২০১৯ৰ পৰা লণ্ডন কাৰাগাৰত বন্দী নিৰৱ মোদীক শীঘ্ৰে ভাৰতলৈ অনা হ’ব পাৰে

ভাৰতলৈ প্ৰত্যৰ্পণৰ ক্ষেত্ৰত প্ৰায় সকলো আইনী বাধা আঁতৰিল পলাতক হীৰা ব্যৱসায়ী নিৰৱ মোদীৰ। ইউৰোপীয় মানৱ অধিকাৰ আদালততো শেষ আইনী যুঁজত পৰাজিত হোৱাৰ পিছত এতিয়া তেওঁক ভাৰতলৈ প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া অধিক দ্ৰুত হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে।

সূত্ৰৰ তথ্য অনুসৰি, ইউৰোপীয় মানৱ অধিকাৰ আদালতে নিৰৱ মোদীৰ আবেদন নাকচ কৰাৰ লগে লগে তেওঁৰ হাতত থকা সকলো আইনী পথ প্ৰায় বন্ধ হৈ পৰিছে। এতিয়া কেৱল কেইটামান প্ৰশাসনিক আনুষ্ঠানিকতা সম্পূৰ্ণ হ’লেই যুক্তৰাজ্য চৰকাৰে প্ৰত্যৰ্পণ প্ৰক্ৰিয়া আগবঢ়াব পাৰিব।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ এপ্ৰিল মাহত যুক্তৰাজ্যৰ উচ্চ ন্যায়ালয়ে প্ৰত্যৰ্পণৰ সিদ্ধান্তক পুনৰ প্ৰত্যাহ্বান জনোৱাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। ভাৰত চৰকাৰে ভাৰতীয় কাৰাগাৰৰ পৰিৱেশ সম্পৰ্কে দিয়া আশ্বাসক সন্তোষজনক বুলি আদালতে মত প্ৰকাশ কৰিছিল। তাৰ পিছতেই ইউৰোপীয় মানৱ অধিকাৰ আদালতৰ কাষ চাপিছিল নিৰৱ মোদী।

আদালতৰ নিয়ম অনুসৰি ষ্ট্ৰাছবুৰ্গস্থিত ইউৰোপীয় মানৱ অধিকাৰ আদালতে এই আবেদন সম্পৰ্কীয় সমগ্ৰ প্ৰক্ৰিয়াটো গোপনে চলাইছিল। এই আদালতে বিচাৰাধীন বিষয়সমূহ সাধাৰণতে ৰাজহুৱা নকৰে।

২০১৯ চনৰ মাৰ্চ মাহৰ পৰা লণ্ডনৰ ৱাণ্ডছৱৰ্থ কাৰাগাৰত বন্দী হৈ আছে নিৰৱ মোদী। পঞ্জাব নেশ্যনেল বেংকৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ কেলেংকাৰি আৰু ধন সৰবৰাহৰ গোচৰত চিবিআই আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে তেওঁৰ বিৰুদ্ধে তদন্ত চলাই আছে।

কূটনৈতিক সূত্ৰসমূহৰ মতে, প্ৰত্যৰ্পণৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দিশত ইতিমধ্যে পদক্ষেপ আৰম্ভ কৰিছে যুক্তৰাজ্যৰ সংশ্লিষ্ট কৰ্তৃপক্ষই। সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছতে নিৰৱ মোদীক ভাৰতলৈ অনা হ’ব পাৰে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *