মণিপুৰ

মণিপুৰত অমিত শ্বাহৰ সকিয়নীৰ পিছতে ১৪০টাকৈ অস্ত্ৰ সম্বৰণ

মণিপুৰত অমিত শ্বাহৰ সকিয়নীৰ পিছতে ১৪০টাকৈ অস্ত্ৰ সম্বৰণ

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য ভ্ৰমণৰ সময়ত কঠোৰ সতৰ্কবাণী জাৰি কৰাৰ পাছত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন স্থানত ১৪০টাকৈ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰা হৈছে বুলি মণিপুৰ আৰক্ষীয়ে উল্লেখ কৰিছে। আত্মসমৰ্পণ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে এছ এল আৰ ২৯, কাৰ্বাইন, এ কে, ইনছাছ ৰাইফল, ইনছাছ এল এম জি, .৩০৩ ৰাইফল, ৯ এম এম পিষ্টল, .৩২ পিষ্টল, এম ১৬ ৰাইফল, ধোঁৱা গান আৰু কন্দুৱা গেছ, স্থানীয় নিৰ্মিত পিষ্টল, ষ্টেন গান, মডিফাইড ৰাইফল, জে ভি পি আৰু… এটা গ্ৰেনেড লঞ্চাৰ বুলি মণিপুৰ আৰক্ষীয়ে জনায়। চাৰিদিনীয়া মণিপুৰ ভ্ৰমণৰ অন্তিম দিনা অমিত শ্বাহে সংবাদমেল সম্বোধন কৰি ৰাজ্যত শান্তি নিশ্চিত কৰাৰ স্বাৰ্থত দুষ্কৃতিকাৰীক অস্ত্ৰ-শস্ত্ৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিবলৈ…
Read More
মণিপুৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩ গৰাকী শিক্ষাৰ্থী আহত…

মণিপুৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩ গৰাকী শিক্ষাৰ্থী আহত…

মণিপুৰৰ উখৰুল জিলাত মঙলবাৰে চালকে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ বাগৰি পৰাত এক ডজন কলেজীয়া ছাত্ৰ সামান্য আহত হয় বুলি আৰক্ষীয়ে জনায়। আৰক্ষীক জনোৱা মতে, উখৰুলৰ খৰাৰফুং অঞ্চলত পুৱা ১০.২০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। উখৰুল চহৰ আৰু সোমছাইৰ ওচৰৰ মেইজালুং অঞ্চলৰ পেটিগ্ৰু কলেজ কেম্পাছৰ মাজত চলাচল কৰে এই বাছখন। আহত ১৩ জন কলেজীয়া ছাত্ৰ আৰু এজন হেণ্ডিমেনক চিকিৎসাৰ বাবে ওচৰৰ লেইশ্বুং খ্ৰীষ্টান হাস্পতাললৈ লৈ যোৱা হয়। উখৰুল জিলাৰ এজন আৰক্ষী বিষয়াই কয়, ‘এতিয়া অধিকাংশ ছাত্ৰ-ছাত্ৰীক ডিচচাৰ্জ দিয়া হৈছে। ঙাইংগা গাঁৱৰ থেমবয় মুইনাও নামৰ আহত হেণ্ডিমেনজনকো প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু পিছত শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ অভিযোগত ইম্ফল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More
মণিপুৰত IED বিস্ফোৰণত শ্বহীদ অসম ৰাইফলছৰ জোৱান

মণিপুৰত IED বিস্ফোৰণত শ্বহীদ অসম ৰাইফলছৰ জোৱান

বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত দুটা শক্তিশালী ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ ফলত এজন অসম ৰাইফলছৰ জোৱান শ্বহীদ হয় আৰু আন এজন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অসম ৰাইফলছৰ ১৬ বেটেলিয়ানৰ জোৱানসকলে পাহাৰীয়া অঞ্চলটোত তহল দি থকাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত অসম ৰাইফলছৰ জোৱান এল ৱাংচুৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে আহত জোৱান জনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে লিলং য়ুমখাইবাম এণ্টাছ খানৰ স্থানীয় বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখ্য যে, বুধবাৰৰ ঘটনাটো মণিপুৰত…
Read More
মণিপুৰত অসম ৰাইফলচৰ জোৱান শ্বহীদ

মণিপুৰত অসম ৰাইফলচৰ জোৱান শ্বহীদ

ষ্টাফৰিপৰ্টাৰ, মণিপুৰত অসম ৰাইফলচৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণত শ্বহীদ হ'ল অসমৰ এজন জোৱান।বজালীৰ ঘটবৰ সাদেৰীৰ জোৱানজনৰ নাম হ'ল প্ৰণয় কলিতা। ২০০২ চনত অসম ৰাইফলচত নিযুক্তি পাইছিল প্ৰণয় কলিতাই। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা শিশু সহ পত্নীক ত এৰি যায়।উল্লেখযোগ্য ,মণিপুৰৰ চান্দেলত সংঘটিত হয় এই ঘটনা। মণিপুৰৰ চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত কৰা কূটাঘাতমূলক বিস্ফোৰণত আছাম ৰাইফলছ্‌ৰ জোৱান প্ৰণয় কলিতাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ কৰে। ৰাজ্যিক মৰ্যাদাৰে আছাম ৰাইফলছ্‌ৰ জোৱান প্ৰণয় কলিতাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ দিয়ে।
Read More