অশান্ত মণিপুৰ শান্ত হোৱা নাই এতিয়াও। ৰাজ্যখনৰ অন্যতম জনজাতি কুকিসকলৰ বাৰ্ষিক কুট উৎসৱৰ সময়ত মেইটেই বাহিনীয়ে ম’ৰ দখল কৰা, কুকি গাঁৱৰ মহিলাসকলে ঘৰ-বাৰী এৰি পলায়ন কৰি সেনা শিবিৰত আশ্ৰয় লোৱা, আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ আৰু বাহন লুটপাত কৰা, শীঘ্ৰে কেন্দ্ৰীয় হস্তক্ষেপৰ দাবীত ১০ গৰাকী কুকি বিধায়কৰ স্মাৰক-পত্ৰ প্ৰদান, উচটনিমূলক ভিডিঅ’ মুকলি আদি ইটোৰ পিছত সিটো ঘটনাই বৰ্তমানো মণিপুৰত অব্যাহত ৰাখিছে উত্তপ্ত পৰিস্থিতি।

শুকুৰবাৰে পুৱা পশ্চিম ইম্ফলত মণিপুৰৰ স্বঘোষিত ‘সুৰক্ষা সেনা’ মেইটেই লিপুনৰ মুৰব্বী প্ৰমোত সিঙৰ গাড়ীত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। এই আক্ৰমণত তেওঁৰ বাহনখন ক্ষতিগ্ৰস্ত হয় যদিও সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে প্ৰমোত সিঙৰ।

ইফালে মণিপুৰৰ দুই মন্ত্ৰী আৰু ৭ গৰাকী বিজেপি বিধায়ককে ধৰি মুঠ ১০ গৰাকী কুকি বিধায়কে ম’ৰেৰ পৰা মেইটেই বাহিনীক শীঘ্ৰে অপসাৰণ কৰিবলৈ কেন্দ্ৰৰ হস্তক্ষেপৰ দাবী জনাই যৌথ বিবৃতি প্ৰকাশ কৰে। তেওঁলোকৰ দাবী, ‘মণিপুৰ আৰক্ষীৰ কমাণ্ডোৱে কুকি গাঁৱত তালাচীৰ নামত মহিলাক লুণ্ঠন, অত্যাচাৰ, প্ৰহাৰ আৰু যৌন নিৰ্যাতন চলাইছে। বহু মহিলা চিকিৎসালয়ত ভৰ্তি হৈ আছে। হত্যাকাৰী বিচাৰি উলিওৱাৰ নামত এই লুণ্ঠনৰাজ শীঘ্ৰে বন্ধ কৰিব লাগে।’ তেওঁলোকে কয়, চৰকাৰ আৰু ৰাজ্য আৰক্ষীৰ প্ৰতি কুকিসকলৰ অনাস্থা বাঢ়িছে। কেন্দ্ৰই কয় যে কুকি অঞ্চললৈ মেইটেই বাহিনী প্ৰেৰণ নকৰে। গতিকে আক্রমণকাৰী আৰক্ষী বাহিনী শীঘ্রে আঁতৰাই নিৰপেক্ষ কেন্দ্রীয় বাহিনী নিযুক্ত কৰিব লাগে৷

ম’ৰেত তালাচী চলোৱাৰ পিছত আৰক্ষীয়ে কয় যে তাত যুদ্ধবিৰতিত ইউ কে এল এফ আৰু কে এল এ কুকি উগ্ৰপন্থীৰ শিবিৰটো খালী হৈ আছে। বেছিভাগ পুৰুষ গাঁৱৰ বাহিৰত। উগ্ৰপন্থীক খেদি পঠিওৱাত গুলীচালনা কৰাত ম্যানমাৰ অভিমুখে পলায়ন কৰে। উদ্ধাৰ হৈছে উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা কেইবাটাও অস্ত্ৰ-শস্ত্ৰ, গাড়ী, ট্ৰাক।

ইফালে ১ নৱেম্বৰৰ নিশা ইম্ফলৰ মণিপুৰ ৰাইফলছৰ শিবিৰত প্ৰায় ৭০০ লোকে আক্ৰমণ চলাই বহু অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু কেইবাখনো বাহন লুটপাত কৰে। আক্ৰমণকাৰীক বাধা দিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। এই ঘটনাত আহত হয় ৩ চি আৰ পি জোৱান। কুকিসকলে দাবী কৰে যে সেই সকলোবোৰ বাহনত সশস্ত্ৰ বাহিনী ম’ৰৰ ফালে অহা দেখা গৈছিল।

টেঙনাওপাল জিলাৰ কুকি সংগঠনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি আৰম্বাই টেংগল আৰু মেইটেই লিপুনে আৰক্ষীৰ পোছাক পৰিধান কৰি আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ লৈ আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ দাবী, ‘এছডিপিঅ’ চি আনন্দ কুমাৰৰ স্নাইপাৰৰ গুলীত মৃত্যু হোৱাৰ মিছা অভিযোগ উত্থাপন হৈছে। আচল কাৰণটো বেলেগ। ইষ্টাৰ্ণ শ্বাইন স্কুলৰ চৌহদত আৰক্ষীয়ে হেলিপেড নিৰ্মাণৰ চেষ্টা চলাইছিল যদিও অঞ্চলটো সীমান্তৰ বহু ওচৰত বি এছ এফে হস্তক্ষেপ কৰে। আৰক্ষী আৰু বি এছ এফৰ মাজত হোৱা সংঘৰ্ষৰ পিছত ইজনে সিজনৰ ওপৰত গুলীচালনা কৰে।” স্মাৰকপত্ৰখনত লগতে কোৱা হৈছে যে, ‘এনে অৰাজক, আইনহীন চৰকাৰৰ অধীনত জীয়াই থকাটো সম্ভৱ নহয়। কুকি সকলৰ জীৱন আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ সুকীয়া প্ৰশাসন ঘোষণা কৰিব লাগে। কেন্দ্ৰৰ হস্তক্ষেপত মেইটেই বাহিনী প্ৰত্যাহাৰ হওক।

আজি অসম ৰাইফলছৰ আই জি সন্মিলনত ভাষণ দি ডি জি লেফটেনেণ্ট জেনেৰেল পি চি নাইৰে মণিপুৰৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি কয় যে মণিপুৰৰ এই অশান্ত পৰিস্থিতিত ভাৰত-ম্যানমাৰ সীমান্তৰ নিৰাপত্তা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। অসম ৰাইফলছে যিদৰে নিৰপেক্ষ ভূমিকা লৈ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে সেয়া প্ৰশংসনীয়।