সোমবাৰে দুপৰীয়া মণিপুৰৰ উখৰুল জিলাত সন্দেহযুক্ত জংগীয়ে অসম ৰাইফলছৰ এটা টহল দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱাত ২ জন অসম ৰাইফলছৰ জোৱান নিহত আৰু কেইবাজনো আহত হয়।
প্ৰতিৰক্ষা সূত্ৰ মতে, উখৰুল চহৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত নুংছাংকঙত দুপৰীয়া ১.৩০ বজাত এই আক্ৰমণ সংঘটিত হয়। আহত জোৱানসকলক তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আক্ৰমণকাৰীসকলক বিচাৰি নিৰাপত্তা বাহিনীয়ে বৃহৎ প্ৰত্যাক্ৰমণ অভিযান আৰম্ভ কৰিছে। এজন জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়াই কয় যে জংগীসকলক খেদি যোৱা হৈছে আৰু এতিয়াও দুয়োপক্ষৰ মাজত গুলীচালনা চলি আছে।
এই আক্ৰমণৰ নিন্দা কৰি যমুনাম খেমচান্দ সিঙে নিহত জোৱানসকলৰ পৰিয়াললৈ শোক প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে এনে হিংসাত্মক কাৰ্যক সহ্য নকৰে আৰু দোষীসকলক আইন অনুসৰি গ্ৰেপ্তাৰ কৰি শাস্তি দিয়া হ’ব।
ৰাজ্যৰ গৃহমন্ত্ৰী গোবিন্দাছ কোনথৌজামেও এই মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি কয় যে এনে আক্ৰমণে হিংসাগ্ৰস্ত ৰাজ্যখনত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ প্ৰচেষ্টাক দুৰ্বল কৰে। তেওঁ আইন-শৃংখলা বজাই ৰখা আৰু অপৰাধীসকলক ন্যায়ৰ আওতালৈ অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে।
নাগা-সংখ্যাগৰিষ্ঠ উখৰুল জিলাত চলিত বছৰ ফেব্ৰুৱাৰীৰ পৰা নাগৰিক নিহত, অগ্নিসংযোগ আৰু ৰাস্তা অৱৰোধকে ধৰি কেইবাটাও অশান্তিৰ ঘটনা সংঘটিত হৈছে।
এই ঘটনাৰ পৃথকৈ দেওবাৰে সন্ধিয়া কাংপোকপি জিলাৰ থিংখোজাং গাঁৱত অজ্ঞাত বন্দুকধাৰীয়ে গুলীচালনা কৰাত এজন ৮ বছৰীয়া ছোৱালীকে ধৰি ২ জন নাগৰিক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে ইম্ফলৈ প্ৰেৰণ কৰা হয়।
ইয়াৰ পিছতে কুকি চিএছঅ’ ৱৰ্কিং কমিটী, ছাউথ ৱেষ্ট চাডাৰ হিলছে প্ৰতিবাদ স্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ ত ২৪ ঘণ্টীয়া সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছে।
ইফালে মণিপুৰ চৰকাৰে কিডনীৰ ৰোগ আৰু কৰ্কট ৰোগকে ধৰি দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি থকা ২৬ জন আভ্যন্তৰীণ বিতাড়িত ব্যক্তিক প্ৰতিজনক ১ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই সাহায্য সকাহ দিয়াৰ উদ্দেশ্যে আৰু দীৰ্ঘম্যাদী চিকিৎসাৰ প্ৰয়োজন হোৱা বিতাড়িত লোকসকলক অব্যাহত সমৰ্থনৰ আশ্বাস দিয়ে।
