কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ঘোষণা; আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ শীৰ্ষ সন্মান

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ মুৰব্বী তথা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড০ পাৰ্থ সাৰথি মহন্তলৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সন্মানীয় ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬’। উগ্ৰপন্থী বিৰোধী অভিযান আৰু ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক সফলতাৰ বাবে দেশৰ শীৰ্ষ নিৰাপত্তা পদকেৰে বিভূষিত কৰা হয় আৰক্ষী বিষয়াজনক।

গৃহ মন্ত্ৰালয়ে সদৰী কৰা মতে, যোৱা ৩১ অক্টোবৰত দেশজুৰি ঘোষিত মুঠ ৪৯০ গৰাকী আৰক্ষী বিষয়া-জোৱানৰ তালিকাত অসমৰ ১৯ গৰাকী আৰক্ষী বিষয়াই এই সন্মান লাভ কৰে। আৰক্ষী মহা-পৰিদৰ্শক পদমৰ্যাদাৰ বিষয়া পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা বিশেষ টাস্ক ফ’ৰ্চে আইছিছ, জেহাদী সংগঠন, মাওবাদী আৰু আলফা স্বাধীনৰ সৈতে জড়িত ২১ জন লোকক কৰায়ত্ত কৰে।

বিশেষকৈ ২০২৪ চনৰ মাৰ্চ মাহত ধুবুৰীৰ পৰা আইছিছৰ ভাৰতীয় মুৰব্বী হিচাপে সন্দেহ কৰা হাৰিছ আজমল ফাৰুকী আৰু সহযোগী অনুৰাগ সিঙক কৰায়ত্ত কৰাটো আছিল এই শাখাৰ অন্যতম বৃহৎ সফলতা। ইয়াৰ উপৰিও বাংলাদেশভিত্তিক আনছাৰুল্লাহ বাংলা টিমৰ নেটৱৰ্ক ধ্বংস আৰু পাকিস্তানৰ লগত জড়িত ‘অপাৰেচন ঘষ্ট ছিম’ ফাদিল কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁৰ নেতৃত্বাধীন দলে।

ড্ৰাগছ বিৰোধী অভিযানতো পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত বিশেষ টাস্ক ফ’ৰ্চে ব্যাপক সফলতা লাভ কৰিছে। ২৫৪ টা সুকীয়া অভিযানৰ জৰিয়তে ৫৯ কেজিৰো অধিক হেৰ’ইন, ৯.৬৭ লাখ নিচাজাতীয় টেবলেট, ৩৭ হাজাৰ বটল ফেঞ্চেডিল আৰু চাৰি টন গাঞ্জা জব্দ কৰাৰ লগতে ৪৮২ জন সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয়।

আৰক্ষী সেৱাৰ সমান্তৰালকৈ চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখক হিচাপেও সুপৰিচিত পাৰ্থ সাৰথি মহন্ত। তেওঁ নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘হাড়গিলা’ই ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ উল্লেখ লাভ কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *