সহযোগিতাৰে চিএছআৰ পদক্ষেপৰ প্ৰসাৰ বেংক অব বৰোডাৰ

বেংক অব বৰোডাই মিজোৰামৰ আইজলৰ মুৱানা ভেঙত থকা থুটাক নুনপুইটু টিম (টিএনটি) কেন্দ্ৰলৈ নিয়মীয়া পাকঘৰৰ প্ৰয়োজন পূৰণ কৰিবলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি সাহায্যৰ হাত আগবঢ়াইছে।পিছপৰা আৰু সুবিধাবঞ্চিত শ্ৰেণীক সহায় কৰাৰ উদ্দেশ্যে বেংক অব বৰোডাৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা(চিএছআৰ) পদক্ষেপৰ অংশ হিচাপে বেংক অব বৰোদাৰ কাৰ্যবাহী সঞ্চালক লাল সিঙে কেন্দ্ৰটো পৰিদৰ্শন কৰি এই সাহায্য আগবঢ়ায়। মিজোৰামৰ টিএনটি কেন্দ্ৰ হৈছে এটা অন্যতম প্ৰধান পুনৰ্সংস্থাপন কেন্দ্ৰ, যিয়ে অনাথ শিশু, বিশেষভাৱে সক্ষম ব্যক্তি আৰু ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যত আসক্ত লোকসকলক যতন আৰু সহায় আগবঢ়ায়। টিএনটিৰ সাধাৰণ সম্পাদক আৰ. মালচৌমটলুৱাংগাই উত্তৰ-পূব ৰাজ্যিক মণ্ডলৰ মহা প্ৰবন্ধক তথা মণ্ডল মুৰব্বী শিৱ পদ নায়ক আৰু গুৱাহাটী মণ্ডলৰ উপ-মহা…
Read More