আইচিআইচিআই লাইফ ইঞ্চুৰেন্স লিমিটেডে ‘নাৰীশক্তি’ আঁচনিৰ দ্বিতীয় বাৰ্ষিকী আৰু নৱৰাত্ৰিৰ পৱিত্ৰ ক্ষণৰ সৈতে সংগতি ৰাখি ২০২৭ বিত্তীয় বৰ্ষৰ শেষৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষত ২০,০০০ মহিলা উপদেষ্টা নিযুক্তিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে।
২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে কোম্পানীটোৰ অধীনত ৭৮,০০০তকৈও অধিক মহিলা উপদেষ্টা আছিল। লক্ষণীয়ভাৱে, মুঠ উপদেষ্টাৰ প্ৰায় ৩২% মহিলা হোৱা স্বত্বেও কোম্পানীৰ এজেঞ্চী ব্যৱসায়লৈ মহিলাসকলৰ অৱদান আছিল প্ৰায় ৪৫%হে। আনহাতে বেংগালুৰু, কেৰেলা আৰু মুম্বাইত এই মহিলা উপদেষ্টাসকলৰ ব্যৱসায়িক অৱদান ইতিমধ্যে ৫০% অতিক্ৰম কৰিছে। ইয়াৰ উপৰিও, কোম্পানীটোৰ প্ৰায় ৪৭% মহিলা উপদেষ্টা বিগত ১০ বছৰতকৈও অধিক সময় ধৰি এই ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে।
আইচিআইচিআই লাইফ ইঞ্চুৰেন্স লিমিটেডৰ মুখ্য বিতৰণ বিষয়া আমিষ বেংকাৰে কয় যে, “আমি আইচিআইচিআই লাইফ ইঞ্চুৰেন্সত দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ‘প্ৰতিভাৰ কোনো লিংগ নাই’।” ইয়াৰ লগতে আমিষ বেংকাৰে উল্লেখ কৰে যে, বীমা ব্যৱসায়ৰ ক্ষেত্ৰত গ্ৰাহকৰ প্ৰয়োজনসমূহ বুজি পোৱা, সমস্যা সমাধানৰ ক্ষমতা আৰু সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাসকলৰ থকা দক্ষতাক এক বিশেষ শক্তি হিচাপে অভিহিত কৰে।
লগতে আমিষ বেংকাৰে জানিবলৈ দিয়ে যে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু সহযোগিতাৰ জৰিয়তে মহিলা উপদেষ্টাসকলক সবলীকৰণৰ উদ্দেশ্যে দুবছৰ পূৰ্বে নাৰীশক্তি আঁচনিখন আৰম্ভ কৰা হৈছিল। এই নিযুক্তি অভিযানে অধিক সংখ্যক মহিলাক প্ৰয়োজনীয় দক্ষতাৰে পুষ্ট কৰিব আৰু চৰকাৰৰ ২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা স্বপ্নক বাস্তৱায়িত কৰাত অৰিহণা যোগাব।
২০২৪ চনত আৰম্ভ হোৱা ‘নাৰীশক্তি’ আঁচনিয়ে মহিলাসকলক কোনো আগতীয়া ধন বিনিয়োগ নকৰাকৈয়ে বিত্তীয় পৰিকল্পনাকাৰী হিচাপে কেৰিয়াৰ গঢ়িবলৈ সক্ষম কৰি তুলিছে। এই আঁচনিয়ে কামৰ নমনীয় সময়সূচী প্ৰদান কৰে, যাৰ ফলত মহিলাসকলে পৰিয়ালৰ দায়িত্ব চম্ভালি নিজৰ পেচাদাৰী কেৰিয়াৰ আগবঢ়াই নিব পাৰে আৰু সমান্তৰালভাৱে দেশৰ পৰিয়ালসমূহক সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।
আইচিআইচিআই লাইফ ইঞ্চুৰেন্সে ২০২৭ বিত্তীয় বৰ্ষৰ শেষৰ ফালে নিযুক্তি দিব ২০ হাজাৰ মহিলা উপদেষ্টা
