Blog

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি , ৮.৫ টকালৈ হ্ৰাস ডিজেলৰ

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি , ৮.৫ টকালৈ হ্ৰাস ডিজেলৰ

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক ক্ষেত্ৰত কিছু সাল-সলনি কৰিছে । পেট্ৰ’লৰ ৰপ্তানি শুল্ক বৃদ্ধিৰ বিপৰীতে ডিজেলৰ শুল্ক হ্ৰাস কৰিছে । বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই বিষয়ে সদৰী কৰিছে ।কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৮.৫ টকালৈ হ্ৰাস কৰিছে । শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ৰপ্তানিৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে ।উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দামৰ হ্ৰাস-বৃদ্ধিৰ বাবে চৰকাৰে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এই শুল্কৰ পুনৰীক্ষণ কৰি আহিছে ।
Read More
পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান

পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান। পুনৰ উচ্ছেদ অভিযানক লৈ অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।জানিব পৰা মতে, উচ্ছেদৰ স্থগিতাদেশ লাভ কৰা ৫৯টা পৰিয়ালক ঘৰ খালী কৰিবলৈ বন বিভাগৰ তৰফৰ পৰা দিয়া হৈছে চূড়ান্ত নিৰ্দেশ। মাইকযোগে প্ৰচাৰ কৰি পৰিয়ালকেইটাক নিজৰ বয়-বস্তু সামৰি ঘৰ এৰিবলৈ নিৰ্দেশ দিছে বন বিভাগে। ফলত পুনৰ অনিশ্চয়তাত পৰিছে নেঘেৰীবিলৰ উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহ।ইয়াৰ পিছতে অঞ্চলটোত পুনৰ উচ্ছেদকেন্দ্ৰিক উত্তেজনা আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে।
Read More
মণিপুৰত সন্দেহজনক NSCN-IMৰ এম্বুশ্বত এগৰাকী মহিলা নিহত

মণিপুৰত সন্দেহজনক NSCN-IMৰ এম্বুশ্বত এগৰাকী মহিলা নিহত

মণিপুৰৰ কামজং জিলাত বৃহস্পতিবাৰে সন্ধিয়া সন্দেহযুক্ত NSCN-IMৰ কেডাৰে সংঘটিত কৰা এক এম্বুশ্বত এগৰাকী মহিলা নিহত হোৱাৰ লগতে তেওঁৰ স্বামী গুৰুতৰভাৱে গুলীবিদ্ধ হয় । আনহাতে, ঘটনাৰ পিছৰে পৰা আন দুজন লোক সন্ধানহীন হৈ আছে ।এই আক্ৰমণত হাটনেইকিম হাওকিপ নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে । তেওঁৰ স্বামী জামখংগাম হাওকিপ গুৰুতৰভাৱে গুলীবিদ্ধ হয় । আন দুজন লোকৰ বৰ্তমানলৈকে কোনো সন্ধান পোৱা হোৱা নাই ।ঘটনাটোক তীব্ৰ গৰিহণা দি কুকি-জো কাউন্সিলে ইয়াৰ তাৎক্ষণিক আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে । লগতে আক্ৰমণৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দোষীক জবাবদিহি কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে ।কুকি-জো কাউন্সিল (KZC)-এ ১৬ অক্টোবৰত প্ৰকাশ কৰা…
Read More
ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা

ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা

এইবাৰ ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা। ৰামলীলাত ৰাৱণ, কুম্ভকর্ণ আৰু মেঘনাদৰ সৈতে দাহ কৰা হ'ব পইতাচোৰাক।পিতামপুৰাত শ্রীকেশৱ ৰামলীলা কমিটীয়ে আয়োজন কৰা ৰামলীলাত 'স্বচ্ছ ভাৰত' আৰু ‘স্বচ্ছ দিল্লী' অভিযানৰ অংশ হিচাপে পইতাচোৰা দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কমিটীৰ বিষয়ববীয়াই সদৰী কৰা অনুসৰি, পইতাচোৰাই লেতেৰাক প্ৰতিনিধিত্ব কৰে। যাৰবাবে তেওঁলোকে ৰামলীলাত পইতাচোৰাক জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Read More
টিভিএছ মটৰে ১২৫ চিচি পৰ্টফ’লিঅ’ শক্তিশালী কৰিবলৈ শিতান প্ৰথম ট্ৰেকচন কণ্ট্ৰলৰ সৈতে উন্নীত কৰিছে ৰাইডাৰ মডেল

টিভিএছ মটৰে ১২৫ চিচি পৰ্টফ’লিঅ’ শক্তিশালী কৰিবলৈ শিতান প্ৰথম ট্ৰেকচন কণ্ট্ৰলৰ সৈতে উন্নীত কৰিছে ৰাইডাৰ মডেল

টিভিএছ মটৰ কোম্পানীয়ে টিভিএছ ৰাইডাৰ টিএফটি ডিডি আৰু এছএক্সচি ডিডি ভেৰিয়েণ্টত উন্নত সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰি গ্ৰাহকৰ বাবে আগবঢ়াইছে, এই নতুন পৰিসৰত এটা ট্ৰেকচন কণ্ট্ৰল চিষ্টেম (টিচিএছ) অন্তৰ্ভুক্ত আছে, যাক কোম্পানীটোৱে ১২৫ চিচি মটৰচাইকেল খণ্ডত সৰ্বপ্ৰথম বুলি বৰ্ণনা কৰিছে।১৫ অক্টোবৰত বেংগালুৰুত ঘোষণা কৰা এই উন্নীতকৰণ অনুসৰি জৰুৰীকালীন ব্ৰেক সতৰ্কবাণী, এটা ডাঙৰ পিছফালৰ টায়াৰ আৰু এটা ২৭ ৱাটৰ ইউএছবি টাইপ-চি ফাষ্ট ছাৰ্জাৰো অন্তৰ্ভুক্ত কৰা হৈছে। এই ট্ৰেকচন কণ্ট্ৰল চিষ্টেমটো এনেদৰে বিশেষ ধৰণে প্ৰস্তুত কৰা হৈছে যাতে ভিজা ৰাস্তা, খহটা শিল থকা পথ আৰু অসমান ৰাজপথত পিছফালৰ চকাৰ গ্ৰিপ হেৰাই গ’লে চালকে নিয়ন্ত্ৰণ বজাই ৰাখিব পাৰে। আনহাতে, জৰুৰীকালীন ব্ৰেক সতৰ্কবাণীয়ে চালকে হঠাত…
Read More
ভাৰতলৈ আহিব লাগিলে আমাৰ চৰ্তত আহিব লাগিব, নহ’লে ঘোঁচা মাৰি খেদি দিমঃ ইলন মাস্কক মুকলি ভাবুকি বিজেপি সাংসদৰ

ভাৰতলৈ আহিব লাগিলে আমাৰ চৰ্তত আহিব লাগিব, নহ’লে ঘোঁচা মাৰি খেদি দিমঃ ইলন মাস্কক মুকলি ভাবুকি বিজেপি সাংসদৰ

আমেৰিকান ধনকুবেৰ তথা উদ্যোগপতি ইলন মাস্কক লৈ এইবাৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে মধ্যপ্ৰদেশৰ ৰিৱাৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰ। ভাৰতলৈ আহিব বিচাৰিলে দেশৰ চৰ্ত মানিহে আহিব লাগিব বুলি হুংকাৰ দি বিশ্বৰ অন্যতম শীৰ্ষ ধনী ব্যক্তিগৰাকীক 'ঘোঁচা মাৰি খেদি দিয়া'ৰ মুকলি ভাবুকি দিয়ে সাংসদগৰাকীয়ে। এক ৰাজহুৱা কাৰ্যসূচীত অংশ লৈ বিজেপি সাংসদগৰাকীয়ে ইলন মাস্কক কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰে। তেওঁ কয়, "সমগ্ৰ পৃথিৱীখন কিনি লোৱাৰ ক্ষমতা তোমাৰ থাকিব পাৰে, কিন্তু ভাৰতবৰ্ষক কিনাৰ শক্তি তোমাৰ নাই।" ইয়াৰ পিছতেই মাস্কক লক্ষ্য কৰি মিশ্ৰই পুনৰ কয়, "ভাৰতৰ ৫৬ ইঞ্চি বুকুৰ নেতাক তুমি নতশিৰ কৰাব নোৱাৰা, নিজৰ ক্ষমতা ইয়াত দেখুৱাবলৈ চেষ্টা নকৰিবা। ভাৰতলৈ আহিব লাগিলে আমাৰ…
Read More
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ মুকলি উদ্বোধন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ মুকলি উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে৷ খানাপাৰৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ ভৱনত 'ভিএফএছ গ্ল'বেল'-এ স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে চাইপ্ৰাছ, ইজিপ্ত, আয়াৰলেণ্ড, জাপান, মাল্টা, মৰক্কো আৰু যুক্তৰাজ্যৰ ভিছাৰ বাবে আবেদন কৰিব পাৰিব৷ উল্লখ্য যে এই কেন্দ্ৰত শ্বেনগেন ভিছা আবেদনৰো সুবিধা থাকিব আৰু এই ভিছা লাভ কৰা লোকে ইউৰোপৰ ২৯ দেশ ভ্ৰমণ কৰিব পাৰিব৷ এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সেৱাৰ সুবিধা সহজে উপলব্ধ কৰাব আৰু বিশ্বৰ বহু দেশক উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চপাই আনিব৷
Read More
ভগদত্ত উৰণ সেতুৰ তলত সেউজ প্ৰাচীৰ মুকলি

ভগদত্ত উৰণ সেতুৰ তলত সেউজ প্ৰাচীৰ মুকলি

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ দিছপুৰস্থিত ভগদত্ত উৰণ সেতু-১ৰ তলত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা সেউজ প্ৰাচীৰ উদ্বোধন কৰে৷ গুৱাহাটী পৌৰ নিগমে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যক্ৰমৰ অধীনত গুৱাহাটীত ৩৪.৮২ কোটি টকা ব্যয়সাপেক্ষ সেউজ প্ৰাচীৰ প্ৰকল্পটো ৰূপায়ণ কৰিছে। এই প্ৰকল্পৰ প্ৰথমখন ভাৰ্টিকেল গাৰ্ডেন মুকলি কৰে ।গুৱাহাটীৰ বিভিন্ন উৰণ সেতুৰ তলৰ ২০টা স্থানত এনে সেউজ প্ৰাচীৰ গঢ়ি তোলা হ'ব৷
Read More
পুতলা নাটৰ জৰিয়তে স্বচ্ছতাৰ বাৰ্তা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত সুৰজিৎ একাডেমীৰ প্ৰদৰ্শন

পুতলা নাটৰ জৰিয়তে স্বচ্ছতাৰ বাৰ্তা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত সুৰজিৎ একাডেমীৰ প্ৰদৰ্শন

স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি সুৰজিৎ একাডেমীৰ উদ্যোগত ‘স্বচ্ছতা হি সেৱা’ বিষয়ক দুখন পুতলা নাট সফলতাৰে মঞ্চস্থ কৰা হয়। ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰপ্ৰাপ্ত শিল্পী বিনীতা দেৱীৰ পৰিচালনাত আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ জ্যেষ্ঠ ফেল’শ্বিপপ্ৰাপ্ত সীমান্ত শৰ্মাৰ সামগ্ৰিক পৰিকল্পনাত অনুষ্ঠিত এই পুতলা নাট প্ৰদৰ্শনে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ উৎসাহ আৰু আনন্দৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ‘স্বচ্ছতা হি সেৱা ২০২৬’ অভিযানৰ অংশ হিচাপে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত পুতলা নাট প্ৰদৰ্শনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক…
Read More
গ্ৰাহকৰ সংখ্যা ১ মিলিয়ন অতিক্ৰম কৰাৰ সময়ছোৱাত পৰিয়ালকেন্দ্ৰিক ইভি বাহনৰ প্ৰচাৰৰ জৰিয়তে উৎসৱৰ সময়ছোৱাৰ চাহিদা পূৰণৰ লক্ষ্য টিভিএছ আইকিউবৰ

গ্ৰাহকৰ সংখ্যা ১ মিলিয়ন অতিক্ৰম কৰাৰ সময়ছোৱাত পৰিয়ালকেন্দ্ৰিক ইভি বাহনৰ প্ৰচাৰৰ জৰিয়তে উৎসৱৰ সময়ছোৱাৰ চাহিদা পূৰণৰ লক্ষ্য টিভিএছ আইকিউবৰ

টিভিএছ আইকিউবে সমগ্ৰ দেশত ১ মিলিয়নতকৈও অধিক গ্ৰাহকৰ ভেটি গঢ়ি তোলাৰ সময়ছোৱাত ফেষ্টিভ ছিজনৰ বাবে নিজৰ নতুন প্ৰচাৰ অভিযান ইভি য়ানি আইকিউব আৰম্ভ কৰিছে। এই প্ৰচাৰ অভিযানে ভাৰতীয় পৰিয়ালসমূহৰ মাজত এই বৈদ্যুতিক স্কুটাৰখনৰ ব্যৱহাৰিকতা আৰু আকৰ্ষণৰ ওপৰত আলোকপাত কৰিছে।ডেণ্টছুৰ দ্বাৰা পৰিকল্পিত এই প্ৰচাৰমূলক চুটি ছবিখনত এটি কণমানি ল’ৰাই নিজৰ মাক-দেউতাকক কৰা ধেমেলীয়া প্ৰশ্নৰ জৰিয়তে দেখুওৱা হৈছে। এই চুটি ছবিখনত এই ইলেক্ট্ৰিক স্কুটাৰখন কেনেকৈ দৈনন্দিন পৰিয়ালৰ জীৱনৰ সৈতে খাপ খাই পৰে তাক সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। ইয়াত পৰিয়ালৰ ফুৰা-চকা, আন্তঃনগৰ ভ্ৰমণ আৰু ক্ৰিকেট কিট কঢ়িয়াই নিয়া আদিকে ধৰি পৰিচিত পৰিস্থিতিৰ জৰিয়তে স্মাৰ্ট হিল হোল্ড, কোম্পানীয়ে দাবী কৰা ২১২ কিলোমিটাৰ আইডিচি ৰেঞ্জ…
Read More