মণিপুৰত বৃহৎ প্ৰতিবাদী সমদল

মণিপুৰত বন্ধৰ মাজতে দেওবাৰে নিশা কেইবাটাও অঞ্চলত বৃহৎ প্ৰতিবাদ হয়। ইম্ফল পূবৰ কইৰেংগী, ইম্ফল পশ্চিমৰ উৰিপক, আৰু কাকচিং জিলাত অগ্নিশিখা ৰেলী উলিয়ায়। ইয়াৰ মাজতে কাকচিংত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষও হয়।

নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ, ষ্টন গ্ৰেনেডৰ সহায়ত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিছিল। প্ৰতিবাদকাৰীসকলেও শিলগুটি নিক্ষেপ কৰে। এই সংঘৰ্ষত আহত কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

৬ এপ্ৰিলত ট্ৰংলাওবি আৱাং লেইকাইৰ এটা ঘৰত বোমা বিস্ফোৰণত দুটা শিশুৰ মৃত্যু হৈছিল। তেওঁলোকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড একচন ফৰ্চ (আৰ এ এফ) মোতায়েন কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *