Blog

শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ঐতিহ্য মহোৎসৱ উদযাপন

শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ঐতিহ্য মহোৎসৱ উদযাপন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত আৰু আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে ‘বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱ - ২০২৬’ উদযাপন কৰা হয় । উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত মহোৎসৱৰ মূল উদ্দেশ্য আছিল নৱ প্ৰজন্মক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে জানিবলৈ আৰু তাক সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰা। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী যতীন গোস্বামীয়ে ভাগ লৈ ভাষণ প্ৰসংগত পৰম্পৰাগত জ্ঞান, ঐতিহ্য আৰু সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিপাৰ সৈতে চিনাকি কৰাই দিয়াত এনে প্ৰতিযোগিতা আৰু সাংস্কৃতিক পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ উল্লেখ কৰে।…
Read More
জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিলে উইণ্ডচৰ ইণ্ডালজ সংস্কৰণ

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিলে উইণ্ডচৰ ইণ্ডালজ সংস্কৰণ

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ ইলেক্ট্ৰিক বাহনৰ পৰ্টফলিঅ’ত প্ৰিমিয়াম ষ্টাইল আৰু পিছৰ আসনৰ উন্নত আৰামদায়ক ব্যৱস্থা সংযোগ কৰি ১৭,৯৯,৮০০ টকাৰ এক্স-শ্ব’ৰুম মূল্যত এমজি উইণ্ডচৰ ইণ্ডালজ সংস্কৰণ মুকলি কৰিছে।এই বিশেষ সংস্কৰণটোত এটা ৩৮-কিল’ৱাট আৱাৰ বেটাৰী পেক ব্যৱহাৰ কৰা হৈছে, যিয়ে ১০০ কিল’ৱাট (১৩৬ পিএছ) শক্তি আৰু ২০০ এনএম টৰ্ক উৎপাদন কৰে। বাহনখনৰ চাৰ্টিফাইড ৰেঞ্জ হৈছে ৩৩২ কিলোমিটাৰ।উইণ্ডচৰ ইণ্ডালজ সংস্কৰণত কেইবাটাও নতুনত্ব সন্নিৱিষ্ট কৰা হৈছে।বাহনখনত এটা শ্বেড’ গ’ল্ড বডী আৰু কনষ্টাৰ্টিং ব্লেক ৰুফৰ সৈতে এটা ডুৱেল-ট’ন ৰূপ দিয়া হৈছে। ইয়াৰ উপৰি ক’লা ৰঙৰ আউটচাইড ৰিয়েৰ-ভিউ মিৰৰ, ১৮ ইঞ্চিতকৈ ডাঙৰ ব্লেক এলয় হুইল আৰু চি-পিলাৰত বিশেষ বেজ ব্যৱহাৰ কৰা হৈছে। বাহনখনৰ ভিতৰৰ ভাগত…
Read More
আছুৰ উদ্যোগত ৩,০৬৫ পৃষ্ঠাৰ সাঁচিপাত ডিজিটেল ৰূপত সংৰক্ষণ

আছুৰ উদ্যোগত ৩,০৬৫ পৃষ্ঠাৰ সাঁচিপাত ডিজিটেল ৰূপত সংৰক্ষণ

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগতনন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰ্থ সামাজিক ন্যাসৰ সহযোগত মধুপুৰ সত্ৰৰ ঐতিহাসিক পুথি সাঁচিপাত ডিজিটেল সংৰক্ষণ।সত্ৰখনৰ ৪৪ খন পুথি ৩,০৬৫ পৃষ্ঠা সাঁচিপাত আমি ডিজিটেল ৰূপত সংৰক্ষণ সম্পন্ন কৰা হয়।‌DIGITISING ASSAM ৰ উদ্যোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।www.assamarchive.org ৰ বিশেষ ৱেবচাইটত এই সমল উপলব্ধ হ'ব। সংবাদ মেলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য,সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক সমীৰণ ফুকন, নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,মধুপুৰ সত্ৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত |
Read More
নিশা ১০ বজাৰ পাছত মাইক-ছাউণ্ড বজোৱাত নিষেধাজ্ঞা, পূজা মণ্ডপত চিচি কেমেৰা বাধ্যতামূলক

নিশা ১০ বজাৰ পাছত মাইক-ছাউণ্ড বজোৱাত নিষেধাজ্ঞা, পূজা মণ্ডপত চিচি কেমেৰা বাধ্যতামূলক

আগন্তুক শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে সকলো পূজা কমিটিৰ বাবে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মহানগৰীৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু সাধাৰণ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ নিৰ্দেশনা অনুসৰি, নিশা ১০ বজাৰ পাছত কোনো পূজা মণ্ডপতে উচ্চ শব্দত মাইক বা ছাউণ্ড চিষ্টেম বজাব নোৱাৰিব। শব্দ প্ৰদূষণ ৰোধ কৰাৰ লগতে স্থানীয় বাসিন্দাসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। নিয়ম উলংঘা কৰা পূজা কমিটিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি আৰক্ষীয়ে সকীয়াই দিছে। কেৱল মাইকৰ ক্ষেত্ৰতে নহয়, পূজা কমিটিসমূহৰ বাবে আৰক্ষীয়ে বহু কেইটা নীতি-নিয়ম বান্ধি দিছে। প্ৰতিখন…
Read More
অসমৰ ৪০ টা ছবিগৃহত একেলগে মুক্তি পাব “ৰাইজিং চান”

অসমৰ ৪০ টা ছবিগৃহত একেলগে মুক্তি পাব “ৰাইজিং চান”

২৩ অক্টোবৰত ছবি গৃহলৈ আহিব "ৰাইজিং চান" নামৰ অসমীয়া চলচ্চিত্ৰ।‌অসমৰ প্ৰায় ৪০টাকৈ ছবি গৃহত মুকলি পাব ছবি খনে।ৰাজ্যৰ লাখ লাখ দিব্যাংগ লোকৰ সমস্যাক লৈ নিৰ্মাণ কৰা হৈছেRISING SUNৰ। বুধবাৰে বেলতলা মেট্ৰিক্স চিনেমা হ’লত প্ৰদৰ্শন ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠানত উপস্থিত প্ৰাক্তন সমাজকল্যাণ বিভাগৰ মন্ত্ৰী তথা বিপিএফৰ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে।ছবিখনতৰাজ্যৰ প্ৰায় সংখ্যক দিব্যাংগ লোকৰ সমস্যা আৰু চৰকাৰৰ মাজত হোৱা সংঘাতৰ কথা ছবিখনে স্পষ্ট কৰিছে। উল্লেখ্য যে পূৰ্ন্যদৈৰ্ঘৰ ছবিখনৰ কাহিনী আৰু পৰিচালনা মনোজ বৈশ্য আৰু প্ৰযোজনা কৰিছে নৃপেন মালাকাৰে।‌
Read More
গীতা নগৰ থানাৰ গৃহ প্ৰৱেশত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ

গীতা নগৰ থানাৰ গৃহ প্ৰৱেশত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ

নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত গীতা নগৰ আৰক্ষী থানাৰ গৃহ প্ৰৱেশ অনুষ্ঠান আজি সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউ গুৱাহাটী সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা।​অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক শৰ্মাই গীতা নগৰ আৰক্ষী থানাৰ সেৱাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আৰম্ভণিৰে পৰাই এই থানখনে অঞ্চলটোত আইনী ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে ৰাইজৰ সুৰক্ষা আৰু শান্তি-শৃংখলা বজায় ৰখাৰ ক্ষেত্ৰত অতি সুদক্ষ আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছে। বৰ্তমান গুৱাহাটী দূৰদৰ্শন পৰিসৰত এই নতুন গৃহটি ভাৰা ঘৰ হিচাপে লৈ কাৰ্যালয়ৰ কাম-কাজ চলোৱা হৈছে যদিও, অনাগত দিনত গীতা নগৰ আৰক্ষী থানাই নিজা স্থায়ী ঠিকনা আৰু স্থায়ী গৃহ লাভ কৰিব বুলি…
Read More
ফাষ্ট ট্ৰেক আদালতত সশৰীৰে হাজিৰ অমৃতপ্ৰভা মহন্ত

ফাষ্ট ট্ৰেক আদালতত সশৰীৰে হাজিৰ অমৃতপ্ৰভা মহন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত আজি সোঁশৰীৰে ফাষ্ট ট্ৰেক আদালতত হাজিৰ হয় । ইমান দিনে চলি অহা বিচাৰ প্ৰক্ৰিয়াত অভিযুক্ত অমৃতপ্ৰভা মহন্তই কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ হৈ আহিছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিন লাভ কৰি কালি হাফলং উপ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত অমৃতপ্ৰভা মহন্তক আজি সোঁশৰীৰে উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছবি পৰিচালক ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সাক্ষ্য প্ৰদান…
Read More
টিভিএছ মটৰে এলইডি লাইটৰ সৈতে মুকলি কৰিলে নতুন ৰেডিঅ’ন, ৬৭,১০০ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ

টিভিএছ মটৰে এলইডি লাইটৰ সৈতে মুকলি কৰিলে নতুন ৰেডিঅ’ন, ৬৭,১০০ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ

টিভিএছ মটৰ কোম্পানীয়ে ফেষ্টিভ ছিজনৰ পূৰ্বে যুৱ প্ৰজন্মৰ আৰোহীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে মঙলবাৰে কমিউটাৰ মটৰচাইকেল ৰেডিঅ’নৰ এটা নতুন সংস্কৰণ উন্মোচন কৰিছে। ইয়াত উন্নীত কৰা ষ্টাইল, এলইডি লাইটিং আৰু ডাইনেমিক গ্ৰাফিক্স অন্তৰ্ভুক্ত কৰা হৈছে।নতুন টিভিএছ ৰেডিঅ’নত চিগনেশ্বাৰ লাইটৰ সৈতে সম্পূৰ্ণ এলইডি হেডলেম্প, এলইডি টাৰ্ন ইণ্ডিকেটৰ আৰু থ্ৰী-ডি টানেল ইফেক্টযুক্ত এটা নতুন ডিজাইনৰ এলইডি টেইল লেম্প আছে। মটৰচাইকেলখনৰ ফুৱেল টেংক, চাইড পেনেল আৰু ৰিয়াৰ কাউলত কৰা ৰূপান্তৰে ইয়াক অধিক সমসাময়িক বা আধুনিক ৰূপ প্ৰদান কৰিছে।কোম্পানীটোৱে ডিজাইনৰ এই পৰিৱৰ্তনসমূহৰ পিছতো এই মডেলটোৰ নিজৰ শ্ৰেণীত আটাইতকৈ দীঘল আসন আৰু ৰিয়েল-টাইম মাইলেজ ইণ্ডিকেটৰযুক্ত ৰিভাৰ্চ এলচিডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো অপৰিৱৰ্তিত ৰাখিছে। টিভিএছ মটৰে জনোৱা অনুসৰি বজাৰত মুকলিৰ…
Read More
ৰামলীলা ময়দানত প্ৰতিদিনৰ বুকিং মাচুল ১.২ লাখ টকা

ৰামলীলা ময়দানত প্ৰতিদিনৰ বুকিং মাচুল ১.২ লাখ টকা

দিল্লী আৰক্ষীৰ নতুন নিৰ্দেশনা অনুসৰি যন্তৰ মন্তৰৰ পৰিৱৰ্তে ৰামলীলা ময়দানক ধৰ্ণা আৰু প্ৰতিবাদৰ নতুন স্থলী হিচাপে চিহ্নিত কৰা হৈছে। কিন্তু এই নিৰ্দেশনাৰ পিছতেই বিভিন্ন প্ৰতিবাদী সংগঠন আৰু সচেতন নাগৰিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰাটো প্ৰতিবাদীসকলৰ বাবে অত্যন্ত ব্যয়বহুল আৰু কঠিন হৈ পৰিছে। পৌৰ নিগমৰ তথ্য অনুসৰি, ৰামলীলা ময়দান বুকিং কৰাৰ বাবে প্ৰতিদিনে ৫০,০০০ টকা মাচুল আৰু ৫৫,০০০ টকাৰ ছিকিউৰিটি ডিপ’জিট দিব লাগিব। কৰ-কাটোল ধৰি এদিনীয়া কাৰ্যসূচীৰ বাবে বুকিং খৰচ প্ৰায় ১.২১ লাখ টকালৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে যন্তৰ মন্তৰত প্ৰতিবাদৰ বাবে এনেধৰণৰ কোনো মাচুল দিবলগীয়া হোৱা নাছিল। ১২ একৰ জুৰি বিস্তৃত…
Read More
মধ্য আকাশত হঠাতে চাঞ্চল্য; এয়াৰ ইণ্ডিয়াৰ বিমানত হাইজেক সংকেতৰ পিছতে জয়পুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ

মধ্য আকাশত হঠাতে চাঞ্চল্য; এয়াৰ ইণ্ডিয়াৰ বিমানত হাইজেক সংকেতৰ পিছতে জয়পুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ

মাজ আকাশত হঠাতে সৃষ্টি হোৱা এক নিৰাপত্তাজনিত ভাবুকিৰ পিছতে জাৰ্মানীৰ ফ্ৰাংকফৰ্টৰ পৰা নতুন দিল্লী অভিমুখে আহি থকা এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানক জৰুৰীভাৱে জয়পুৰলৈ ডাইভাৰ্ট কৰা হয়। বুধবাৰে বিয়লি বোয়িং ৭৮৭-৯ বিমানখন জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱাৰ পিছতে এক বিশেষ আইচলেচন বে'লৈ লৈ যোৱা হয়। এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে এয়াৰপ’ৰ্ট কৰ্তৃপক্ষ আৰু চোৰাংচোৱা সংস্থাসমূহৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সংবাদ সংস্থা পিটিআইৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এআই-২০৩০ নম্বৰৰ বিমানখন মুম্বাই বিমান তথ্য অঞ্চলৰ ওপৰেৰে উৰি থকাৰ সময়তে পাইলটে 'স্কোৱাক ক’ড ৭৫০০' সক্ৰিয় কৰে। আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি এই বিশেষ ট্ৰান্সপণ্ডাৰ ক’ডটোৱে বিমান অপহৰণ বা কোনো অবৈধ হস্তক্ষেপৰ সংকেত বহন…
Read More